ETV Bharat / bharat

Attack on Indian High Commission in London: 45 অভিযুক্তক বিচাৰি নিয়াৰ অভিযান - ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়া

লণ্ডনত ভাৰতীয় উচ্চায়ুক্তৰ আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত 45 জন সন্দেহযুক্ত লোকৰ সন্ধানত তালাচী চলাইছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ ট্ৰেক টিমে ।

Attack on Indian High Commission in London
45 অভিযুক্তক বিচাৰি নিয়াৰ অভিযান
author img

By

Published : Jun 16, 2023, 8:38 AM IST

নেশ্যনেল ডেস্ক, 16 মে’ : লণ্ডনৰ ভাৰতীয় উচ্চ আয়োগৰ ৰাষ্ট্ৰীয় পতাকা তললৈ নমাই খালিস্তানী পন্থীয়ে কৰা প্ৰতিবাদী কাৰ্যসূচীৰ তদন্তৰ ভাৰ লাভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াই ৷ ভাৰতীয় উচ্চায়ুক্তৰ আক্ৰমণত জড়িত 45 জন সন্দেহযুক্ত লোকৰ অৱস্থান বিচাৰি উলিয়াবলৈ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ অনুসন্ধানৰ দায়িত্বত থকা দলে যাৱতীয় কাম আৰম্ভ কৰিছে । তদন্ত সন্দৰ্ভত অধিক তথ্য জানিবলৈ দি ইটিভি ভাৰতৰ আগত দেশৰ প্ৰধান সন্ত্ৰাসবাদী তদন্ত সংস্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই অনুসন্ধানকাৰী দলটোৰ এটা দলে পঞ্জাৱৰ বিভিন্ন ঠাইত তালাচী চলাই থকাৰ বিপৰীতে আন এটা দলে যুক্তৰাজ্যত শিবিৰ পাতিছে বুলি জানিবলৈ দিয়ে ।

বিষয়টো সন্দৰ্ভত বিষয়াগৰাকীয়ে ‘পঞ্জাৱত এন আই এৰ দলে স্থানীয় নিৰাপত্তা সংস্থাসমূহৰ সমৰ্থন গ্ৰহণ কৰি আহিছে ৷ আনহাতে, লণ্ডনত এন আই এৰ দলে ভাৰতীয় উচ্চায়ুক্তৰ সহায় লৈ আহিছে । 19 মাৰ্চত সংঘটিত এই কাণ্ডৰ সৈতে জড়িত 45 জন অভিযুক্তৰ আটাইকেইজন অভিযুক্তৰ ছবি এন আই এয়ে প্ৰচাৰ কৰিছিল য’ত তেওঁলোকে চৰকাৰী বিষয়াক আক্ৰমণ কৰাৰ উপৰিও ভাৰতৰ জাতীয় পতাকাখনক অসন্মান প্ৰদৰ্শন কৰিছিল । লণ্ডন উচ্চায়ুক্তৰ আক্ৰমণত জড়িত সকলো অভিযুক্ত খালিস্তানী সমৰ্থক আছিল বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

শেহতীয়াকৈ অনুসন্ধানকাৰী দলটোৱে কেৰালাৰ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ সদস্য আয়ুব টিএৰ অৱস্থান বিচাৰিবলৈও অভিযান আৰম্ভ কৰিছে, যিজন বৰ্তমান পলাতক অৱস্থাত আছে । সংস্থাটোৱে 2022 বৰ্ষৰ 19 ছেপ্তেম্বৰৰ দিনা আৰ চি-02/2022/NIA/KOC নম্বৰত ৰুজু হোৱা এক গোচৰৰ অধীনত আয়ুবক বিচাৰি অভিযান চলাইছে । সন্ত্ৰাস বা ধন সৰবৰাহৰ গোচৰত জড়িত হৈ পলায়ন অৱস্থাত থকা অপৰাধীৰ অৱস্থান বিচাৰি উলিওৱাই হ’ল নিয়া অনুসন্ধানকাৰী দলটোৰ দায়িত্ব ।

উল্লেখ্য যে, সংস্থাটোৰ ট্ৰেক টিমে ইয়াৰ পূৰ্বে কেইবাজনো পলায়নকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে, ‘দলটোৱে অন্যান্য ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা যেনে চিবিআই, ইণ্টাৰপ’ল আদিৰ পৰাও সহায় লয় বুলি উল্লেখ কৰে ৷ শেহতীয়াকৈ নিয়াৰ অনুসন্ধানকাৰী দলটোৱে বিদেশত আশ্ৰয় লৈ থকা কেইবাজনো গেংষ্টাৰ তথা খালিস্তানী সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াইছিল । খালিস্তানী সন্ত্ৰাসবাদী মনদ্বীপ সিঙৰ সন্ধান ফিলিপাইনছ, হৰজোৎ সিঙৰ আমেৰিকা আৰু অমৃক সিঙৰ সন্ধান ফিলিপাইনছৰ পৰা উলিয়াবলৈ সক্ষম হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Road accident: মৰণফান্দলৈ পৰিণত ৰাজপথৰ গাঁত, অকাল মৃত্যুক সাৱটিলে প্ৰাঞ্জলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.