ETV Bharat / bharat

Atiq Ahmed shot dead : আতিক আহমেদ হত্যাকাণ্ডৰ দৃশ্য বন্দী হ’ল ৰাষ্ট্ৰীয় সংবাদমাধ্যমত - Atiq Ahmed murder case

গেংষ্টাৰৰ আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক হত্যা কৰাৰ পিচতে জয় শ্ৰী ৰাম ধ্বনিৰে শ্লোগান দিয়ে হত্যাকাৰীয়ে (Atiq Ahmed murder captured on national television) ৷

Atiq Ahmed murder captured on national television
আতিক আহমেদ হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হ’ল ৰাষ্ট্ৰীয় সংবাদমাধ্যমত
author img

By

Published : Apr 16, 2023, 8:12 PM IST

নেশ্যনেল ডেস্ক, 16 এপ্ৰিল : এইবাৰ চিনেমাত নহয়, বাস্তৱ জীৱনত দেখা গ’ল অন কেমেৰা গুলীয়াই হত্যা কৰাৰ শিহৰণকাৰী ঘটনা (Atiq Ahmed shot dead ) ৷ শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু ভাতৃ আশ্ৰফক আততায়ীয়ে অন কেমেৰা শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে (Atiq Ahmed murder case) ।

উমেশ পাল হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত নিহত গেংষ্টাৰ ভাতৃদ্বয়ক চিকিৎসাৰ বাবে লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ উপস্থিতিত সাংবাদিকৰ ভেশ ধৰি এজন লোকে চকুৰ পচাৰতে আতিকৰ মূৰত গুলীয়াই লগাৰ লগতে আশ্ৰফকো গুলীয়াই হত্যা কৰে । হত্যাৰ কিছু মুহূৰ্তৰ পূৰ্বে উমেশ পাল হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত নিহত গেংষ্টাৰ ভাতৃদ্বয়ে চিকিৎসাৰ বাবে লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে কথা পাতি আছিল । তেওঁলোকৰ হত্যাৰ দৃশ্য স্পষ্টভাৱে কেমেৰাত বন্দী হয় (Atiq Ahmed murder captured ) ।

শনিবাৰে পুত্ৰ আছাদৰ শেষকৃত্যলৈ কিয় লৈ নগ'ল বুলি সোধা প্ৰশ্নৰ উত্তৰত আতিকে কৈছিল যে, "তেওঁলোকে আমাক লৈ যোৱা নাছিল, সেয়েহে আমি যোৱা নাছিলোঁ ।" আতিক আহমেদে আন এটা বাক্যৰে আৰম্ভ কৰিছিল, ‘‘কথাটো হ'ল যে গুড্ডু মুছলীম...’’ বাক্যটো শেষ নহওঁতেই এজন ব্যক্তিয়ে সাংবাদিক ভংগীমা দি থকা এজনে আহি অতৰ্কিতে মূৰত গুলীচালানা কৰেহি (Atiq Ahmed death news) ৷

লগে লগে আতিক আহমেদ মাটিত ঢলি পৰে ৷ তাৰ পিচতে আতিকৰ ভাতৃ আশ্ৰফক গুলীয়াই হত্যা কৰে ৷ লগে লগে উপস্থিত সাংবাদিকসকলে সমগ্ৰ দৃশ্য নিজ কেমেৰাত বন্দী কৰিছিল (Atiq Ahmed murder on national television) ৷

ঘটনাস্থলীত গুলীৰ শব্দ অধিক শুনাত লোকসকল ঘটনাস্থলীত উপস্থিত থকা লোকসকল পলায়ন কৰিছিল (Atiq Ahmed murder captured on national television) ৷ আৰক্ষীয়ে এজন শ্বুটাৰক পিচফালৰ পৰা বাধা দিবলৈ চেষ্টা কৰাত শ্বুটাৰটোৱে মাটিলৈ গুলী কৰে ৷ ভাতৃদ্বয়ক হত্যা কৰাৰ পিচতে হত্যাকাৰী দুটাই জয় শ্ৰী ৰাম ধ্বনিৰে শ্লোগান দিয়ে ৷ এই ফুটেজটো ওৰে নিশা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছিল ।

আতিক আহমেদক উমেশ পাল হত্যাকাণ্ডৰ গোচৰত প্ৰয়াগৰাজ আদালতে দোষী সাব্যস্ত কৰিছিল । আতিকক আজীৱন কাৰাদণ্ড দিয়া হৈছিল । আতিকৰ পুত্ৰ আছাদক এই সপ্তাহৰ আৰম্ভণিতে আৰক্ষীয়ে এনকাউণ্টাৰ কৰি গুলীয়াই হত্যা কৰিছিল ।

উল্লেখ্য যে, আতিক আহমেদৰ হত্যাকাণ্ডৰ পিচতে বিভিন্ন বিৰোধী নেতাই তীব্ৰ সমালোচনা কৰিছে ৷ বিৰোধী নেতাসকলে ৰাজ্যখনৰ 'আইন-শৃংখলা' পৰিস্থিতিৰ ওপৰত যোগী চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে ৷ ইতিমধ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ডটোৰ তদন্তৰ বাবে তিনিজনীয়া ন্যায়িক আয়োগক নিৰ্দেশ দিছে ।

লগতে পঢ়ক: Atiq Ahmed Murder Case: জনপ্ৰিয়তা আৰ্জিবলৈ আতিক-আশ্ৰফক হত্যা কৰিব বিচাৰিছিলোঁ; হত্যাকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.