ETV Bharat / bharat

Nam Prasanga in Mumbai: পবিত্ৰ ভাদ মাহত মুম্বাইতো ধ্বনিত হ'ল 'জয়‌গুৰু শংকৰ সৰ্বগুণাকৰ'

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 8:17 PM IST

পবিত্ৰ ভাদ মাহত হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিল মুম্বাইৰ আকাশ-বতাহ ৷ অসমীয়া সমাজ গগণা আছামিজ পিপলছ এছোচিয়েচনে ভাদ মাহৰ অন্তিম দিনা অৰ্থাৎ দেওবাৰে দ্বিতীয়বাৰৰ বাবে এষাৰি নাম-প্ৰসংগৰ আয়োজন কৰে । ভকতবৃন্দ‌ই নাগাৰা নাম তথা দিহানাম সুন্দৰকৈ পৰিৱেশন কৰে । নাম-প্ৰসংগৰ পিচত মাহ-প্ৰসাদ বিতৰণ কৰাৰ লগতে এমুঠি অন্নৰেও ভকতবৃন্দক আপ্যায়ন কৰা হয় ।

Nam Prasanga in Mumbai
মুম্বাইতো ধ্বনিত হ'ল জয়‌গুৰু শংকৰ সৰ্বগুণাকৰ

নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ: পৱিত্ৰ ভাদমাহ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা সত্ৰ-নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰাৰ লগতে সুদূৰ মুম্বাইতো অসমীয়া সমাজ গগণা আছামিজ পিপলছ এছোচিয়েচনে ভাদ মাহৰ অন্তিম দিনা দেওবাৰে দ্বিতীয়বাৰৰ বাবে পৱিত্ৰ মাহটিৰ এষাৰি নাম-প্ৰসংগৰ আয়োজন কৰে ।

নামাচাৰ্য অনিল কুমাৰ দাসৰ তত্বাৱধানত আয়োজন কৰা হয় এই নাম-প্ৰসংগ । মুম্বাইৰ লোধা একুৱা ক্লাব হাউছত অনুষ্ঠিত হোৱা ভাদমহীয়া নাম প্ৰসংগত অসমীয়া ৰাইজে ডিঙিত অসমীয়া জাতিৰ স্বাভিমানৰ গামোচা লৈ প্ৰকৃত নামঘৰীয়া সাজেৰে নাম-প্ৰসংগ কৰে ।

এই নাম প্ৰসংগত সকলো অসমীয়া লোক একত্ৰিত হৈ তথা একাংশ‌ ভকতে নিজাববীয়াকৈ শৰাই নৈবেদ্য আগবঢ়াই ভগৱন্তৰ গুণানুকীৰ্তন কৰে । অনুষ্ঠানত কীৰ্তন পাঠ কৰে প্ৰদীপ চন্দ্ৰ গগৈয়ে । ভকতবৃন্দ‌ই নাগাৰা নাম তথা দিহানাম সুন্দৰকৈ পৰিৱেশন কৰে । নাম-প্ৰসংগৰ পিচত মাহ-প্ৰসাদ বিতৰণ কৰাৰ লগতে এমুঠি অন্নৰেও ভকতবৃন্দক আপ্যায়ন কৰা হয় ।

এই সমূহীয়া ভাদ মাহৰ নামত প্ৰবাসী অসমীয়াসকলে অংশগ্ৰহণ কৰি হৰিনামৰ ৰসত বুৰ যায় । এই অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰাত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে উপস্থিত ৰাইজক গগণাৰ সাধাৰণ সম্পাদক মাধুৰ্য নাৰায়ণ বৰা আৰু উপ-সভাপতি হেমন্ত ভূঞাই ধন্যবাদ জনায় ।

উল্লেখ্য যে, অসমীয়া সমাজ জীৱনৰ আটাইতকৈ পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয় ভাদ মাহ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাব তিথি, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ আদি বিভিন্ন তিথি, মহোৎসৱৰ সমাহাৰেৰে পবিত্ৰ ভাদ মাহটো সকলোৰে আদৰৰ । এই পবিত্ৰ ভাদ মাহত হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে ৰাজ্যৰ আকাশ-বতাহ ৷

লগতে পঢ়ক: Tirubhav Tithi of Srimanta Sankardev 2023: হৰি নামৰ ধ্বনিৰে মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.