নেশ্যনেল ডেস্ক, ৪ এপ্ৰিল: কেন্দ্ৰীয় চৰকাৰ আৰু নীতি আয়োগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁলোকক দেশত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ দ্বিতীয় প্ৰৱাহ ৰোধ কৰিবলৈ ৰাজহুৱা সমাৱেশ পদ্ধতিৰ পৰীক্ষা, অনুসৰণ, চিকিৎসা, ক'ভিডৰ-উপযুক্ত আচৰণ আৰু টীকাকৰণৰ পাঁচ দফীয়া কৌশল অনুসৰণ কৰিবলৈ আহ্বান জনায় ।
ক'ভিডৰ প্ৰকৃত লক্ষণ আৰু চেনিটাইজেশ্যন সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবে ৬ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ সপ্তাহজোৰা এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণৰো আহ্বান জনায় প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
১ মাৰ্চত ভাৰতত ১১,৫৬৩ টা কৰণাৰ নতুন ঘটনা পোহৰলৈ আহিছিল আৰু ফেব্ৰুৱাৰী মাহত গড় হিচাপত দৈনিক ঘটনা আছিল ১০ হাজাৰৰ পৰা ১১ হাজাৰৰ ভিতৰত । কিন্তু এই মাহৰ আৰম্ভণিতে শনিবাৰৰ দিনটোত ৯৩ হাজাৰ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২ এপ্ৰিলত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৭১৩ গৰাকী ।
ইফালে ভাৰতৰ কেইখনমান ৰাজ্য নতুনকৈ যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত হোৱা দেখা গৈছে । যাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে অতি শীঘ্ৰে জনস্বাস্থ্য বিশেষজ্ঞ আৰু চিকিৎসকৰ কেন্দ্ৰীয় দল বিশেষকৈ মহাৰাষ্ট্ৰ, ছত্তিশগড় আৰু পাঞ্জাৱলৈ পঠিওৱা হ'ব । শেহতীয়া সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কনটেইনমেন্ট অঞ্চলসমূহো সঠিকভাৱে নিৰূপণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে ।
উচ্চ পৰ্যায়ৰ বৈঠকত পোহৰলৈ আহিছে যে কৰ’ণাৰ ফলত ১০ খন ৰাজ্যত ৯১ শতাংশতকৈ অধিক ঘটনা আৰু মৃত্যুৰ হাৰ বৃদ্ধি হৈছে । যোৱা ১৪ দিনত দেশত মৃত্যুৰ হাৰ ৪৭ শতাংশ হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত আক্ৰান্তৰ হাৰ ৫৭ শতাংশ পোৱা গৈছে । একেদৰে পাঞ্জাৱ আৰু ছত্তিশগড়তো যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে দৈনিক আক্ৰান্তৰ সংখ্যা । বৈঠকত কোৱা হৈছে যে সঠিকভাৱে ক'ভিড প্ৰট'কল পালন নকৰাৰ বাবেই এইধৰণে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ।
বৈঠকত প্ৰধানমন্ত্ৰীয়ে বৰ্তমানৰ প্ৰতিষেধক নিৰ্মাতা সকলৰ উৎপাদন ক্ষমতা আৰু পৰীক্ষণৰ অধীনত থকা প্ৰতিষেধকৰ ক্ষমতাৰ উপৰিও প্ৰতিষেধকৰ গৱেষণা আৰু বিকাশৰ বিষয়টোও আলোচনা কৰে । বিষয়াসকলে জনোৱা মতে প্ৰতিষেধকৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিছে নিৰ্মাতাসকলে । বিষয়াসকলে জনোৱা মতে ঘৰুৱা প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে আন দেশসমূহৰ প্ৰয়োজনীয়তাৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে । শেহতীয়াকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা ৰাজ্য আৰু জিলাসমূহত বিশেষ অভিযানৰ বাবে আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
বৈঠকত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিব, কেবিনেট সচিব, গৃহ সচিব, অধ্যক্ষ, স্বাস্থ্য সচিব, ফাৰ্মাচিউটিকেলৰ সচিব, জৈৱ প্ৰযুক্তি সচিব, নীতি আয়োগৰ সদস্য আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:৪ এপ্ৰিল: আন্তৰ্জাতিক খনি সজাগতা দিৱস