ETV Bharat / bharat

শিশুসকলৰ বাবে প্ৰতিষেধকৰ উপলব্ধতাই বিদ্যালয় খোলাৰ পথ প্ৰশস্ত কৰিব : AIIMS - NITI Aayog

এইমছৰ (AIIMS) মুৰব্বী ড৹ ৰণদীপ গুলেৰিয়াৰ মতে শিশুসকলৰ বাবে প্ৰতিষেধক উপলব্ধ কৰি বিদ্যালয়বোৰ পুনৰ খোলাৰ লগতে তেওঁলোকৰ পাঠগ্ৰহণ আৰম্ভ কৰাটো এক বৃহৎ সফলতা হ'ব দেশবাসীৰ বাবে ।

AIIMS chief
AIIMSৰ মতে শিশুসকলৰ বাবে অতিশীঘ্ৰে উপলব্ধ হ'ব ক'ভিড প্ৰতিষেধক
author img

By

Published : Jun 27, 2021, 10:40 PM IST

নেশ্যনেল ডেস্ক, ২৭ জুন : দেশজুৰি প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত আছে । কিন্তু শিশুসকল অথবা ১৮ বছৰ তলৰ লোকক সকলৰ বাবে প্ৰতিষেধক মুকলি হ'ব নে নহয় তাকলৈও বিভিন্ন মহলত চৰ্চা অব্যাহত আছে । ইয়াৰ মাজতে এইমছৰ (AIIMS) মুৰব্বী ড০ ৰণদীপ গুলেৰিয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য । শিশুসকলৰ বাবে প্ৰতিষেধক উপলব্ধ কৰি বিদ্যালয়বোৰ পুনৰ খোলাৰ লগতে তেওঁলোকৰ কাৰ্যকলাপ আৰম্ভ কৰাটো এক বৃহৎ সফলতা হ'ব দেশবাসীৰ বাবে ।

তেওঁৰ মতে ইতিমধ্যে এই ক্ষেত্ৰত বিশেষজ্ঞ তথা বিজ্ঞানীসকলে প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে । ইফালে ২ পৰা ১৮ বছৰ বয়সৰ লোকৰ বাবে ভাৰত বায়'টেকৰ কোভাক্সিনৰ(Covaxin) দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণ তথ্য অহা ছেপ্টেম্বৰৰ ভিতৰত পোহৰলৈ আহিব বুলিও তেওঁ উল্লেখ কৰে । ইয়াৰ পিছতে ঔষধ নিয়ন্ত্ৰকৰ অনুমোদন পালেই ভাৰতত শিশুসকলৰ বাবে প্ৰতিষেধক উপলব্ধ হ'ব । তেওঁ লগতে কয় যে অন্য এক প্ৰতিষ্ঠান ফাইজাৰৰ প্ৰতিষেধকে (Pfizer vaccine) তাৰ পূৰ্বে যদি অনুমোদন লাভ কৰে তেন্তে ই শিশুসকলৰ বাবেও এক বিকল্প হ'ব পাৰে ।

এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াৰ মতে ফাৰ্মাচিউটিকেল কোম্পানী জাইডাছ কেডিলাই (Zydus Cadila) ইয়াৰ ক'ভিড প্ৰতিষেধক জাইকোভি-ডিৰ (ZyCoV-D) বাবে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদনৰ বাবে অতি সোনকালে ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলৰ (Drugs Controller General of India) ওচৰত আবেদন কৰাৰ সম্ভাৱনা আছে । এই প্ৰতিষ্ঠানে দাবী কৰা মতে তেওঁলোকৰ এই প্ৰতিষেধক প্ৰাপ্তবয়স্ক আৰু শিশু দুয়োকে দিব পাৰিব । সেয়ে ডাঃ গুলেৰিয়াই উল্লেখ কৰা মতে জাইডাছ প্ৰতিষেধকে যদি অনুমোদন লাভ কৰিলে ই আন এটা বিকল্প হ'ব । এইমছৰ মুৰব্বী গৰাকীয়ে কোৱা মতে শিশুসকলৰ বেছিভাগৰ ক্ষেত্ৰত মৃদু সংক্ৰমণ হয় আৰু কিছুমান লক্ষণহীন কিন্তু তেওঁলোক কৰ'ণা সংক্ৰমণৰ বাহক হ'ব পাৰে ।

মহামাৰীৰ বাবে যোৱা ডেৰ বছৰত শিক্ষা ক্ষেত্ৰত যথেষ্ট ক্ষতি হৈছে বুলি উল্লেখ কৰি এইমছৰ মুৰব্বীগৰাকীয়ে কয় যে বিদ্যালয়সমূহ পুনৰ খুলিব লাগিব আৰু টীকাকৰণে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । শেহতীয়াকৈ চৰকাৰে সতৰ্ক কৰি দিছে যদিও এতিয়ালৈ শিশুসকল প্ৰভাৱিত হোৱা নাই কিন্তু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ফালৰ পৰা প্ৰস্তুতি অব্যাহত আছে বুলিও তেওঁ উল্লেখ কৰে । শিশুসকলৰ মাজত ক'ভিডৰ সংক্ৰমণৰ পৰ্যালোচনা কৰিবলৈ আৰু দেশক প্ৰস্তুতিৰ ক্ষেত্ৰত শক্তিশালী কৰিবলৈ এক ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোট গঠন কৰা হৈছে । শিশুসকলৰ টীকাকৰণৰ বিষয়ত নীতি আয়োগৰ(NITI Aayog) সদস্য (স্বাস্থ্য) ডাঃ ভি কে পলে শেহতীয়াকৈ কৈছিল যে ১২ ৰ পৰা ১৮ বছৰৰ ভিতৰত প্ৰায় ১৩ ৰ পৰা ১৪ কোটি জনসংখ্যা আছে যাৰ বাবে দেশক প্ৰায় ২৫-২৬ কোটি পালিৰ প্ৰয়োজন হ'ব।

লগতে পঢ়ক : ৩০০ প্ৰাক্তন সেনা বিষয়াৰে মত বিনিময় ৰাজনাথ সিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.