ETV Bharat / bharat

পশ্চিমবংগৰ 'মিনি অন্ধ প্ৰদেশ'ৰ লোকসকলৰ মাজত আনন্দ বন্যা - পশ্চিম বংগৰ চৰকাৰে তেলেগু ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা

পশ্চিমবংগৰ চৰকাৰে তেলেগু ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা পিচতেই আনন্দৰ বহিপ্ৰকাশ ঘটিছে ৰাজ্যখনৰ 'মিনি অন্ধ প্ৰদেশ'ৰ লোকসকলৰ মাজত ৷ ইয়াৰ সমান্তৰাল ভাৱে বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত পশ্চিমবংগ চৰকাৰৰ এই ঘোষণাই দল-সংগঠন,সচেতন মহলৰ মাজত ভিন্ন ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

bengals-mini-andhra-pradesh-happy-as-telugu-gets-recognised-as-official-language
পশ্চিম বংগৰ 'মিনি অন্ধ প্ৰদেশ'ৰ লোকসকলৰ মাজত আনন্দ বন্যা
author img

By

Published : Dec 24, 2020, 9:38 AM IST

Updated : Dec 24, 2020, 10:18 AM IST

নিউজ ডেস্ক, 24 ডিচেম্বৰ: পশ্চিম বংগৰ চৰকাৰে তেলেগু ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা পিচতেই আনন্দৰ বহিপ্ৰকাশ ঘটিছে ৰাজ্যখনৰ মিনি অন্ধপ্ৰদেশ'ৰ লোকসকলৰ মাজত ৷ ইয়াৰ সমান্তৰাল ভাৱে বিধান সভা নিৰ্বাচনৰ প্ৰাক ক্ষণত পশ্চিম বংগ চৰকাৰৰ এই ঘোষণাই দল-সংগঠন,সচেতন মহলৰ মাজত ভিন্ন ধৰণে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

এই সন্দৰ্ভত পশ্চিমবংগৰ তেলেগু সংঘৰ সচিব বি ছেথ গিৰি ৰাওৱে কয়, 'আমি অতি আনন্দিত যে ৰাজ্য চৰকাৰে দীৰ্ঘদিনৰ পিছত আমাৰ অনুৰোধৰ প্ৰতি সঁহাৰি দিছে । এই ঘোষণাই আমাৰ মানুহখিনিক চৰকাৰী সুবিধাৰ বাবে সহায় কৰিব ।

'বিপক্ষই ৰাজনীতি কৰিব আৰু ৰাজনীতি কৰাটো স্বাভাৱিক' তেওঁ কয় । কিন্তু তেওঁলোকৰ ৰাজনীতিৰ সৈতে 'মিনি অন্ধপ্ৰদেশ'ৰ লোকসকলৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিয়ে বি ছেথ গিৰি ৰাওৱে ।

ইয়াৰ সমান্তৰালভাৱে টিএমচিৰ বিধায়ক প্ৰদীপ সৰকাৰে কয়, 'তেলেগুক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে মই দীৰ্ঘদিন ধৰি যুঁজ কৰি আহিছো । পশ্চিম বংগৰ চৰকাৰে তেলেগু সকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷

ইফালে, নিৰ্বাচনৰ পূৰ্বে টিএমচি চৰকাৰে নিৰ্বাচনী টোপ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে পশ্চিম বংগৰ বিজেপিৰ উপ-সভাপতি বি সোমাই ৷ খড়গপুৰত তেওঁ কয়, ৰাজনৈতিক উদ্দেশ্য পূৰণ কৰিবৰ বাবে ৰাজ্যৰ তেলেগু সকলক নিজৰ কৰি ল'বলৈ চাৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ লগতে নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰা বিপৰীতে যোৱা 10 বছৰত টিএমচি চৰকাৰে কিয় এই সিদ্ধান্ত গ্ৰহণ নকৰিলে বুলি প্ৰশ্ন কৰে বি সোমাই ৷

উল্লেখ্য যে, পশ্চিমবংগৰ কেবিনেট সভাত মঙলবাৰে তেলেগু ভাষাক ৰাজ্যখনৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছে পশ্চিমবংগ চৰকাৰে ৷ ৰাজ্যখনৰ শিক্ষামন্ত্ৰী পাৰ্থ চেতাৰ্জীয়ে জনায় যে,তেলেগু সম্প্ৰদায়ৰ লোকসকলে দীৰ্ঘদিনৰ পৰাই এই দাবী সাব্যস্ত কৰি আহিছে ৷

অৱশেষত চৰকাৰে খড়গপুৰৰ তেলেগু সম্প্ৰদায়ৰ লোকসকলৰ এই দাবী মানি লৈ তেলেগু ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰে টিএমচি চৰকাৰে৷ ইয়াৰ পূৰ্বে বঙালী আৰু ইংৰাজী, নেপালী, উৰ্দু, চাওতালী,হিন্দী, উড়িয়া,পঞ্জাৱী, ৰাজবংশী,কমতাপুৰী, কুৰ্মালী আৰু কুৰুখ ভাষাক ৰাজ্যখনৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয় ৷

লগতে চাওকঃ পুনৰ 'কা' বিৰোধী প্ৰতিবাদত উত্তাল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ

Last Updated : Dec 24, 2020, 10:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.