ETV Bharat / bharat

NSCN Cadre detained: অৰুণাচল প্ৰদেশত এনএছচিএন কে (ৱাই এ) ৰ দুজন সদস্য আটক - Assam Rifles Arrested Two OGWs of NSCN

দেওবাৰে অৰুণাচল আৰক্ষীৰ সৈতে চলোৱা যৌথ অভিযানত অসম ৰাইফলছে টিৰাপ জিলাত নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডৰ (এন এছ চি এন) কে (ৱাই এ) ৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পূৰ্বে শুকুৰবাৰে অসম ৰাইফলছে নাগালেণ্ডত নেছনেল ছচিয়েলিষ্ট কাউনঞ্চিল অফ নাগালেণ্ড চমুকৈ এনএছচিএন (আই এম)ৰ দুজন কেডাৰক গ্ৰেপ্তাৰ কৰিছিল (NSCN Cadre Arrested) ৷

Two NSCN K YA Arrested in Arunachal Pradesh
এনএছচিএন কে কেডাৰ আটক
author img

By

Published : Apr 17, 2023, 7:14 AM IST

Updated : Apr 17, 2023, 8:12 AM IST

নিউজ ডেস্ক, 17 এপ্ৰিল: দেওবাৰে অৰুণাচল আৰক্ষীৰ সৈতে চলোৱা যৌথ অভিযানত অসম ৰাইফলছে টিৰাপ জিলাত নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডৰ (এন এছ চি এন) কে (ৱাই এ) ৰ দুজন অভাৰগ্ৰাউণ্ড সদস্যক আটক কৰে (NSCN Cadre Arrested) ৷

এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, "অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খানু গাঁৱত 16 এপ্ৰিলত অসম ৰাইফলছে অভিযান চলাই এন এছ চি এন কে (ৱাএ এ)ৰ দুজন সক্ৰিয় OGW ক আটক কৰে" ৷ বিশেষ সূত্ৰৰ ভিত্তিত অঞ্চলটোত এই অভিযান চলোৱা হৈছিল বুলি অসম ৰাইফলছে উল্লেখ কৰিছে (Assam Rifles Arrested Two OGWs of NSCN) ৷

অসম ৰাইফলছে উল্লেখ কৰিছে যে, বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অৰুণাচল আৰক্ষীৰ সৈতে যৌথ অভিযান আৰম্ভ কৰা হয় ৷ দলটোৱে ঘেৰাও কৰি অঞ্চলটোৰ পুংখানুপুংখ তালাচী চলায় যাৰ ফলত এন এছ চি এন কে (ৱাই এ) ৰ দুজন সদস্যক আটক কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত অধিক তদন্ত চলি আছে বুলি অসম ৰাইফলছৰ তৰফৰ পৰা জনোৱা হৈছে (Two NSCN K YA Arrested in Arunachal Pradesh) ৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰে অসম ৰাইফলছে নাগালেণ্ডত নেছনেল ছচিয়েলিষ্ট কাউনঞ্চিল অফ নাগালেণ্ড (এনএছচিএন) আই এমৰ দুজন কেডাৰক গ্ৰেপ্তাৰ কৰিছিল (Search Operation Of Assam Rifles) ৷

এক বিবৃতিত কোৱা হৈছে যে, মোককচাং-মৰিয়নি ৰোডত এনএছচিএন (আইএম)ৰ সক্ৰিয় কেডাৰসকলৰ গতিবিধি সন্দৰ্ভত নিশ্চিত সূত্ৰৰ ওপৰত ভিত্তি কৰি এটা অভিযান আৰম্ভ কৰা হৈছিল আৰু এই কেডাৰসকলক ধৰিবলৈ ম’বাইল ভেহিকেল চেক পোষ্ট স্থাপন কৰা হৈছিল ৷ য'ত এনএছচিএনৰ সদস্যই স্থানীয় নাগৰিকক ভাবুকি প্ৰদান কৰি ধন দাবীৰ কাৰ্য-কলাপ চলাই আছিল বুলি তথ্য লাভ কৰিছিল অসম ৰাইফলছে ৷

লগতে পঢ়ক: Traffic cop on car bonnet: গাড়ীৰ বনেটত উঠাই এজন যান বাহন আৰক্ষীক 20 কিঃমিঃ দূৰলৈ লৈ গ’ল ড্ৰাগছ আসক্ত যুৱকে

Last Updated : Apr 17, 2023, 8:12 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.