ETV Bharat / bharat

Assam MP reached Raipur to support protest: ছত্তীশগড়ত আন্দোলনকাৰীৰ কাষত সাংসদ নৱ কুমাৰ শৰণীয়া

author img

By

Published : Nov 17, 2022, 10:10 AM IST

ছত্তীশগড়ত প্ৰয়াত পঞ্চায়ত শিক্ষক সহানুভূতিশীল সন্থাৰ আন্দোলনক সমৰ্থন কৰিবলৈ বুধবাৰে ৰায়পুৰত উপস্থিত হয় কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া । তেওঁ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল চৰকাৰক(Chhattisgarh CM Bhupesh Baghel) অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আহ্বান জনায় ৷

Assam MP reached raipur to support protest
ছত্তিশগড়ত সাংসদ নৱ কুমাৰ শৰণীয়া

নিউজ ডেস্ক, 17 নৱেম্বৰ: কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বুধবাৰে এক বিশেষ কাৰ্যসূচীৰে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত উপস্থিত হয় । উল্লেখ্য যে, প্ৰয়াত পঞ্চায়ত শিক্ষক অনুকম্পামূলক সংঘই অনুকম্পামূলক নিযুক্তিৰ দাবীত বিগত ২০ অক্টোবৰৰ পৰা ৰায়পুৰত অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি আহিছে(Protest of Late Panchayat Teachers Anukampa Sangh) ৷ কোকৰাঝাৰৰ সাংসদগৰাকীয়ে তেওঁলোকক সমৰ্থন দিয়াৰ উদ্দেশ্যৰে জিলাখনত উপস্থিত হয়(Assam MP reached Raipur to support protest) ৷

ছত্তীশগড়ত সাংসদ নৱ কুমাৰ শৰণীয়া

তেওঁ প্ৰতিবাদকাৰীসকলক সাক্ষাৎ কৰি ছত্তীশগড় চৰকাৰখন অতি সংবেদনশীল বুলি উল্লেখ কৰি চৰকাৰে শীঘ্ৰেই সহানুভূতিশীল নিযুক্তি দিব বুলি আশা ব্যক্ত কৰে । তেওঁ লগতে কেবিনেট বৈঠকত চৰকাৰে বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগে বুলি মতামত ব্যক্ত কৰে । যদি ভূপেশ বাঘেল চৰকাৰে এনে নকৰে, তেন্তে জনতাই তেওঁলোকক গাদীৰ পৰা নমাই আনিব বুলি মন্তব্য কৰে শৰণীয়াই ।

কোকৰাঝাৰৰ নিৰ্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াই একেদিনাই ৰায়পুৰত গণ্ডৱানা গণতন্ত্ৰ পাৰ্টিৰ প্ৰদৰ্শনৰ লগতে প্ৰয়াত পঞ্চায়ত শিক্ষক সহানুভূতিশীল সন্থাৰ এই প্ৰদৰ্শনক সমৰ্থন কৰিবলৈ অহাৰ কথা ব্যক্ত কৰে ৷ তেওঁ নিৰ্বাচনৰ পূৰ্বে অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত ভূপেশ বাঘেল চৰকাৰে দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ বাবে চৰকাৰখনক আহ্বান জনায়(Assam MP Naba Kumar Sarnia visits Chhattisgarh) ৷

উল্লেখ্য যে, প্ৰয়াত পঞ্চায়ত শিক্ষকৰ আত্মীয়সকলে অনুকম্পামূলক নিযুক্তিৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা বাধ্যতামূলক শিক্ষাগত অৰ্হতা তথা বি এড, ডি এড আৰু টি ই টি পৰীক্ষাত অৱৰ্তীণ হ’ব লাগিব । যাৰ আধাৰত তেওঁলোকক অনুকম্পামূলক নিযুক্তি দিয়া হ'ব । কিন্তু চৰকাৰখনে এই পৰীক্ষাক লৈ কঠিন নিৰ্দেশনা জাৰি কৰাৰ অভিযোগ উঠিছে ৷ যাৰ বাবে আজিলৈকে এজনো প্ৰাৰ্থীয়ে অনুকম্পামূলক নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

তদুপৰি প্ৰয়াত পঞ্চায়ত শিক্ষকসকলৰ পৰিয়ালৰ আৰ্থিক অৱস্থা অতি শোচনীয় হোৱাত তেওঁলোকে ডি এড, ডি এড তথা টি ই টি পৰীক্ষা অৱৰ্তীণ হোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে ৷ উল্লেখ্য যে, ছত্তীশগড়ত প্ৰয়াত পঞ্চায়ত শিক্ষকৰ প্ৰায় 935 গৰাকী বিধৱা আৰু সন্তান আছে, যিসকলে অনুকম্পামূলক নিযুক্তিৰ দাবী জনাই আহিছে । তেওঁলোকে ডিইডি বিএড আৰু টিইটিৰ প্ৰয়োজনীয় শিথিল কৰাৰ বাবে দাবী জনায় ৷

তেওঁলোকে লগতে প্ৰয়াত পঞ্চায়ত শিক্ষকসকলৰ পৰিয়ালক তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বা সহকাৰী শিক্ষক পদত অথবা গ্ৰাম পঞ্চায়তৰ পৰীক্ষাগাৰৰ শিক্ষক আৰু সম্পাদকৰ পদত তেওঁলোকৰ শিক্ষাগত অৰ্হতা অনুসৰি অনুকম্পামূলক নিযুক্তি দিয়াৰ দাবী জনায় ৷

লগতে পঢ়ক: BSF BGB Meet : সীমান্ত সুৰক্ষাত বিএছএফ আৰু বিজিবিৰ যুটীয়া প্ৰচেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.