ETV Bharat / bharat

Chardham Yatra 2022: বাবা কেদাৰনাথৰ দৰ্শনৰ নতুন সময়সূচী নিৰ্ধাৰণ

কেদাৰনাথ মন্দিৰ সমিতিয়ে কেদাৰনাথ মন্দিৰৰ মূল দুৱাৰ খোলা আৰু বন্ধ কৰাৰ সময় কিছু সলনি কৰিছে (Darshan timings changed in Kedarnath temple)। বাৰিষা ঋতু আৰু তীৰ্থযাত্ৰীৰ সংখ্যা হ্ৰাস হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । নতুন সময়সূচী অনুসৰি, বৰ্তমান ভক্তই পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ বাবা কেদাৰনাথৰ দৰ্শন কৰিব পাৰিব (Baba Kedar Darshan) ৷

Chardham Yatra 2022
বাবা কেদাৰনাথৰ দৰ্শনৰ নতুন সময়সূচী নিৰ্ধাৰণ
author img

By

Published : Jul 5, 2022, 4:34 PM IST

নেশ্যনেল ডেস্ক, 5 জুলাই : কেদাৰনাথ ধাম হিন্দু ধৰ্মৰ এক পবিত্ৰ তীৰ্থক্ষেত্ৰ হিচাবে চিহ্নিত (Kedarnath Dham) ৷ হিমালয় পৰ্বতমালাৰ প্ৰায় 3584 মিটাৰ উচ্চতাত মন্দাকিনী নদীৰ পাৰত অৱস্থিত এই পবিত্ৰ ধামটো ৷ য’ত মূৰ দোৱালে পাপ খণ্ডন হোৱাৰ লগতে ভগৱান ভোলানাথৰ আশীষ চিৰদিন বৰ্তী থাকে বুলি জনবিশ্বাস আছে ৷

ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে কিছুদিন বন্ধ হৈ আছিল কেদাৰনাথ ধামৰ মূল দুৱাৰ (uttarakhand monsoon) ৷ কিন্তু বিগত 25 মে’ত তীৰ্থযাত্ৰীৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় এই ধামৰ দুৱাৰ ৷ বৰ্তমান বাৰিষা ঋতু আৰম্ভ হোৱাৰ লগে লগে তীৰ্থযাত্ৰীৰ সংখ্যা হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত, বদ্ৰী কেদাৰ মন্দিৰ সমিতিয়ে (Badri Kerad Temple Committee) এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মন্দিৰ সমিতিয়ে কেদাৰনাথ মন্দিৰৰ মূল দুৱাৰ খোলা আৰু বন্ধ কৰাৰ সময় কিছু সাল-সলনি কৰিছে (Darshan timings changed in Kedarnath temple) ।

একে সময়তে, সাধাৰণ ভক্তসকলৰ দৰ্শনৰ সময়ও চাৰি ঘণ্টা হ্ৰাস কৰা হৈছে । ইয়াৰ পূৰ্বে, ভক্তসকলে পুৱা 4 বজাৰ পৰা নিশা 11 বজালৈ বাবা কেদাৰনাথ দৰ্শন কৰিব পাৰিছিল ৷ কিন্তু বৰ্তমান পুৱা 5 বজাৰ পৰা কেদাৰনাথ মন্দিৰত বাবাৰ দৰ্শনৰ সময় নিৰ্ধাৰণ কৰিছে ৷ লগতে বিয়লিৰ আৰতিৰ পিছত নিশা 9 বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ পৰিচালনা সমিটিয়ে ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ 6 মে'ত, সাধাৰণ দৰ্শনাৰ্থী তথা ভক্তসকলৰ বাবে কেদাৰনাথৰ দুৱাৰ মুকলি কৰি দিয়া হৈছিল ৷ যাৰ ফলত হাজাৰ হাজাৰ ভক্তই বাবাৰ দৰ্শনৰ কৰিবলৈ সু-উচ্চ পৰ্বতমালা আৰোহন কৰি সেই স্থানত উপস্থিত হৈছিল । আনকি এদিনত প্ৰায় 20,000 ৰ পৰা 22,000 তীৰ্থযাত্ৰীয়ে কেদাৰনাথ ধামত উপস্থিত হৈছিল ।

মে’ আৰু জুন মাহত বহু সংখ্যক ভক্তই এই পবিত্ৰ ধামত উপস্থিত হৈছিল ৷ যাৰ ফলত স্থানীয় নিবনুৱাসকলৰ মুখত আনন্দৰ হাঁহি বিৰিঙিছিল ৷ কিয়নো কৰ’ণা মহামাৰীৰ বাবে সেই অঞ্চলৰ স্থানীয় লোকসকলৰ দুবছৰৰ ব্যৱসায় স্থগিত হৈ পৰিছিল ৷ তথ্য অনুসৰি, মাত্ৰ 60 দিনত মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ সংখ্যা 8,56,721 গৰাকী পৰ্যন্ত হৈছিল ।

বাৰিষা আৰম্ভ হোৱাৰ লগে লগে বাবা কেদাৰনাথলৈ যাত্ৰা কৰাত কিছু অসুবিধাৰ সন্মুখিন হ’ব লাগে তীৰ্থযাত্ৰী তথা স্থানীয় লোকসকলে ৷ ইয়াৰ স্বত্ত্বেও, প্ৰায় পাঁচৰ পৰা ছয় হাজাৰ তীৰ্থযাত্ৰী এতিয়াও প্ৰতিদিনে বাবাৰ ধামত উপস্থিত হৈ আছে । এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বদ্ৰী কেদাৰনাথ মন্দিৰ সমিতিয়ে বাবা কেদাৰনাথৰ দৰ্শন সন্দৰ্ভত কিছু সাল সলনি কৰি নতুন সময় ধাৰ্য কৰিছে ৷

লগতে পঢ়ক : Kedarnath Yatra: 18 ঘণ্টাৰ অন্তত পুনৰ আৰম্ভ কেদাৰনাথ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.