ETV Bharat / bharat

2025 লৈকে দুৰ্ঘটনা 50% লৈ হ্ৰাস কৰাৰ পৰিকল্পনা : গাডকাৰী

সোমবাৰে বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ উদ্বোধন কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে 2025 লৈকে পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ সংখ্যা 50 শতাংশলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে ৷

Before 2025, we aim to bring down road accidents by 50 pc: Nitin Gadkari
2025 লৈকে দুৰ্ঘটনা 50% লৈ হ্ৰাস কৰাৰ পৰিকল্পনাঃ গাডকাৰী
author img

By

Published : Jan 18, 2021, 10:44 PM IST

নিউজ ডেস্ক, 18 জানুৱাৰী : ভাৰতত পথ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যেৰে সোমবাৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ শুভাৰম্ভ কৰা হয় ৷

সোমবাৰে বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি গাডকাৰীয়ে কয় যে, " ভাৰতত পথ দুৰ্ঘটনাত পতিত হৈ দৈনিক 415 গৰাকী লোক গড় হাৰত দৈনিক মৃত্যুমুখত পৰিছে ৷ যদি আমি 2030 লৈকে অপেক্ষা কৰো তেন্তে 6-7 লাখ লোক ইয়াৰ দ্বাৰা মৃত্যুমুখত পৰিব ৷ 2025 লৈকে আমি আপোনালোকৰ সহযোগত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ সংখ্যা 50 শতাংশলৈ হ্ৰাস কৰিব পাৰিম ৷ "

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, " আমাৰ ইচ্ছা ভিতৰুৱা অঞ্চল সমূহত ড্ৰাইভিং বিদ্যালয় খোলাৰ ৷ ইয়াৰ জৰিয়তে 22 লাখ লোকে সংস্থাপনো পাব ৷ আমি মানুহক ভালদৰে প্ৰশিক্ষণ দিব পাৰিলে বহু মানুহৰ প্ৰাণ ৰক্ষা পৰিব ৷ "

লগতে পঢ়ক : প্ৰতিষেধক প্ৰস্তুত কৰি ভাৰতে চীনা ভাইৰাছৰ পৰা মানৱতাক ৰক্ষা কৰিছে : আৰএছএছ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.