নেশ্যনেল ডেস্ক, ২৯ মে': মিজোৰাম আৰু মণিপুৰত যুটীয়া অভিযান চলাই অসম ৰাইফলছ আৰু শুল্ক প্ৰতিৰোধী বাহিনীয়ে ৯ কোটি টকাৰো অধিক মূল্যৰ চোৰাং সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । শুকুৰবাৰে এই কথা প্ৰকাশ কৰে অসম ৰাইফলছে ।
২৮ মে'ত আছাম ৰাইফলছৰ ছেৰছিপ বেটেলিয়নে শুল্ক প্ৰতিৰোধী বাহিনীৰ সৈতে লগ লৈ মিজোৰামৰ লংটলাই জিলাৰ চাংগাউ গাঁৱত অভিযান চলায় । এই অভিযানত ৫১.৯৪ লাখ টকাৰ বিদেশী চিগাৰেটৰ ৩৯ টা পেকেট জব্দ কৰে অভিযানকাৰী দলটোৱে ।
আনহাতে, একেটা দিনতে মণিপুৰৰ টেংনৌপল জিলাৰ খুডেংথাবি গাঁৱত চলোৱা এক অভিযানত অসম ৰাইফলছে অবৈধভাৱে সৰবৰাহ কৰা ছুপাৰি, আফিম আৰু কাঠ জব্দ কৰে । এই সামগ্ৰীখিনিৰ মূল্য ৯.২৪ কোটি টকা বুলি জানিব পৰা গৈছে । অভিযানকাৰী দলটোৱে গাঁওখনৰ পৰা দুখন ট্ৰাকো জব্দ কৰে ।
আছাম ৰাইফলছে টুইটযোগে এই কথা জানিবলৈ দিছে । বৃহস্পতিবাৰে আছাম ৰাইফলছৰ লোকটক বেটেলিয়নে মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মোলহোই গাঁৱৰ পৰা জেলিয়াংৰোং ইউনাইটেড ফ্ৰণ্ট-জেনচুইৰ এজন সক্ৰিয় কেডাৰকো আটক কৰে ।