ETV Bharat / bharat

ত্ৰিপুৰাত হঠাৎ বন্ধ হৈ পৰিল বাহনৰ চলাচল; যাত্ৰীৰ হাহাকাৰ - Assault on driver

তেলিয়ামুৰাস্থিত ISBTত এগৰাকী চালকক ISBTৰ এগৰাকী কৰ্মচাৰীয়ে প্ৰহাৰ কৰাৰ পাচতে উত্তপ্ত হৈ পৰে সমগ্ৰ চহৰখন ৷ কৰ্মচাৰীগৰাকীয়ে ৰাজহুৱা স্থানতে চালকগৰাকীক উপৰ্যুপৰি প্ৰহাৰ কৰাত গুৰুতৰভাৱে আহত হয় চালকজন ৷ যাৰ বাবে দেওবাৰে আন আন চালক সকলে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ যাৰ ফলত সমগ্ৰ ৰাজ্যখনতে এক প্ৰকাৰ হাহাকাৰৰ সৃষ্টি হয় ৷ বহু দূৰণিবটীয়া যাত্ৰী বাহন সমূহ চলাচল নকৰাৰ বাবে দিনৰ দিনটো ৰৈ থাকিব লগীয়া হয় ৷

চালকক প্ৰহাৰৰ পাচতে ত্ৰিপুৰাত বন্ধ বাহনৰ চলাচল

author img

By

Published : Apr 19, 2021, 9:34 AM IST

আগৰতলা,19 এপ্ৰিল : শনিবাৰে ত্ৰিপুৰাৰ এগৰাকী চালকক ISBTৰ এগৰাকী কৰ্মচাৰীয়ে প্ৰহাৰ কৰাৰ পাচতে উত্তপ্ত হৈ পৰে সমগ্ৰ চহৰখন ৷ পাৰ্কিঙক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা বাক-বিতণ্ডা পৰৱৰ্তী সময়ত আক্ৰমনাত্মক হৈ পৰে ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা চালকজনৰ বাবে ন্যায় বিচাৰি দেওবাৰে সকলো চালকে তেলিয়ামুৰাস্থিত ISBTত প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ ঘটনা অনুসৰি, শনিবাৰে যাত্ৰী ভৰ্তি বাহনখন ISBTত উপস্থিত হোৱাৰ পাচত যাত্ৰীসকল বাহনখনৰ পৰা নামি থকাৰ সময়তে ISBTৰ কৰ্মচাৰগৰাকীয়ে আহি জৰিমনা বিহে ৷ তাৰ পাচতে সৃষ্টি হয় কাজিয়াৰ ৷

চালকক প্ৰহাৰৰ পাচতে ত্ৰিপুৰাত বন্ধ বাহনৰ চলাচল
চালকক প্ৰহাৰৰ পাচতে ত্ৰিপুৰাত বন্ধ বাহনৰ চলাচল

জৰিমনা দিবলৈ অমান্তি হোৱাত কৰ্মচাৰীগৰাকীয়ে ৰাজহুৱা স্থানতে চালকগৰাকীক উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় চালকজন ৷ এই ঘটনা সংঘটিত হোৱাৰ পাচতে আন চালকসকলে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে ৷ বিভাগীয় কৰ্তৃপক্ষই কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত দেওবাৰে চালক সকলে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ যাৰ ফলত সমগ্ৰ ৰাজ্যখনতে এক প্ৰকাৰ হাহাকাৰৰ পৰিস্থিতি সৃষ্টি হয় ৷ বহু দূৰণিবটীয়া যাত্ৰী বাহন সমূহ চলাচল নকৰাৰ বাবে দিনৰ দিনটো ৰৈ থাকিব লগীয়া হয় ৷

চালকসকলে ন্যায় নোপোৱা পৰ্যান্ত প্ৰতিবাদ বন্ধ নকৰাৰ হুংকাৰ দিয়াৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবী তোলে ৷ চালকৰ ওপৰত প্ৰহাৰ বন্ধ কৰক, আমাক ন্যায় লাগে আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: ত্ৰিপুৰাত শোকাৱহ ৰে’ল দুৰ্ঘটনাত নিহত দুই ৰে’ল কৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.