ETV Bharat / bharat

Badrinath Highway Blocked : প্ৰকৃতিৰ তাণ্ডব; ধ্বংসাৱশেষৰ বাবে আৱদ্ধ বদ্ৰীনাথ ঘাইপথ

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 2:07 PM IST

চামোলী জিলাত ধ্বংসাৱশেষৰ ফলত বদ্ৰীনাথ ঘাইপথত আবদ্ধ হৈ পৰা এজন আহত ব্যক্তিক উদ্ধাৰ কৰে এছডিআৰএফৰ দলে ৷ উদ্ধাৰ কৰা ব্যক্তিজন ট্ৰেকিং কৰি থকাৰ সময়তে বদ্ৰীনাথ ঘাইপথত আবদ্ধ হৈ পৰিছিল ৷

Badrinath highway blocked due to falling debris
ধ্বংসাৱশেষৰ ফলত আবদ্ধ বদ্ৰীনাথ ঘাইপথ

নিউজ ডেস্ক, 25 আগষ্ট : উত্তৰাখণ্ডত অব্যাহত আছে প্ৰকৃতিৰ ধ্বংসলীলা ৷ শুকুৰবাৰে চামোলী জিলাত ধ্বংসাৱশেষৰ ফলত বদ্ৰীনাথ ঘাইপথত আবদ্ধ হৈ পৰা এজন আহত ব্যক্তিক উদ্ধাৰ কৰে এছডিআৰএফৰ দলে ৷ এছডিআৰএফৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে মাজ নিশা যোশীমথৰ কোতৱালিয়ে চামোলী জিলাৰ পাগলনালা অঞ্চলৰ সমীপত ধ্বংসাৱশেষৰ ফলত এজন আহত ব্যক্তি আবদ্ধ হৈ পৰাৰ তথ্য লাভ কৰে ৷

লগে লগে এছডিআৰএফৰ এটা দল সেই স্থানত উপস্থিত হৈ নিশাৰ আন্ধাৰ আৰু কঠোৰ পৰিস্থিতিত উদ্ধাৰ অভিযান চলায় ৷ পৰৱৰ্তী সময়ত আহত ব্যক্তিজনক উদ্ধাৰ কৰি ষ্ট্ৰেচাৰৰ সহায়ত সিপাৰলৈ অনা হয়, য'ৰ পৰা তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি এছডিআৰএফৰ এজন বিষয়াই কয় ৷

বিষয়াগৰাকীয়ে কয় যে, উদ্ধাৰ কৰা ব্যক্তিজন ট্ৰেকিং কৰি থকাৰ সময়তে বদ্ৰীনাথ ঘাইপথত আবদ্ধ হৈ পৰিছিল ৷ ট্ৰেকিঙৰ পৰা উভতি অহাৰ সময়ত তেওঁ আহত হৈছিল আৰু সেয়েহে বাধাগ্ৰস্ত পথটো পাৰ হ'ব পৰা নাছিল ৷ ইয়াৰ পূৰ্বে বুধবাৰে ভূমিস্খলনৰ পিছত ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিবলৈ বাগাদ্ধাৰত যাতায়তৰ বাবে ঋষিকেশ-চাম্বা ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছিল ৷ তেহৰী জিলা দুৰ্যোগ বিষয়া ব্রিজেশ ভাটে কয় যে, ঋষিকেশ-চাম্বা বগদ্ধাৰত বন্ধ পথ পৰিষ্কাৰ কৰাৰ কাম চলি আছে ৷ ভূমিস্খলনৰ পিছত বোল্ডাৰৰ বাবে মুঠ ১২টা গাঁৱৰ লিংক ৰোড বন্ধ কৰা হৈছে ৷

মঙলবাৰে উত্তৰাখণ্ডৰ কিছু অংশত নেৰানেপেৰা বৰষুণৰ মাজতে চামোলী জিলাৰ পুৰুষাদিৰ মাজত থকা ঋষিকেশ-বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ-৫৮ৰ এটা অংশ ক্ষতিগ্ৰস্ত হয় ৷ জিলা প্ৰশাসনৰ মতে, পুৰুষাদিৰ ঘাইপথৰ ২৫০ মিটাৰ অংশ ক্ষতিগ্ৰস্ত হৈছিল, ইয়াৰ বাবে স্থানীয় প্ৰশাসনে যান-বাহনচলাচল স্থগিত ৰাখিব লগা হয় ৷ উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্টৰ মাজতে জিলা দণ্ডাধীশসকলক তেওঁলোকৰ নিজ নিজ জিলাত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

পৌৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতা চৌবেয়ে যাত্ৰাৰ পূৰ্বে বতৰ আৰু পথৰ বিষয়ে তথ্য ল’বলৈ আহ্বান জনাইছে ৷ তেখেতে কয় যে প্ৰচণ্ড বৰষুণৰ বাবে জিলাখনৰ নদী সমূহৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ৷ পূৰ্বৰ এক চৰকাৰী হিচাপত ৰাজ্যখনত বৰষুণ সম্পৰ্কীয় ঘটনাৰ ফলত ভুক্তভোগী হোৱা লোকৰ সংখ্যা ৫২ হোৱাৰ বিপৰীতে ৩৭ জন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে ৷

লগতে পঢ়ক : Road Accident in Bihar : শোকাৱহ পথ দুৰ্ঘটনাত পাঁচজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.