ETV Bharat / bharat

Himanta vs Rahul Gandhi: আদানীৰ প্ৰসংগত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

author img

By

Published : Apr 10, 2023, 7:21 AM IST

Updated : Apr 10, 2023, 8:17 AM IST

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম ভ্ৰমণৰ পৰা উভতি যোৱাৰ পাচত ৰুজু কৰা হ'ব গোচৰ ৷ শনিবাৰে ৰাহুল গান্ধীয়ে আদানী সন্দৰ্ভত কৰা এটা টুইটৰ প্ৰত্যুত্তৰত মন্তব্য কৰিছে এইদৰে (Assam CM will file case against Rahul Gandhi) ৷

Himanta Biswa Sarma vs Rahul Gandh
Himanta Biswa Sarma vs Rahul Gandh

নিউজ ডেস্ক, 10 এপ্ৰিল: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এইবাৰ মানহানিৰ গোচৰ ৰুজু কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আদানী সম্পৰ্কত কৰা এটা টুইট সন্দৰ্ভত এই গোচৰ ৰুজু কৰা হ'ব বুলি উল্লেখ কৰে (Assam CM will file case against Rahul Gandhi) ৷

এক সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, নিশ্চিতভাৱে গুৱাহাটীত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হ'ব ৷ ৰাহুল গান্ধীয়ে যি টুইট কৰিছে সেয়া মানহানিকাৰক ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসম ভ্ৰমণৰ পৰা উভতি যোৱাৰ পাচত অৰ্থাৎ 14 এপ্ৰিলৰ পাচত ৰুজু কৰা হ'ব গোচৰ (Defamation case against Rahul Gandhi) ৷

শনিবাৰে ৰাহুল গান্ধীয়ে বিগত কেইবছৰমানত কংগ্ৰেছ ত্যাগ কৰা কিছু সংখ্যক নেতা আৰু ইয়াৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা কিছু সংখ্যক নেতাক সমালোচনা কৰে, আনহাতে আদানী বিষয় সন্দৰ্ভতো চৰকাৰৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

শনিবাৰে এটা টুইটত বিতৰ্কিত আদানী বিষয় সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে কৈছিল যে, তেওঁলোকে সত্য লুকুৱাই ৰাখে, সেয়েহে তেওঁলোকে প্ৰতিদিনে বিপথে পৰিচালিত কৰে! প্ৰশ্নটো একেই আছে - আদানি গ্ৰুপত 20,000 কোটি বেনামি ধন কাৰ ? নেতাসকলৰ নাম সংক্ষিপ্ত ৰূপত লিখা এখন ছবিৰ সৈতে হিন্দীত এই টুইট শ্বেয়াৰ কৰিছিল ৰাহুল গান্ধীয়ে (Himanta Biswa Sarma vs Rahul Gandhi) ৷

গান্ধীয়ে তেওঁৰ টুইটত গুলাম নবী আজাদ, জ্যোতিৰাদিত্য সিন্ধিয়া, হিমন্ত বিশ্ব শৰ্মা, কিৰণ কুমাৰ ৰেড্ডী আৰু অনিল কে এণ্টনিৰ নাম উল্লেখ কৰে ৷ কংগ্ৰেছ এৰি গুলাম নবী আজাদে নিজৰ দল গঠন কৰে, আনহাতে আনসকলে বিজেপিত যোগদান কৰে ৷ জ্যোতিৰাদিত্য সিন্ধিয়াই বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে (Adani Hindenburg Issue) ৷

ড৹ শৰ্মাই গান্ধীৰ টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁলোকে কেতিয়াও বফৰ্ছ আৰু নেচনেল হেৰাল্ড কেলেংকাৰীৰ অভিযোগৰ বিষয়ে ৰাহুল গান্ধীক প্ৰশ্ন কৰা নাছিল, অথবা কেনেকৈ ওটাভিঅ কোৱাট্ৰোচ্চিয়ে বাৰে বাৰে ভাৰতীয় ন্যায়ৰ পৰা পলাই গৈছিল ৷ ড৹ শৰ্মাই আৰু কয় যে, তেওঁলোকে আদালতত লগ পাব (Rahul Gandhi Tweet on Adani Controversy) ৷

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেইবাটাও কাৰ্যসূচী লৈ গুৱাহাটী ভ্ৰমণ কৰিব, যাৰ ভিতৰত আছে বিহুক গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত কৰিবলৈ ৰাজ্যৰ 11,000ৰো অধিক নাচনী আৰু ঢোলীয়াই সৰ্ববৃহৎ বিহু প্ৰদৰ্শনৰ অভিলেখ গঢ়ি তোলাৰ প্ৰয়াস (PM Modi visit Assam) ৷

লগতে পঢ়ক: Amit Shah to visit Arunachal : দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে অৰুণাচললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Last Updated : Apr 10, 2023, 8:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.