নেশ্যনেল ডেস্ক, ২৪ জুলাই : দুটাকৈ ব্ৰাজিলিয়ান কোম্পানীৰ সৈতে চুক্তি বাতিল কৰে ক'ভেক্সিনৰ (Covaxin) নিৰ্মাতা ভাৰত বায়'টেকে (Bharat Biotech)। ব্ৰাজিলত ক'ভেক্সিনৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত প্ৰেচিচা মেডিকেমেণ্টোছ (Precisa Medicamentos) আৰু এনভিক্সিয়া ফাৰ্মাচিউটিকেলএলএলচিৰ (Envixia Pharmaceuticals LLC) সৈতে চুক্তি স্বাক্ষৰ হৈছিল ভাৰত বায়'টেকৰ । উল্লেখ্য যে শেহতীয়াকৈ ভাৰত বায়'টেক (Bharat Biotech) আৰু দুয়োটা কোম্পানীৰ মাজত হোৱা চুক্তিক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল । তাৰ পিছতে ভাৰত বায়'টেকে এই সিদ্ধান্ত গ্ৰহণ কৰে ।
শুকুৰবাৰে টুইটযোগে চুক্তি বাতিলৰ কথাটো স্পষ্ট কৰে ক'ভেক্সিন নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে । অৱশ্যে কোম্পানীটোৱে জনোৱা মতে ক'ভেক্সিনৰ (Covaxin) বাবে নিয়ামক অনুমোদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ব্ৰাজিলৰ ঔষধ নিয়ন্ত্ৰক সংস্থা এএনভিছাৰ (ANVISA) সৈতে নিষ্ঠাৰে কাম কৰি যাব । প্ৰতিষ্ঠানটোৱে লগতে কয় যে, প্ৰতিখন দেশত প্ৰযোজ্য আইনী প্ৰয়োজনীয়তা অনুসৰি বিভিন্ন দেশলৈ ভেকচিনৰ (Vaccine) অনুমোদন গ্ৰহণ কৰিছে কোম্পানীটোৱে । উল্লেখ্য যে, বিশ্বব্যাপী যোগান বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতিষ্ঠানটোৰ হায়দৰাবাদস্থিত ফাৰ্মে ব্ৰাজিললৈ ক'ভাক্সিনৰ যোগান ধৰাৰ প্ৰস্তাৱ দিছিল ।
ভাৰত বায়'টেকে (Bharat Biotech) উল্লেখ কৰা মতে ক'ভেক্সিনৰ বিশ্বব্যাপী মূল্য ১৫-২০ আমেৰিকান ডলাৰৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে । সেই অনুসৰি, প্ৰতিটো পালিৰ বাবে ১৫ আমেৰিকান ডলাৰ হাৰত ব্ৰাজিল চৰকাৰক ক'ভাক্সিন আগবঢ়োৱা হৈছে । লগতে কোৱা হৈছে যে কোম্পানীটোৱে ইয়াৰ পৰা কোনো আগতীয়া ধন লাভ কৰা নাই বা ব্ৰাজিলৰ স্বাস্থ্য মন্ত্ৰণালয়ক কোনো ভেকচিন যোগান ধৰা নাই ।
কোম্পানীটোক শেহতীয়াকৈ জনোৱা হৈছে যে কোম্পানীৰ কাৰ্যবাহীসকলৰ দ্বাৰা কাৰ্যকৰী কৰা কিছুমান পত্ৰ অনলাইনত প্ৰচাৰ কৰা হৈছে । কিন্তু কোম্পানীটোৱে দাবী কৰা মতে সেই নথি পত্ৰবোৰ কোম্পানী বা ইয়াৰ কাৰ্যবাহীসকলে জাৰি কৰা নাই আৰু সেয়েহে ইয়াক কঠোৰভাৱে অস্বীকাৰ কৰিছে । ভাৰত বায়'টেকে লগতে কয় যে ভেকচিনৰ বিশ্বব্যাপী লেনদেনকে ধৰি ইয়াৰ সকলো কাম স্থানীয় আইন অনুসৰি কৰা হয় আৰু কোম্পানীয়ে সকলো সময়তে নৈতিকতা, অখণ্ডতা আৰু কমপ্লিয়েন্সৰ সৰ্বোচ্চ মানদণ্ড বজাই ৰাখি কাম কৰে ।
লগতে পঢ়ক :ফোনকল টেপিঙক লৈ ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰত্য়ুত্তৰ বিজেপিৰ মুখপাত্ৰৰ