ETV Bharat / bharat

বৈৰাবী আৰু চাইৰাং সংযোগী ৰে’লৱে নিৰ্মাণ ক্ষেত্ৰত ভূমিস্খলন, অসমৰ দুজন শ্ৰমিকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 11:27 AM IST

উত্তৰ পূব ৰে’লৱেৰ অধীনত মিজোৰামৰ বৈৰাবী আৰু চাইৰাং সংযোগীৰে’লৱে নিৰ্মাণ ক্ষেত্ৰৰ টানেল নং 12 এ ত ভূমিস্খলন ৷ অতৰ্কিতে শিল খহাৰ ফলত দুই অসমীয়া শ্ৰমিকৰ মৃত্যু হয় ৷

Mizoram Landslide
মিজোৰামৰ নিৰ্মাণধীন ৰে’লৱে প্ৰকল্পত অঘটন

তেজপুৰ, 23 নৱেম্বৰ : মিজোৰামত পুনৰ অঘটন । এই দুৰ্ঘটনাত অসমৰ দুজন শ্ৰমিকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । উত্তৰ পূব ৰে’লৱেৰ অধীনত মিজোৰামৰ বৈৰাবী আৰু চাইৰাং সংযোগী ৰে’ল প্ৰকল্পৰ টানেল নং 12 এ ত ভূমিস্খলন হোৱাৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হয় ৷

বুধবাৰে বিয়লি কাউনপুই ৰে’লৱে ষ্টেচনৰ সমীপত প্ৰকাণ্ড শিল খহনীয়াৰ ফলত শ্ৰমিক দুজনে মৃত্যুক আঁকোৱালি লয়। শ্ৰমিক দুজন নগাওঁ জিলাৰ দীপক দত্ত আৰু দুৰ্গা প্ৰসাদ পাছি (53) বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে।

স্থানীয় সূত্ৰমতে, এই নিৰ্মাণ কাৰ্যত মাটি খন্দা যন্ত্ৰকে ধৰি গধুৰ যন্ত্ৰ-পাতি ব্যৱহাৰ কৰা হৈছিল ফলস্বৰূপে পাহাৰীয়া অঞ্চলত ভূমিৰ ভাৰসাম্যতা হেৰাই গৈছে ৷ ইয়াৰ সমান্তৰালকে শ্ৰমিকসকলে হাতেৰে শিলসমূহ ভাঙি আঁতৰোৱাৰ কামত নিয়োজিত হৈ আছে ৷ শ্ৰমিকসকলে কৰ্মৰত সময়তে অতৰ্কিতে শিল খহাৰ ফলত তেওঁলোক সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সময় নাপালে ৷ যাৰ ফলত দুয়োগৰাকী শ্ৰমিকৰ থিতাতে মৃত্যু হয় ৷

এই ঘটনাৰ পিচত ৰে’লৱে কৰ্তৃপক্ষৰ লগতে স্থানীয় আৰক্ষীয়ে ততাতৈয়াকৈ মৃতদেহকেইটা কাউনপুই হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ এই ঘটনা সন্দৰ্ভত ৰে’লৱে কৰ্তৃপক্ষই এই মুহূৰ্ততলৈ কোনো তথ্য সদৰী কৰা নাই ৷ ইতিমধ্যে মৃতকৰ নশ্বৰ দেহ অন্তিম সংস্কাৰৰ বাবে তেওঁলোকৰ নিজ নিজ বাসগৃহলৈ প্ৰেৰণ কৰা হৈছে ৷

লক্ষণীয় যে, চলিত বৰ্ষৰে 23 আগষ্টৰ পুৱা প্ৰায় 10 বজাত মিজোৰামৰ বৈৰাবী আৰু চাইৰাং সংযোগী কুৰুং নদীৰ ওপৰত নিৰ্মীয়মান ৰে’লৱে দলংখন হঠাৎ ভাগি পৰিছিল ৷ এই দুৰ্ঘটনাত ২৩ জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 20 গৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈছিল ৷

লগতে পঢ়ক: Railway bridge collapsed in Mizoram: মিজোৰামৰ দুৰ্ঘটনাক লৈ ৰে’ল বিভাগক মমতা বেনাৰ্জীৰ কঠোৰ সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.