ETV Bharat / bharat

ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ বাঁহগছ ৰোপন কাৰ্যসূচী

author img

By

Published : Jan 10, 2021, 7:34 AM IST

শনিবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ গোপা, নিমবাংঙ, কৌলবেম, নিউ ভাইখাওতলাং নাহলান আৰু জখাওছাঙত বাঁহগছৰ পুলি ৰোপন কৰে অসম ৰাইফলছে ৷ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলত বাঁহগছ ৰোপনৰ বাবে উৎসাহ প্ৰদানৰ লগতে সমগ্ৰ মিজোৰামতে পৰিৱেশগত সমতা স্থাপন কৰাই এই অভিযানৰ লক্ষ্য ৷

Bamboo plantation drive at the Indo Myanmar border by Assam rifles
ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ বাঁহগছ ৰোপন কাৰ্যসূচী

নেশ্যনেল ডেস্ক,10 জানুৱাৰী: ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ উদ্যোগত বাঁহগছ ৰোপন কাৰ্যসূচী ৷ শনিবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ গোপা, নিমবাং, কৌলবেম, নিউ ভাইখাওতলাং নাহলান আৰু জখাওছাঙত বাঁহগছৰ পুলি ৰোপন কৰে অসম ৰাইফলছে ৷

ভাৰত-ম্যানমান সীমান্তৱৰ্তী অঞ্চলত বাঁহগছ ৰোপনৰ বাবে উৎসাহ প্ৰদানৰ লগতে সমগ্ৰ মিজোৰামতে পৰিৱেশগত সমতা স্থাপন কৰাই এই অভিযানৰ লক্ষ্য ৷ বাঁহগছৰ প্ৰতিপালনৰ ক্ষেত্ৰত কোনোধৰণৰ সাৰ বা ৰসায়ন ব্যৱহাৰ কৰিব নালাগে যাৰ বাবে সীমান্ত অঞ্চলসমূহত ইয়াক সহজে ৰোপন কৰিব পাৰি ৷ ই সময় আৰু অৰ্থও ৰাহি কৰে ৷

ইয়াৰ উপৰিও বাঁহৰ যথেষ্ট ব্যৱসায় প্ৰৱণতা আছে ৷ গ্ৰামাঞ্চলত আয় আৰু নিয়োগৰ ক্ষেত্ৰতো বাঁহ যথেষ্ট ফলপ্ৰসু হ’ব পাৰে ৷ পৰিৱেশ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ লগতে আমি বাঁহগছ ৰোপনেৰে বিভিন্ন ধৰণৰ বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰিব পাৰো যি পৰিৱেশৰ বাবে ধ্বংসকাৰী নহয় ৷

উল্লেখ্য যে, বাঁহৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে পঞ্চম স্থানত আছে মিজোৰাম ৷ যাৰ বাবে ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত বাঁহগছে যথেষ্ট সম্ভাৱনা কঢ়িয়াই অনাৰ সম্ভাৱনা আছে ৷ ইয়াৰ পূৰ্বেও ৰাজ্যখনৰ কেইবাটাও অঞ্চলত বাঁহগছ ৰোপন অভিযান হাতত লৈছিল অসম ৰাইফলছে ৷ 2020 চনৰ 1 অক্টোবৰত মিজোৰামৰ ৰাজধানী আইজলৰ চিটি চেন্টাৰত এই বাঁহগছ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল মিজোৰামৰ গৃহমন্ত্ৰী লালছামলিয়ানাই ৷

লগতে পঢ়ক-দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব নিৰ্বাচনী আয়োগৰ প্ৰতিনিধিৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.