ETV Bharat / bharat

Manipur violence updates: মণিপুৰৰ নাগৰিক সংগঠনৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ অসম ৰাইফলছৰ

author img

By

Published : Jul 23, 2023, 5:20 PM IST

সাধাৰণ নাগৰিকক অস্ত্ৰ সম্বৰণ নকৰিবলৈ প্ৰৰোচিত কৰাৰ ভয়ংকৰ অভিযোগ মণিপুৰৰ এটা নাগৰিক গোটৰ বিৰুদ্ধে ৷ অসম ৰাইফলছে দাখিল কৰিলে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৷ পঢ়ক সবিশেষ...

Assam Rifles files sedition case
Manipur violence updates

নিউজ ডেস্ক, 23 জুলাই: মণিপুৰৰ ৰাজধানী চহৰৰ প্ৰভাৱশালী নাগৰিক গোট Coordinating Committee on Manipur Integrity (COCOMI) ৰ মুৰব্বীৰ বিৰুদ্ধে অসম ৰাইফলছে দেশদ্ৰোহ আৰু মানহানিৰ গোচৰ ৰুজু কৰিছে । উচ্চস্তৰীয় প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, ১০ জুলাইত COCOMIৰ বিৰুদ্ধে প্ৰথম এজাহাৰ ৰুজু কৰা হৈছিল ৷ য'ত অভিযোগ কৰা হয় যে, সংগঠনটোৱে মানুহক অস্ত্ৰ সম্বৰণ নকৰিবলৈ আহ্বান জনাইছিল ।

এজন আৰক্ষী বিষয়াই কয়, "আমি COCOMI ৰ আহ্বায়ক জিতেন্দ্ৰ নিংগোম্বাৰ বিৰুদ্ধে চুৰাচান্দপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ (IPC) ধাৰা ১২৪ A ৰ অধীনত দেশদ্ৰোহ সম্পৰ্কীয় এজাহাৰ পঞ্জীয়ন কৰিছোঁ; জাতি, জন্মস্থান, বাসস্থান, ভাষা আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা প্ৰসাৰিত কৰাৰ অভিযোগত ১৫৩ A (IPC) ধাৰাও আৰোপ কৰা হৈছে ।"

সূত্ৰই অভিযোগ কৰা মতে, যোৱা ৩০ জুনত বিষ্ণুপুৰৰ মৈৰাঙত বহু মহিলা প্ৰতিবাদকাৰীক সেনাবাহিনীয়ে আক্ৰমণ চলাইছিল । অৱশ্যে সেনাই এই অভিযোগ অস্বীকাৰ কৰিছে । যোৱা ৪ জুনত কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা এক স্মাৰক পত্ৰত COCOMIয়ে অসম ৰাইফলছৰ ঠাইত আন কোনো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী স্থাপন কৰিবলৈ দাবী জনাইছিল আৰু লগতে স্থানীয় যুৱক-যুৱতীসকলে অস্ত্ৰ আত্মসমৰ্পণ কৰিবলৈ ইচ্ছুক নহয় বুলি উল্লেখ কৰিছিল ।

লগতে পঢ়ক: Turbulent Manipur: দুৰ্বৃত্তই জীৱন্তে জ্বলালে মুক্তিযোদ্ধাৰ ৮০ বছৰীয়া পত্নীক

যোৱা ৩ মে’ত ৰাজ্যখনত জাতিগত সংঘাতৰ সৃষ্টি হোৱাৰ পিচত প্ৰায় ৪ সহস্ৰাধিক অস্ত্ৰ-শস্ত্ৰ আৰু লাখ লাখ গোলা-বাৰুদ আৰক্ষীৰ অস্ত্ৰভাণ্ডাৰৰ পৰা হয় লুটি নিয়া হৈছিল অথবা কাঢ়ি লৈ গৈছিল । ২৯ মে’ৰ পৰা ১ জুনলৈ ৰাজ্যখন ভ্ৰমণ কৰাৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে আবেদন জনোৱাৰ পাচতো মাত্ৰ ১৬০০ ত অলপ বেছি অস্ত্ৰ-শস্ত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে বা জনসাধাৰণে আত্মসমৰ্পণ কৰিছে ।

প্ৰথমে জুন মাহত গৱৰ্ণৰ অনুসূয়া উইকীয়ে গঠন কৰা শান্তি সমিতিৰ COCOMI অংশ আছিল যদিও, ম্যানমাৰৰ পৰা অহা নাৰ্কো সন্ত্ৰাসবাদী আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰালৈকে অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল । ইফালে ১৯ জুলাইত প্ৰকাশ পোৱা ভাইৰেল ভিডিঅ’টোৰ পিচতে মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে ৰাজ্যজুৰি কোনো ধৰণৰ ফ্লেয়াৰ আপ ৰোধ কৰিবলৈ নিৰাপত্তা কটকটীয়া কৰিছে ।

আৰক্ষীয়ে জনোৱা মতে, বহু সন্দেহযুক্ত আত্মগোপন স্থানত অভিযান চলাই বাকী থকা দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সৰ্বাত্মক প্ৰচেষ্টা চলাইছে । মণিপুৰ আৰক্ষীয়ে ৰাজ্যৰ কাংপকপি জিলাত ৪ মে’ত দুগৰাকী জনজাতীয় মহিলাৰ পেৰেডিঙৰ সন্দৰ্ভত এই পৰ্যন্ত ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Threat to Meitei community: মিজোৰ কল্যাণৰ বাবে মেইটেয়ে ত্যাগ কৰক মিজোৰাম; পামৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.