ETV Bharat / bharat

Beautification of Gyanvapi : সম্ৰাজ্ঞী বাইজা বায়ে কৰিছিল জ্ঞানবাপীৰ সৌন্দৰ্যবৰ্ধন: জ্যোতিৰাদিত্য সিন্ধিয়া - Ahilya Bai Holkar

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছে যে জ্ঞানবাপী কুঁৱা, য'ত 'শিৱলিংগ' ৰখা হৈছে তাৰ সৌন্দৰ্যবৰ্ধন সম্ৰাজ্ঞী বাইজা বায়ে কৰিছিল । আনহাতে, কাশীৰ অহল্যা বাই হোলকাৰে ইয়াত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও তেওঁ কয় ।

সম্ৰাজ্ঞী বাইজা বায়ে কৰিছিল জ্ঞানবাপীৰ সৌন্দৰ্যবৰ্ধন
Beautification of Gyanvapi
author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 4:36 PM IST

নিউজ ডেস্ক, ২৩ অক্টোবৰ : কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এইবাৰ জ্ঞানবাপী মছজিদৰ বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে । তেওঁ কৈছে যে যেতিয়া 'আক্ৰমণকাৰীসকলে বাৰাণসী লুণ্ঠন কৰিছিল, সম্ৰাজ্ঞী অহল্যা বাই হোলকাৰ আৰু বাইজা বায়ে কাশী ৰক্ষা কৰিছিল আৰু অহল্যা বায়ে জ্ঞানবাপী কুঁৱাত 'শিৱলিংগ'ক সুন্দৰ ৰূপ দি সংৰক্ষণ কৰিছিল ।

"জ্ঞানবাপী কুঁৱাৰ সৌন্দৰ্যবৰ্ধন সম্ৰাজ্ঞী বাইজা বায়ে কৰিছিল, য'ত 'শিৱলিংগ' ৰখা হৈছে । কাশীৰ অহল্যা বাই হোলকাৰে ইয়াত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । মাৰাঠাসকলৰ হিন্দু ধৰ্মৰ সৈতে শিৰাগত সম্পৰ্ক আছে । ছত্ৰপতি শিৱাজী মহাৰাজৰ সময়ৰ পৰায়ে এই সম্প্ৰদায়টোৱে হিন্দু বিশ্বাসক ৰক্ষা কৰে বুলি জনা যায় ।" গোৱালিয়ৰৰ ফুল বাগৰ মানস ভৱন ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত সিন্ধিয়াই কয় । তাত তেওঁ মহা অষ্টমী উপলক্ষে প্ৰাৰ্থনাও কৰে ।

তেওঁ মধ্যপ্ৰদেশ আৰু দেশৰ প্ৰগতি কামনা কৰে । "মই কামনা কৰোঁ যে আমাৰ মূল্যবোধ আৰু নীতিবিলাক বিৰাজ কৰক আৰু আমাৰ ৰাজ্য আৰু দেশ আগবাঢ়ি যাওক । দেশখন আধ্যাত্মিকভাৱেও আগবাঢ়ি যাওক ।" তেওঁ কয় ।

নৱৰাত্ৰি উৎসৱে পিশাচ মহিষাসুৰৰ পৰাজয় আৰু বেয়াৰ ওপৰত ভালৰ জয়ক সূচায় । শাৰদীয় নৱৰাত্ৰিৰ দশম দিনটো দশেৰা বা বিজয়া দশমী হিচাপে পালন কৰা হয় । ইয়াৰ পূৰ্বে সিন্ধিয়াই সোমবাৰে নৱৰাত্ৰিৰ অন্তিম দিন উপলক্ষে ৰাজকীয় পোছাক পৰিধান কৰি গোৱালিয়ৰৰ মহাৰাজ বাদা অঞ্চলত অৱস্থিত গোৰ্খি দেৱঘৰত প্ৰাৰ্থনা কৰে ।

ইফালে বাৰাণসীৰ এখন জিলা আদালতে শনিবাৰে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপক (এএছআই) জ্ঞানবাপী মছজিদৰ ভিতৰত থকা 'শিৱলিংগ'ৰ বাহিৰে আন্তঃগাঁথনিটোৰ কোনো ক্ষতি নকৰাকৈ অজুখানা অঞ্চলৰ জৰীপ কৰিবলৈ নিৰ্দেশ বিচৰা এক আবেদন নাকচ কৰে ।

লগতে পঢ়ক :Arvind Kejriwal on BJP : বিজেপিক উৎখাত কৰাটো দেশপ্ৰেমৰ আটাইতকৈ ডাঙৰ কাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.