ETV Bharat / bharat

মিজোৰামৰ সামৰিক নাৰ্চিং সেৱাৰ বাবে অসম ৰাইফলছৰ বিশেষ পদক্ষেপ - মিজোৰামৰ যুৱ প্ৰজন্ম

অসম ৰাইফলছে মিজোৰামৰ সামৰিক নাৰ্চিং সেৱাৰ বাবে গাইডেন্স কেপচুল শীৰ্ষক এক অভিযান আৰম্ভ কৰিছে ৷ সমাজ কল্যাণ অভিযানৰ অংশ হিচাপে 1 মাৰ্চৰ পৰা আৰম্ভ হৈছে এই অভিযান ৷

মিজোৰামৰ সামৰিক নাৰ্চিং সেৱাৰ বাবে অসম ৰাইফলছৰ বিশেষ পদক্ষেপ

author img

By

Published : Mar 1, 2021, 10:35 PM IST

নেচনেল ডেস্ক, 1 মাৰ্চ: ভাৰতীয় সেনাৰ কেৰিয়াৰৰ দিশত সম্ভাৱনা তথা সুবিধাৰ কথা চিন্তা কৰি অসম ৰাইফলৰ 46 বেটেলিয়নে সামৰিক নাৰ্চিং সেৱাৰ প্ৰাৰ্থীসকলৰ বাবে ছয় সপ্তাহৰ এক গাইডেন্স কেপচুল আৰম্ভ কৰিছে ৷ সমাজ কল্যাণ অভিযানৰ অংশ হিচাপে 1 মাৰ্চৰ পৰা আৰম্ভ হোৱা এই অভিযান 10 এপ্ৰিললৈকে চলিব ৷

মিজোৰাম ৰাজ্যত মহিলা সকলৰ সবলীকৰণৰ লক্ষ্য আগত ৰাখি এই অনুষ্ঠান আৰম্ভ হৈছে ৷ জানিব পৰা মতে তিনিটা পৰ্যায়ত এই অভিযান সম্পন্ন হ'ব ৷ উল্লেখ্য যে, বিভিন্ন বিষয় যেনে উদ্ভিদবিজ্ঞান, প্ৰাণীবিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ইংৰাজী, যুক্তি, কাৰেণ্ট এফেয়াৰ্চ আৰু পূৰ্বৰ প্ৰশ্নপত্ৰৰ অনুশীলনৰ দৰে বিভিন্ন বিষয়ৰ ওপৰত এই গাইডেন্স কেপচুলত গুৰুত্ব দিয়া হৈছে ৷

সমাজৰ অগ্ৰগতিৰ লগতে মিজোৰামৰ যুৱ প্ৰজন্মৰ মাজত জাতীয়তাবাদৰ ধাৰণা জগাই তোলা আৰু তেঁওলোকৰ বাবে সুযোগৰ নতুন পথ মুকলি কৰি ৰাজ্যখনৰ বাবে তেওঁলোকক সমুখ সমৰৰ যোদ্ধা হিচাপে গঢ়ি তোলা ইত্যাদি বিভিন্ন লক্ষ্য এই গাইডেন্স কেপচুলে সামৰি লৈছে ৷

লগতে পঢ়ক: ইষ্টাৰ্ণ নেভেল কমাণ্ডাৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ অজেন্দ্ৰ বাহাদুৰ সিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.