ETV Bharat / bharat

অৱশেষত আৰক্ষীৰ জালত অযোধ্যা হত্যাকাণ্ডৰ মূল অভিযুক্ত

author img

By

Published : May 24, 2021, 1:13 PM IST

অযোধ্যাৰ নিয়াতপুৰ আৰক্ষী চকীৰ অন্তৰ্গত এঘৰ মানুহৰ পাঁচজনকৈ সদস্যক হত্যা কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ ।

Ayodhya murder case
অৱশেষত আৰক্ষীৰ জালত অযোধ্যা হত্যাকাণ্ডৰ মূল অভিযুক্ত

নেশ্যনেল ডেস্ক, ২৪ মে': অৱশেষত অযোধ্যাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ জালত । কুচেৰা অঞ্চলত মূল অভিযুক্ত পৱনক অযোধ্যা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । প্ৰথমে পৱন আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী সংঘটিত হৈছিল । পৱনৰ গুলীত এগৰাকী অযোধ্যা আৰক্ষী আঘাতপ্ৰাপ্ত হৈছিল যদিও অৱশেষত পৱনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, দেওবাৰে পুৱতি নিশা ইনিয়াতপুৰ আৰক্ষী চকীৰ অন্তৰ্গত হৰিলালৰ ঘৰত পৱন আৰু তেওঁৰ তিনি বন্ধুৱে আক্ৰমণ কৰাৰ লগতে চোকা অস্ত্ৰৰে ডিঙি কাটিছিল পৰিয়ালটোৰ সদস্যক । পাচত আটাইকেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল । ঘটনাৰ পাচতে আন তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও সেই পৰ্যন্ত পৱন পলাতক অৱস্থাত আছিল । পলাতক পৱনৰ সন্ধানৰ বাবে আৰক্ষীয়ে নগদ ২৫ হেজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল । তাৰ ঠিক এঘন্টাৰ পাচতে অযোধ্যা আৰক্ষীয়ে অভিযুক্ত পৱনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: 26 মে’ত দীঘাৰ সমুদ্ৰতীৰত য়াছে খুন্দা মৰাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.