ETV Bharat / bharat

Baba ka dhaba-ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদৰ আত্মহত্যাৰ চেষ্টা - Sleeping tablet

নিশাৰ ভিতৰতে এগৰাকী ইউটিউবাৰৰ বাবে জনপ্ৰিয় হৈ পৰা দিল্লীৰ বাবা কা ধাবাৰ মালিক কান্তা প্ৰসাদৰ আত্মহত্যাৰ চেষ্টা । লক্ষণীয় ভাৱে যিগৰাকী কান্তা প্ৰসাদে ইটিভি ভাৰতৰ সন্মুখত বিগত বছৰত আত্মহত্যা কোনো সমস্যাৰ বিকল্প বা সমাধান নহয় বুলি মন্তব্য কৰিছিল সেইজনে এনেদৰে আত্মহত্যাৰ চেষ্টা কৰাত আচৰিত হৈ পৰিছে সকলো ।

Kanta Prasad
বাবা কা ধাবা
author img

By

Published : Jun 18, 2021, 5:23 PM IST

নেশ্যনেল ডেস্ক,১৮ জুন: পুনৰ চৰ্চাত দিল্লীৰ 'বাবা কা ধাবা'(Baba Ka Dhaba) । এইবাৰ 'বাবা কা ধাবা'ৰ গৰাকী কান্তা প্ৰসাদৰ আত্মহত্যাৰ চেষ্টা । বৃহস্পতিবাৰে নিশা আত্মহত্যাৰ চেষ্টা কৰাৰ পিছতে কান্তা প্ৰসাদক চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । দিল্লী দক্ষিণৰ আৰক্ষী বিষয়া অতুল ঠাকুৰে জনোৱা মতে তেওঁ সুৰা আৰু স্লিপিং টেবলেট(Sleeping tablet) খোৱাৰ পিছত অচেতন হৈ পৰিছিল। তেওঁৰ পুত্ৰই ইতিমধ্যে আৰক্ষীক এই বিষয়ে অৱগত কৰিছে ।

উল্লেখ্য যে বিগত বছৰত এগৰাকী ইউটিউবাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল কান্ত প্ৰসাদৰ 'বাবা কা ধাবা'ই । সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে আৰ্থিকভাৱে দুৰ্বল কান্তা প্ৰসাদক যথেষ্ট পৰিমাণে অনুদান আগবঢ়াইছিল । তাৰ পিছতে কান্তা প্ৰসাদে মালৱীয় নগৰত এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছিল । কিন্তু লকডাউনৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল ৰেষ্টুৰেণ্টখন । সেই সময়ত কান্তা প্ৰসাদে কৈছিল যে তেওঁৰ পুৰণি ভোজনালয় অধিক লাভজনক কিয়নো বিনিয়োগ আৰু তত্বাৱধান ব্যয় অতি কম ।

আত্মহত্যাৰ পথ বাছি লোৱা কান্তা এটা সময়ত ইটিভি ভাৰতৰ সন্মুখত কৈছিল যে আত্মহত্যা কোনো সমস্যাৰ বিকল্প বা সমাধান নহয় বৰঞ্চ মানুহে অসুবিধাৰ পৰা বাহিৰলৈ আহিবলৈ সংগ্ৰাম কৰা উচিত । তেওঁ লগতে কৈছিল যে তেওঁক সহায় কৰিবলৈ কাৰোবাৰ প্ৰয়োজন হ'ব কিয়নো গ্ৰাহকসকলক তেওঁ না ক'ব নোৱাৰে । ইমান বয়স হোৱাৰ বাবে তেওঁ সকলোবোৰ অকলে কৰিব নোৱাৰে । পূৰ্বে তেওঁ ৭৫০ গ্ৰাম চাউল বিক্ৰী কৰিবলৈ সংগ্ৰাম কৰিছিল কিন্তু এতিয়া আধা দিনত ৫ কিলোগ্ৰাম চাউল বিক্ৰী কৰে । সংগ্ৰামৰ কথা কোৱা কান্ত প্ৰসাদে আত্মহত্যা কৰিবলৈ বাধ্য হোৱা বিষয়টোৱে সচাকৈয়ে আচৰিত কৰি তুলিছে সকলোকে ।

এসময়ত কান্তাই কৈছিল যে তেওঁ জীয়াই থকা পৰ্যন্ত ভোজনালয় চলাই যাব । প্ৰসাদে এটা সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ ভৱিষ্যতৰ বাবে এতিয়াও ২০ লাখ টকা বাকী আছে। সেয়ে তেওঁ জীয়াই থকালৈকে এই ধাবা খন চলাই যাব । যিদিনা ব্যৱসায়ৰ অৱনতি ঘটিব,তেওঁ ইয়াক বন্ধ কৰিব । যোৱা বছৰ দান হিচাপে লাভ কৰা ধনৰ পৰা তেওঁ আৰু পত্নীৰ বাবে ২০ লাখ টকা ৰাখিছে ।

বাবাৰ পুৰণি ধাবালৈ উভতি অহাৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৌৰৱ ৱাচান নামৰ যিগৰাকী ইউটিউবাৰৰ(Youtuber) জৰিয়তে যথেষ্ট সহায় লাভ কৰিছিল তেওঁ কয় যে কৰ্মৰ উৰ্ধত একো হ'ব নোৱাৰে । উল্লেখ্যে যে কান্তা প্ৰসাদে তেওঁ লাভ কৰা অনুদান অপব্যৱহাৰ কৰা বুলি ইউটিউবাৰ গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ।

লগতে পঢ়ক:ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.