ETV Bharat / bharat

কৰ'ণাই প্ৰাণ কাঢ়িলে মমতা বেনাৰ্জীৰ কনিষ্ঠ ভাতৃৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কনিষ্ঠ ভাতৃ অসীম বেনাৰ্জীয়ে কৰ'ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় ।

author img

By

Published : May 15, 2021, 1:58 PM IST

Updated : May 15, 2021, 3:01 PM IST

Mamata Banerjee's younger brother dies of Covid
কৰ'ণাই প্ৰাণ কাঢ়িলে মমতা বেনাৰ্জীৰ কনিষ্ঠ ভাতৃৰ

নেশ্যনেল ডেস্ক,১৫ মে': কালৰূপী কৰ'ণাৰ সংহাৰ অব্যাহত আছে ভাৰতত । নিতৌ লাখ লাখ লোক মহামাৰীৰ গ্ৰাসত পৰিছে । ফলত ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰিছে । বহুজনে নিজৰ প্ৰিয়, আত্মীয়জনক হেৰুৱাইছে । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে কণিষ্ঠ ভাতৃ অসীম বেনাৰ্জীক হেৰুৱায় মহামাৰী কৰ'ণাৰ কাল সংক্ৰমণৰ বাবে । জানিব পৰা অনুসৰি, অসীম বেনাৰ্জীয়ে কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ।

ইফালে, ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ২০,৮৪৬ জন নতুনকৈ মহামাৰীৰ কবলত পৰে । ফলত ইয়াৰ লগে লগে ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ১০,৯৪,৮০২ লৈ বৃদ্ধি পায় বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে । জ্যেষ্ঠ বিজেপি নেতা মুকুল ৰয় আৰু পত্নী কৃষ্ণা কৰ'ণাত আক্ৰান্ত লোকৰ ভিতৰত আছে ।

উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰতত ২,৪৩,৭২,৯০৭ গৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৩৬,৭৩,৮০২ জন । আনহাতে, এতিয়ালৈকে ২,০৪,৩২,৮৯৮ জন আৰোগ্য হৈ উঠিছে । ইফালে, মহামাৰীৰ কৱলত পৰি ভাৰতত বৰ্তমানলৈকে ২,৬৬,২০৭ জনে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক: ভাৰতত এদিনতে ৩.২৬ লাখ লোক কৰ'ণাত আক্ৰান্ত

Last Updated : May 15, 2021, 3:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.