ETV Bharat / bharat

Bengal school jobs scam: ইডিৰ কলকাতা কাৰ্যালয়ত উপস্থিত হ’ব টিএমচি সাংসদ অভিষেক বেনাৰ্জী - Bengal school jobs scam update

আজি ইডিৰ কলকাতা কাৰ্যালয়ত হাজিৰ হ’ব টিএমচিৰ সাংসদ অভিষেক বেনাৰ্জী । ইফালে আজি নতুন দিল্লীত অনুষ্ঠিত হ’ব I.N.D.I.A. মিত্ৰজোঁটৰ সমন্বয় সমিতিৰ বৈঠক ৷

Bengal school jobs scam
টিএমচি সাংসদ অভিষেক বেনাৰ্জী
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 2:14 PM IST

নেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ: চৰকাৰী সূত্ৰই জনোৱা মতে, বুধবাৰে টিএমচিৰ সাংসদ অভিষেক বেনাৰ্জীয়ে ইডিৰ কলকাতা কাৰ্যালয়ত হাজিৰ হয় । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে অভিষেক 13 ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া I.N.D.I.A. মিত্ৰজোঁটৰ সমন্বয় সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছিল । বুধবাৰে পুৱাৰে পৰা ছল্ট লেকত বৃহৎ নিৰাপত্তৰক্ষী মোতায়েন কৰা পৰিলক্ষিত হৈছে ।

চিজিঅ’ কমপ্লেক্সৰ বাহিৰত সহকাৰী আৰক্ষী আয়ুক্ত পদৰ এগৰাকী বিষয়াৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দল । চিজিঅ’ কমপ্লেক্সৰ ভিতৰতো নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে আৰু অন্য দিনৰ তুলনাত উক্ত স্থানত অতিৰিক্ত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ জোৱান নিযুক্তি দিয়া হৈছে । চিজিঅ’ কমপ্লেক্সৰ ভিতৰত প্ৰৱেশৰ ক্ষেত্ৰতো কৰ্তৃপক্ষই গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ লগতে, নিৰ্দিষ্ট তথ্য পাতি পৰীক্ষা নকৰাকৈ কাকো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে ।

এতিয়ালৈকে পোৱা তথ্য অনুসৰি পুৱা 11.30 বজাৰ অলপ পিছতে কেন্দ্ৰীয় এজেন্সীটোৰ কাৰ্যালয়ত উপস্থিত হয় বেনাৰ্জী । মঙলবাৰে সন্ধিয়া পশ্চিম বংগৰ জলসিঞ্চন আৰু জলপথ বিভাগৰ মন্ত্ৰী পাৰ্থ ভৌমিকে নতুন দিল্লীত অনুষ্ঠিত হোৱা I.N.D.I.A. মিত্ৰজোঁটৰ প্ৰথমখন সমন্বয় সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে বেনাৰ্জীয়ে ইডি কাৰ্যালয়লৈ যাব বুলি স্পষ্ট ইংগিত দিয়ে ।

মঙলবাৰে সন্ধিয়া ভৌমিকে কয়, "কাইলৈ আপুনি দেখিব যে অভিষেক বেনাৰ্জীয়ে কোনো ধৰণৰ তদন্তৰ সন্মুখীন হ’বলৈ ভয় নকৰে ।" মঙলবাৰে ইডিয়েও কলিকতা উচ্চ ন্যায়ালয়ক মৌখিক আশ্বাস দিয়ে যে বিদ্যালয়ৰ চাকৰিৰ গোচৰৰ কেন্দ্ৰীয় সংস্থাৰ তদন্তৰ পৰা তেওঁৰ নাম বাতিল কৰাৰ আবেদনৰ চূড়ান্ত ৰায়দান নোহোৱালৈকে বেনাৰ্জীৰ বিৰুদ্ধে কোনো ধৰণৰ জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণ নকৰে । 19 ছেপ্টেম্বৰত কলিকতা উচ্চ ন্যায়ালয়ৰ একক ন্যায়াধীশ ন্যায়াধীশ তীৰ্থংকৰ ঘোষৰ বিচাৰপীঠে এই বিষয়ত চূড়ান্ত শুনানিৰ দিন ধাৰ্য কৰিছে ।

লগতে পঢ়ক: Nagaland against UCC: UCC ৰ আওতাৰ পৰা নাগালেণ্ডক ৰেহাই দিয়াৰ আহ্বান মুখ্যমন্ত্ৰী ৰিঅ’ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.