ETV Bharat / bharat

৫৩৪ বছৰ পূৰ্বে ঘিউৰে নিৰ্মাণ কৰা এটা মন্দিৰ......

author img

By

Published : Feb 25, 2021, 2:25 PM IST

৫৩৪ বছৰ পূৰ্বে থৰ মৰুভূমিত নিৰ্মাণ কৰা জৈন মন্দিৰ । যাক পানীৰে নহয়, ঘিউৰে নিৰ্মাণ কৰা হৈছিল । এই মন্দিৰৰ শিল্প কৰ্ম অতুলনীয় । মন্দিৰ দৰ্শনৰ বাবে অগনণ ভক্তৰ সোঁত বয় ।

প্ৰাচীন মন্দিৰ ভাণ্ডাৰশ্বাহ জৈন মন্দিৰ
প্ৰাচীন মন্দিৰ ভাণ্ডাৰশ্বাহ জৈন মন্দিৰ

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী: ৰাজস্থানৰ পুৰাতত্ত্ব আৰু ঐতিহাসিক স্থাপত্যৰ চহৰ বিকানেৰ ৫৩৪ বছৰ পূৰ্বে ৰাও বিকাজিয়ে নিৰ্মাণ কৰিছিল । এই পাঁচটা শতকত যথেষ্ঠ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰৈছে বিকানেৰ । দেশ-বিদেশৰ দৰ্শনাৰ্থীসকলে বিকানেৰৰ জৈন মন্দিৰ দৰ্শনৰ বাবে অগনণ ভক্তৰ সোঁত বয় । বিকানেৰৰ এটা প্ৰাচীন মন্দিৰ ভাণ্ডাশ্বাহ জৈন মন্দিৰ । বিকানে চহৰ প্ৰতিষ্ঠা কালচোৱাতকৈও দুই দশক পুৰণি ভাণ্ডাশ্বাহ জৈন মন্দিৰ । উল্লেখ্য যে, বিকানেৰক হাজাৰ হেভলিচ চহৰ বুলিও কোৱা হয় । লগতে বিকানেৰৰ মিঠাই আৰু ভুজিয়াৰ সোৱাদৰ বাবে বিশ্বজুৰি বিখ্যাত ।

প্ৰাচীন মন্দিৰ ভাণ্ডাৰশ্বাহ জৈন মন্দিৰ
প্ৰাচীন মন্দিৰ ভাণ্ডাৰশ্বাহ জৈন মন্দিৰ

বিকানেৰৰ প্ৰাচীন মন্দিৰ ভাণ্ডাশ্বাহ জৈন মন্দিৰটো নিৰ্মাণৰ সময়ত পানীৰে নিৰ্মাণ নকৰি ৪০ কুইন্টল দেশী ঘিউৰে নিৰ্মাণ কৰা হৈছিল । ৫৫২ বছৰ পূৰ্বে স্থাপিত জৈন মন্দিৰটো শেঠ ভাণ্ডাশ্বাহে নিৰ্মাণ কৰিছিল । ৪৬ বছৰ ধৰি এই মন্দৰিটোৰ নিৰ্মাণকাৰ্য চলিছিল আৰু ৫০৬ বছৰ পূৰ্বে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল । শুনিবলৈ আঁচৰিত লাগিলেও এয়াই সচা । বিকানেৰ চহৰৰ মন্দিৰত সৰ্বোচ্চ শীৰ্ষত এই মন্দিৰটোৰ শিল্প কৰ্ম অতুলনীয় ।

প্ৰাচীন মন্দিৰ ভাণ্ডাৰশ্বাহ জৈন মন্দিৰ
প্ৰাচীন মন্দিৰ ভাণ্ডাৰশ্বাহ জৈন মন্দিৰ

উল্লেখ্য যে, মন্দিৰটো ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় স্বীকৃতিৰে স্মৃতিস্তম্ভ হিচাপে অন্তৰ্ভুক্ত কৰিছে । গ্ৰীস্মকালত মন্দিৰটোৰ মজিয়া তেলেতীয়া ধৰণৰ মসৃণ হৈ পৰে । মন্দিৰটোৰ এই ঐতিহাসিক স্থাপত্য দেখি দেশ-বিদেশৰ দৰ্শনাৰ্থীসকল বিস্মিত হৈ পৰে । জয়ছালমেৰী হালধীয়া শিল আৰু ইটালিয়ান মাৰ্বলেৰে মন্দিৰটো নিৰ্মাণ কৰাত ইয়াৰ সামগ্ৰিক সৌন্দৰ্য অধিক আকৰ্ষণীয় কৰি তুলিছে ।

প্ৰাচীন মন্দিৰ ভাণ্ডাৰশ্বাহ জৈন মন্দিৰ
প্ৰাচীন মন্দিৰ ভাণ্ডাৰশ্বাহ জৈন মন্দিৰ

প্ৰথমে মন্দিৰটো ৭ মহলাৰে নিৰ্মাণ কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল । দুৰ্ভাগ্যবশতঃ মন্দিৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহওতে শেঠ ভাণ্ডাশ্বাহৰ মৃত্যু হৈছিল । তাৰপাচত ৭ মহলাৰ পৰিৱৰ্তে ৩ মহলাৰে নিৰ্মাণ কৰা হয় । বহু ঐতিহাসিক অট্টালিকা, যুদ্ধ আৰু সমসাময়িক ঘটনাৰ ওপৰত আধাৰিত শিল্পকৰ্মৰ সৈতে মন্দিৰটো নিৰ্মাণ কৰা হয় । মন্দিৰটোৰ উচ্চতা ইমানেই বেছি যে তৃতীয় মহলাৰ পৰা সমগ্ৰ বিকানেৰ চহৰৰ দৃশ্য উপভোগ কৰিব পাৰে দৰ্শনাৰ্থীসকলে ।

লগতে পঢ়ক:পশ্চিমবংগত বিজেপি-তৃণমূল কৰ্মীৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.