ETV Bharat / bharat

Atiq Ahmed killed: আতিক আহমেদ হত্যাকাণ্ডক ষড়যন্ত্ৰ আখ্যা; মুখ্যমন্ত্ৰী যোগীৰ পদত্যাগ দাবী - Rashid Alvi demands Jogis resignation

উত্তৰ প্ৰদেশৰ আইন-শৃংখলা পৰিস্থিতিক সমালোচনা কংগ্ৰেছৰ (congress slams UP govt on law and order) । শনিবাৰে কংগ্ৰেছ নেতা ৰছিদ আলভিয়ে সমগ্ৰ ঘটনাটোক 'ষড়যন্ত্ৰ' আখ্যা দি ইয়াৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পদত্যাগ দাবী কৰে ।

Atiq Ahmed Shootout
Atiq Ahmed Shootout
author img

By

Published : Apr 16, 2023, 9:33 AM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিল : আতিক আহমেদৰ হত্যাকাণ্ড সন্দৰ্ভত উত্তৰ প্ৰদেশৰ আইন-শৃংখলা পৰিস্থিতিক সমালোচনা কৰিছে কংগ্ৰেছে (congress slams UP govt on law and order) । শনিবাৰে দিল্লীত কংগ্ৰেছ নেতা ৰছিদ আলভিয়ে সমগ্ৰ ঘটনাটোক এক 'ষড়যন্ত্ৰ' বুলি অভিহিত কৰি ইয়াৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পদত্যাগ কৰা উচিত বুলি তেওঁ কয় (Rashid Alvi labels Atiqs shootout as conspiracy) ।

তেওঁ লগতে বিষয়টোৰ পুংখানুপুংখ আৰু ন্যায়িক তদন্তৰ দাবী জনায় । কিয়নো তেওঁ সোঁৱৰাই দিয়ে উক্ত ঘটনাটো সংঘটিত হৈছে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত । সেয়ে ঘটনাটোৰ প্ৰকৃতিৰ কথা মনত পেলাই দি তেওঁ যোগীৰ পদত্যাগ দাবী কৰে (Rashid Alvi demands Jogis resignation) । "এই ঘটনাই উত্তৰ প্ৰদেশৰ সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতি প্ৰদৰ্শন কৰে । এইটো এটা ডাঙৰ ষড়যন্ত্ৰ যেনো লাগিছে । ইয়াৰ পুংখানুপুংখ আৰু ন্যায়িক তদন্ত হ'ব লাগে আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে (congress demands judicial inquiry of Atiq murder) ।" আলভিয়ে কয় ।

আনহাতে, ঘটনাটো সংঘটিত হোৱাৰ পিচত এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইচিয়েও যোগী চৰকাৰক সমালোচনা কৰা দেখা গৈছে । তেওঁ কয় যে এই ঘটনাটো ৰাজ্যখনত আইন-শৃংখলা ব্যৱস্থাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীৰ বিফলতাৰ এক সঠিক উদাহৰণ । আছাদুদ্দিন ওৱেইচিয়ে টুইটাৰযোগে কয়, "আতিক আৰু তেওঁৰ ভাতৃ আৰক্ষীৰ জিম্মাত আছিল । তেওঁলোকক হাতকেৰেয়া পিন্ধোৱা হৈছিল । জয় শ্ৰীৰাম শ্লোগানো দিয়া হৈছিল। দুয়োজনৰ হত্যা যোগীৰ আইন-শৃংখলা ব্যৱস্থাৰ বিফলতা । যিসকলে এনকাউণ্টাৰৰাজ উদযাপন কৰে তেওঁলোকেই এই হত্যাকাণ্ডৰ বাবে দায়ী ।"

উল্লেখ্য, মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক শনিবাৰে গুলীয়াই হত্যা কৰা হয় । আতিক আৰু তেওঁৰ ভাতৃক প্ৰয়াগৰাজত চিকিৎসাৰ বাবে লৈ যোৱা অৱস্থাতে হত্যা কৰা হয় । ইফালে উত্তৰ প্ৰদেশৰ আইন-শৃংখলা পৰিস্থিতি বজাই ৰাখিবলৈ আৰক্ষীয়ে ৰাজ্যখনৰ কেইবাটাও ঠাইত ফ্লেগ মাৰ্চ চলাই আছে । আনহাতে, ৰাজ্যখনৰ সকলো জিলাতে ১৪৪ ধাৰা জাৰি কৰা হৈছে ।

এইখিনিতে উল্লেখ কৰি থওঁ যে আতিক আহমেদক ২০০৫ চনৰ বিএছপি বিধায়ক ৰাজু পাল হত্যাকাণ্ডৰ গোচৰত আৰু এই বছৰৰ ফেব্ৰুৱাৰীত সংঘটিত উমেশ পাল হত্যাকাণ্ডৰ গোচৰতো অভিযুক্ত কৰা হৈছিল ।

লগতে পঢ়ক :Atiq Murder case: মাফিয়া আতিকৰ বিৰুদ্ধে আছিল শতাধিক গোচৰ আবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.