নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: বাংগালুৰুৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । কৰ্ণাটকৰ ৰাজ্যিক পৰ্যটন উন্নয়ন নিগমৰ কেব চালকে মঙলবাৰে বিমানবন্দৰ চৌহদত বাহনৰ ভিতৰত নিজকে অগ্নি সংযোগ কৰে । কেব চালকগৰাকী ৰামনগৰৰ বাসিন্দা প্ৰতাপ (২৬) বুলি জানিব পৰা গৈছে । তেওঁ ভিক্টোৰিয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হয় ।
জানিপ পৰা মতে, কেব চালকগৰাকী বিমানবন্দৰত উপস্থিত হৈ পিকআপ পইণ্টৰ কেই ফুটমান পিছফালে ৰৈ তেওঁৰ বাহনখনৰ ভিতৰত অগ্নি সংযোগ কৰি আত্মহত্যা কৰে । তাৰ পাচত সকলো মিলি তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । শৰীৰৰ প্ৰায় ৯০ শতাংশ জ্বলি গৈছিল কেব চালকগৰাকীৰ ।
সূত্ৰ অনুসৰি, বিগত লক ডাউনৰ পাচৰে পৰা বিত্তীয় সংকটত ভূগি আছিল কেব চালকগৰাকী । তেওঁৰ বাহনৰ ই এম আই পৰিশোধ কৰিব নোৱাৰাৰ ফলত এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে ।
লগতে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি দেৱগৌড়া আৰু পত্নী COVID-১৯ পজিটিভ