ETV Bharat / bharat

Gamosa at Mt Kanchenjunga : কাঞ্চনজংঘা জয় দুই অসমীয়াৰ ; উৰিল অসমৰ গামোচা

author img

By

Published : May 25, 2023, 1:04 PM IST

পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা সফলতাৰে আৰোহণ কৰিলে অসমৰ দুই পৰ্বতাৰোহী ক্ৰমে ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে (Two climbers from Assam climbs Kanchenjunga)। তেওঁলোকে শৃংগৰ শিখৰত গৈ ৰাষ্ট্ৰীয় পতাকাৰ লগতে অসমৰ গামোচাও উৰুৱালে । পৰ্বতাৰোহীৰ লগতে অসম পৰ্বতাৰোহণ সন্থাক অভিনন্দন জনালে মুখ্যমন্ত্ৰীয়ে ।

Gamosa at Mt Kanchenjunga
কাঞ্চনজংঘাত উৰিল অসমৰ গামোচা

নেশ্যনেল ডেস্ক,২৫ মে': অসমবাসীৰ বাবে গৌৰৱৰ খবৰ । পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘাত উৰিল অসমীয়াৰ স্বাভিমান গামোচা (Assam climbers unfurled Gamosa at Mt Kanchenjunga)। অসমৰ দুগৰাকী পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ লগতে গামোচা উৰুৱালে ।

দুয়োগৰাকী পৰ্বতাৰোহীয়ে ২৫ মে'ৰ পুৱা প্ৰায় ৭:১৫ বজাত আৰোহণ কৰি মাউণ্ট কাঞ্চনজংঘাত উপস্থিত হয় (Two Assamese successfully climbs Mt Kanchenjunga)। দুয়োগৰাকী অসমীয়াই একেলগে এনেদৰে পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ সফলতাৰে আৰোহণ কৰি অসমবাসীক গৌৰৱান্বিত কৰে ।

কেৱল অসম নহয় উত্তৰ-পূৱৰ ভিতৰতে উজলিল অসম পৰ্বতাৰোহী সন্থা (Assam Mountaineering Association)। কিয়নো এই কৃতিত্ব অৰ্জন কৰা অসম পৰ্বতাৰোহী সন্থা হ'ল উত্তৰ-পূৱৰ একমাত্ৰ পৰ্বতাৰোহী সন্থা । ইফালে অসম পৰ্বতাৰোহী সন্থাক শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো অসম পৰ্বতাৰোহী সন্থাৰ লগতে দুয়োগৰাকী পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথক অভিনন্দন জ্ঞাপন কৰে (Assam CM congratulates AMA)।

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে অসম পৰ্বতাৰোহী সন্থাৰ এটা দলক ৰাষ্ট্ৰীয় পতাকা আৰু বিভিন্ন সামগ্ৰী প্ৰদান কৰি মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ৰ শুভাৰম্ভ কৰিছিল (President flagged off Kanchenjunga Expedition)। অসম ভ্ৰমণৰ দ্বিতীয় দিনটোত ৰাষ্ট্ৰপতিয়ে মানস বৰুৱাৰ নেতৃত্বত ৭ জনীয়া দলটোৰ এই যাত্ৰাৰ শুভাৰম্ভ কৰি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছিল ।

ৰাষ্ট্ৰপতিগৰাকীয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰি কৈছিল যে কাঞ্চনজংঘা প্ৰকৃতিৰ এক সুন্দৰ সৃষ্টি । সেয়ে কাঞ্চনজংঘা আৰোহণ কৰিবলৈ যোৱা অসমৰ দলটোক তেওঁ শুভেচ্ছা জনায় আৰু সফল আৰোহণৰ বাবে প্ৰাৰ্থনা কৰে । ইফালে তেওঁ নিশ্চিত আছিল যে এই অভিযান সফল হ'ব আৰু ভৱিষ্যতে বহুতো পৰ্বতাৰোহীক এনে অভিযানৰ বাবে অনুপ্ৰাণিত কৰিব । এই অভিযানৰ চেফ ডে মিছন অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ৰাষ্ট্ৰপতিক পৰম্পৰাগত গামোচাৰে আদৰণি জনাইছিল ।

লগতে পঢ়ক :HSLC 2023:মেট্ৰিকত চতুৰ্থ স্থানপ্ৰাপ্ত জুবেইৰক লৈ শোভাযাত্ৰা বিদ্যালয় শিক্ষক-শিক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.