ETV Bharat / bharat

ITBPৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজস্থানৰ ছিৰোহীত উপস্থিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

দেওবাৰে সন্ধিয়া ৰাজস্থানৰ ছিৰোহীত উপস্থিত হ'ল ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ । আবুৰোডত আই টি বি পিৰ জোৱানৰ এক কাৰ্যসূচীত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । আবুৰোডস্থিত ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠানত উপস্থিত হোৱাৰ পাচতে বিপ্লৱ কুমাৰ দেৱক প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া আৰু প্ৰশাসনিক বিষয়াসকলে আদৰণি জনায় ।

Tripura cm
ৰাজস্থানৰ ছিৰোহীত উপস্থিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী
author img

By

Published : Oct 18, 2021, 3:46 PM IST

নেশ্যনেল ডেস্ক, ১৮ অক্টোবৰ: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি অমৃত মহোৎসৱ উদযাপন কৰা হৈছে । এই অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ ভিন্ন প্ৰান্তত ভাৰতীয় সেনা, চি আৰ পি এফ, সশস্ত্ৰ সীমা বল আদিয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে । একতাৰ বাৰ্তা বিলোৱাৰ উদ্দেশ্যেৰে ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়েও লেহৰ পৰা গুজৰাটৰ কেৱৰিয়ালৈ চাইকেল ৰেলী উলিয়ায় । দেওবাৰে সন্ধিয়া এই ৰেলীত অংশ লোৱা জোৱানসকল ৰাজস্থানৰ ছিৰোহীৰ আবুৰোডস্থিত ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠানত উপস্থিত হয় ।

জোৱানসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে দেওবাৰে সন্ধিয়া ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠানত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ । অনুষ্ঠানত অংশ লৈ তেওঁ একতাৰ বাৰ্তা বিলোৱা ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ জোৱানসকলৰ প্ৰশংসা কৰে । এই ৰেলীয়ে বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিব আৰু দেশত ঐক্যৰ বাৰ্তা বিলাব ।

ITBPৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাজস্থানৰ ছিৰোহীত উপস্থিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠানে কৰা কামৰ প্ৰশংসা কৰি কয় যে, প্ৰতিষ্ঠানটোৱে আধ্যাত্মিকতাৰ ক্ষেত্ৰত সুন্দৰভাৱে কাম কৰি আছে আৰু এই কামে মানুহৰ জীৱন সলনি কৰি দিছে । তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে কাম কৰি আছে ।

মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে কয় যে, ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৱৰ ৰাজ্যসমূহ অক্সিজেনৰ কেন্দ্ৰস্বৰূপ আৰু কৰ'ণা কালত মানুহে অনুভৱ কৰিব পাৰিছিল যে অক্সিজেন কিমান গুৰুত্বপূৰ্ণ । অমৃত মহোৎসৱ উপলক্ষে ছিৰোহীত চাইকেল ৰেলী অনুষ্ঠিত কৰা হৈছে । এই ৰেলীয়ে প্ৰায় ২,৭০০ কিলোমিটাৰ অতিক্ৰম কৰিব আৰু এতিয়ালৈকে ২,৩০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে জোৱানসকলে ।

দেওবাৰে ব্ৰহ্মকুমাৰী প্ৰতিষ্ঠানে সমদলত অংশ লোৱা জোৱান আৰু বিষয়াসকলক উষ্ম আদৰণি জনায় । এই ৰেলী ৰাজস্থানৰ পৰা গুজৰাট অভিমুখে ৰাওনা হ'ব । লেহৰ পৰা আৰম্ভ কৰা এই ৰেলী কেৱৰিয়াত থকা ষ্টেছ্যু অৱ ইউনিটীত অন্ত পৰিব । উল্লেখ্য যে, মুঠ ২৩ জন জোৱানে এই ৰেলীত অংশ লৈছে ।

লগতে পঢ়ক:সংযুক্ত কিষাণ মৰ্চাৰ ‘ৰে’ল ৰোকো’ৰ প্ৰভাৱ পৰা নাই উত্তৰ-পূৰ্বাঞ্চলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.