নেচনেল ডেস্ক,৫জুলাই:কৰ্ণাটকৰ বাংগালুৰুত তৃতীয় লিংগৰ দুগৰাকী সদস্যই এগৰাকী যুৱতীক ধৰ্ষণৰ পৰা ৰক্ষা কৰে (Transgender saved woman from raped Bengaluru in Karnataka)। ঘটনাটো শনিবাৰে পুৱতি নিশা বাংগালুৰু চহৰখনৰ বিবেকানগৰ অঞ্চলত সংঘটিত হয়। উপ-আৰক্ষী আয়ুক্ত শ্ৰীনিবাস গৌড়াই অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা বুলি সদৰি কৰিছে (DCP Srinivas Gowda speaks about the incident)।
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি,পশ্চিম বংগৰ পৰা উচ্চ অধ্যয়নৰ বাবে অহা যুৱতীগৰাকী বিবেকনগৰত বাস কৰি আছিল। আৰক্ষীয়ে পুনৰ কয় যে পশ্চিম বংগৰ বাসিন্দা মাচুৰাল শ্বেইখ বুলি চিনাক্ত কৰা অভিযুক্তজনে দুদিনৰ পৰা তিনিদিন ধৰি তেওঁৰ ঘৰৰ ওচৰত ঘূৰি ফুৰিছিল । তেওঁ অকলে বাস কৰি থকাটো অভিযুক্তই লক্ষ্য কৰিছিল ।
যোৱা ২ জুলাইত অভিযুক্তজনে পুৱা ৪ বজাত যুৱতীগৰাকীৰ দুৱাৰত টোকৰ মৰাত তেওঁ দুৱাৰখন খোলে । লগে লগে অভিযুক্তজনে যৌন নিৰ্যাতৰ চেষ্টা চলায় । সেই সময়তে একেটা ভৱনৰ আন এটা ফ্লেটত বাস কৰা তৃতীয় লিংগৰ দুগৰাকী সদস্যই তেওঁৰ চিঞৰ শুনিছিল বুলি উপ-আৰক্ষী আয়ুক্ত শ্ৰীনিবাস গৌড়াই লগতে জানিবলৈ দিয়ে । দুয়োগৰাকীয়ে চিঞৰ শুনি যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ দৌৰি গৈছিল । কেবল সিমানেই নহয় অভিযুক্তজনক প্ৰহাৰ কৰাৰ পিছত আৰক্ষীক গতায়ো দিয়ে । পাছত বিবেকানগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি অভিযুক্ত মাচুৰাল খানক গ্ৰেপ্তাৰ কৰা বুলি কয় উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে (Case registered in Vivekanagar police station)।
লগতে পঢ়ক:Thumbnail image বিজেপিয়ে সাম্প্ৰদায়িক বিভাজন কাৰ্যসূচীৰ বাবে ব্যৱহাৰ কৰিছে অপৰাধীক: মেহবুবা