ETV Bharat / bharat

Parents die in road accident: পিতৃ-মাতৃ হেৰুওৱা দুটি শিশুক চিকিৎসালয়ৰ বিল পৰিশোধ কৰাত সহায় ট্ৰেফিক আৰক্ষীৰ - Road accident in Bengaluru

বেংগালুৰুত পথ দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুওৱা (Parents die in road accident) দুটি শিশুক চিকিৎসালয়ৰ বিল পৰিশোধ কৰাত সহায়ৰ হাত আগবঢ়ালে দুজন ট্ৰেফিক আৰক্ষী বিষয়াই ৷

Bengaluru: Parents die in road accident, cops help children clear hospital bills
পিতৃ-মাতৃক হেৰুওৱা দুটা শিশুক চিকিৎসালয়ৰ বিল পৰিশোধ কৰাত সহায় ট্ৰেফিক আৰক্ষীৰ
author img

By

Published : Jul 16, 2022, 1:25 PM IST

নেশ্যনেল ডেস্ক, 16 জুলাই : "মানুহে মানুহৰ বাবে".. সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই কৈ যোৱা কথাষাৰ বৰ্তমানৰ স্বাৰ্থপৰ পৃথিৱীখনতো যেন সঁচা হৈ উঠে.. তাৰেই উদাহৰণ দাঙি ধৰে বেংগালুৰুৰ কেইগৰাকীমান সচেতন ব্যক্তিয়ে ৷ ঘটনা অনুসৰি, বিগত সপ্তাহত বেংগালুৰুৰ ব্যায়তৰায়ণপুৰা অঞ্চলত হোৱা এটা পথ দুৰ্ঘটনাত এহাল স্বামী-স্ত্ৰীৰ মৃত্যু হৈছিল (Parents die in road accident ) ৷ মৃত ব্যক্তি দুগৰাকী বিজয়কলা আৰু তেওঁৰ স্বামী যোগেন্দ্ৰ (৪১) বুলি জানিব পৰা গৈছে ৷

37 বছৰীয়া বিজয়কলাৰ দুৰ্ঘটনাস্থলীতে থিতাতে মৃত্যু হৈছিল (Road accident in Bengaluru) ৷ আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা 41 বছৰীয়া যোগেন্দ্ৰৰ তিনিদিন পিছত নগৰাভৱীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হৈছিল । তাৰ পিছতো যেন বিপদে লগ নেৰিলে বিজয়কলা আৰু যোগেন্দ্ৰৰ পৰিয়ালটোক ৷ কিয়নো পিতৃক সুস্থ কৰিবলৈ চিকিৎসালয় ভৰ্তি কৰোৱাৰ বাবদ হাস্পতালৰ বিল ৫,৭২,০০০ টকা উঠাত মুৰত সৰগ ভাগি পৰে সন্তান দুটাৰ ৷

ফলত উপায়ন্তৰ হৈ পৰে বিজয়কলা আৰু যোগেন্দ্ৰৰ সন্তান ৷ তাৰ পিছতে বেংগালুৰুৰ পশ্চিম সংমণ্ডলৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আয়ুক্ত কুলদীপ কুমাৰ জৈনৰ (Bengaluru West Division Traffic Commissioner Kuldeep Kumar Jain) লগতে বয়তৰায়ণপুৰা যান-বাহন নিয়ন্ত্ৰণ শাখাৰ ( Byatarayanpura Traffic Station) পৰিদৰ্শক ৰূপা হাদাগালী আৰু অন্নপূৰ্ণেশ্বৰী নগৰ আৰক্ষী থানাৰ পৰিদৰ্শক লোহিত নামৰ আৰক্ষীৰ হৃদয়বান লোক কেইগৰাকী আগবাঢ়ি আহি চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে কথা পাতি এই টকাৰ পৰিমাণ হ্ৰাস কৰি বিজয়কলা আৰু যোগেন্দ্ৰৰ দুটা সন্তানক সকাহ দিয়ে (Cops help children clear hospital bills) ৷

লগতে পঢ়ক: Justice UU Lalit on hearing: যদি শিশুহঁতে পুৱা ৭ বজাতে স্কুললৈ যায় তেন্তে ন্যায়ালয়েও গোচৰৰ শুনানি ৯ বজাতে আৰম্ভ কৰিব পাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.