ETV Bharat / bharat

Dantewada IED blast: দান্তেৱাৰাৰ বিস্ফোৰণস্থলীত দুমাহৰ পূৰ্বেই পোতা হৈছিল আই ই ডি

author img

By

Published : Apr 28, 2023, 5:32 PM IST

Updated : Apr 28, 2023, 6:06 PM IST

দান্তেৱাৰাত বিস্ফোৰণ হোৱা আই ই ডিটো প্ৰায় দুমাহৰ আগৰেপৰাই নক্সালবাদীয়ে পুতি থৈছিল ৷ আই ই ডিটো পুতি থোৱা মাটিখিনিত ঘাঁহ গজাৰ ফলত বিস্ফোৰকৰ সৈতে সংলগ্ন তাঁৰ লুকুৱাই ৰাখিছিল ৷ বস্তাৰৰ আইজি সুন্দৰৰাজ পিয়ে এই বিবৃত্তিযোগে ঘোষণা কৰে এই বিস্ফোৰক তথ্য (IED used in Dantewada blast planted by Naxalites)৷

Dantewada blast planted by Naxalites 2 months ago
বিস্ফোৰণস্থলীত দুমাহৰ পূৰ্বেই পোতা হৈছিল আই ই ডি

নিউজ ডেস্ক, 28 এপ্ৰিল: যোৱা 26 এপ্ৰিলত চত্তিশগড়ৰ দান্তেৱাড়াৰ আৰণপুৰ অঞ্চলত নক্সালবাদীয়ে পুতি থোৱা আই ই ডি বিস্ফোৰণ হৈ থিতাতে 10 গৰাকী জিলা সুৰক্ষা বাহিনীৰ জোৱান শ্বহীদ হৈছিল (Dantewada IED blast)৷ এই ঘটনাৰ পিচতে জিলাখনত মাওবাদীৰ অৱস্থিতিক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ তাৰ পিচতে চত্তিশগড় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছিল ৷

এই প্ৰাথমিক তদন্তৰ অন্তত এই ঘটনাই লয় নতুন মোৰ (IED used in Dantewada blast planted by Naxalites)৷ চত্তিশগড় আৰক্ষীয়ে শুকুৰবাৰে জনোৱা অনুসৰি, দান্তেৱাৰাত বিস্ফোৰণ হোৱা আই ই ডিটো প্ৰায় দুমাহৰ আগৰেপৰাই নক্সালবাদীয়ে পুতি থৈছিল ৷ আক্ৰমণৰ এদিনৰ পূৰ্বে আৰক্ষীয়ে কৰা লেণ্ডমাইন ক্লীয়াৰেন্স অনুশীলনৰ সময়ত এই আই ই ডিটোৰ অৱস্থিতি সন্দৰ্ভত কোনো ধৰণৰ সংকেত পোৱা নাছিল (Dantewada blast planted by Naxalites 2 months ago) ৷ আই ই ডিটো পুতি থোৱা মাটিখিনিত ঘাঁহ গজাৰ ফলত বিস্ফোৰকৰ সৈতে সংলগ্ন তাঁৰ লুকুৱাই ৰাখিছিল ৷

বস্তাৰৰ আইজি সুন্দৰৰাজ পিয়ে এই বিবৃত্তিযোগে কয় যে, বিস্ফোৰিত আই ই ডিটোত প্ৰায় ৪০-৫০ কিলোগ্ৰাম ওজনৰ বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল । পথৰ কাষৰ পৰা এটা সুৰংগ খনন কৰি পথৰ পৰা ৩ ৰ পৰা ৪ ফুট তলত ৰখা হৈছিল আই ই ডিটো । আক্ৰমণৰ এদিন পূৰ্বে, পথটোত বিস্ফোৰক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে অভিযান চলাইছিল যদিও কোনো আইইডি পোৱা নগ'ল বা কোনো সন্দেহজনক বস্তু উদ্ধাৰ কৰা হোৱা নাছিল ।

ছত্তীশগড় আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, চিআৰপিএফ আৰু জিলা সুৰক্ষা জোৱানৰ প্ৰায় ২০০ জন নিৰাপত্তাৰক্ষীয়ে মঙলবাৰে নিশা দান্তেৱাড়া জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা অঞ্চলটোত দৰ্ভা বিভাগৰ পৰা মাওবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰি অভিযান আৰম্ভ কৰিছিল । ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়া (এছ.ও.পি.)ৰ কোনো উলংঘন কৰা হৈছিল নেকি বুলি সোধাত আইজিগৰাকীয়ে কয় যে, কৰ্মচাৰীসকলে কাৰ্যকৰী কৌশল অনুসৰণ কৰি অভিযান আৰম্ভ কৰিছিল ।

বুধবাৰে পুৱা আৰণপুৰৰ পৰা কেই কিলোমিটাৰ দূৰত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হয়, ইয়াৰ পিচতে দুটা নক্সালবাদী ধৰা পৰে । পৰৱৰ্তী সময়ত, এটা জিলা সুৰক্ষা বাহিনীৰ দল এটাই আৰণপুৰৰ পৰা 8 খন বাহনত দান্তেৱাৰাৰ ঘাটিলৈ ৰাওনা হৈছিল আৰু নিৰাপত্তাৰক্ষীৰ আন দলে এনকাউণ্টাৰ হোৱা স্থানত অনুসন্ধান কৰিছিল ।

আটকাধীন নক্সালবাদীকেইটাক পূৰ্বে এখন বাহনৰে (কনভয়ৰ) অনা হৈছিল । ইয়াৰ পিচতে নক্সালবাদীয়ে আন এখন বাহনক লক্ষ্য কৰি লৈছিল ৷ এইখন বাহনত 10 গৰাকী জিলা সুৰক্ষা বাহিনীৰ জোৱানে যাত্ৰা কৰিছিল ।

আক্ৰমণস্থলীৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত, কিছু স্থানীয় জনজাতীয় যুৱকে তেওঁলোকৰ পৰম্পৰাগত উৎসৱ বিজ পাণ্ডুমৰ বাবে ধন সংগ্ৰহ কৰিবলৈ পথচাৰীসকলক ৰখাইছিল ৷ এইটো সেই অঞ্চলৰ এক সাধাৰণ প্ৰথা আছিল ৷ তেওঁলোকে আৰক্ষীৰ পৰা চান্দা অৰ্থাৎ ধন নিবিচাৰে । সুৰক্ষা কৰ্মীসকলে কেতিয়াবা স্বেচ্ছাই উৎসৱৰ বাবে জনজাতীয় লোকসকলক সামান্য পৰিমাণৰ ধন বৰঙণি হিচাপে দিয়ে ৷

আইজিগৰাকীয়ে লগতে উল্লেখ কৰে যে, আক্ৰমণৰ দিনা নক্সালবাদী সদস্যই ভেশ সলাই স্থানীয় লোকৰ সৈতে তাত উপস্থিত থাকিব পাৰে যাতে আৰক্ষী কৰ্মীসকলৰ ওপৰত পুনৰীক্ষণ কৰিব পাৰে আৰু বিস্ফোৰণ সংঘটিত কৰা নক্সালসকলক তথ্য প্ৰদান কৰিব পাৰে । আক্ৰমণৰ দিনা, আৰণপুৰত এখন গাঁৱৰ স্থানীয় বজাৰো আছিল ।

লগতে পঢ়ক: Section 144 imposed in Manipur : মণিপুৰত সান্ধ্য আইন জাৰি, ইণ্টাৰনেট কৰ্তন

এই আক্ৰমণত এজন জ্যেষ্ঠ নক্সাল নেতা জড়িত থকাৰ সন্দৰ্ভত সোধা প্ৰশ্নত আইজিগৰাকীয়ে উত্তৰত কয় যে, নক্সালবাদীয়ে এক বিবৃতিযোগে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ৷ নক্সালবাদীৰ কমাণ্ডাৰ জগদীশ অঞ্চলটোত নক্সাল কাৰ্যকলাপত সক্ৰিয় হৈ আছে । এই আক্ৰমণৰ আঁৰত দৰ্ভা বিভাগৰ অধীনত কাম কৰা মাওবাদীৰ মালাংগীৰ এলেকা সমিতিৰ হাত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ অৱশ্যে সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়াৰ পিচতহে পোহৰলৈ আহিব এই তথ্য ৷

Last Updated : Apr 28, 2023, 6:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.