ETV Bharat / bharat

Manipur violence : মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বুধবাৰে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব হিমন্ত বিশ্ব শৰ্মাই - নেডাৰ আহ্বায়ক

মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত 14 জুনৰ দিনা গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নেডাৰ আহ্বায়কগৰাকীয়ে দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ কৰি মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিব ৷

ASSAM CM TO MEET HM AMIT SHAH
মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
author img

By

Published : Jun 13, 2023, 8:26 AM IST

নেশ্যনেল ডেস্ক, 13 জুন : বৰ্তমানেও অনিয়ন্ত্ৰিত অৱস্থাত আছে মণিপুৰৰ পৰিস্থিতি ৷ মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত অহা 14 জুনত নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, এই বৈঠকৰ সময়ত শৰ্মাই মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত শ্বাহক অৱগত কৰিব ।

উল্লেখ্য যে, শৰ্মাই শেহতীয়াকৈ মণিপুৰ ভ্ৰমণ কৰি ইম্ফলত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙকে ধৰি ৰাজ্যখনৰ অন্যান্য মন্ত্ৰীৰ সৈতে মত বিনিময় কৰিছে । নৰ্থ ইষ্ট ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ আহ্বায়ক হিচাবে থকা অসমৰ মুখ্যমন্ত্ৰী শৰ্মাক গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ ভ্ৰমণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । মণিপুৰৰ বহু জনগোষ্ঠীয় জনগোষ্ঠী আৰু ৰাজনৈতিক নেতাৰ মাজত শৰ্মাৰ প্ৰভাৱ আছে । মণিপুৰ ভ্ৰমণৰ অন্তত শৰ্মাই অৱগত কৰে যে তেওঁ দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব । ইফালে ৰাজ্যত শান্তি সমিতি গঠনক লৈ বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

একাংশ সদস্যই তেওঁলোকৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে তেওঁলোকৰ নাম কমিটীত অন্তৰ্ভুক্ত কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ ইয়াৰোপৰি, মণিপুৰৰ মুখ্যমন্ত্রীক কমিটীৰ সহ-অধ্যক্ষ হিচাবে নিযুক্তি দিয়াটো আপত্তিজনক বিষয় বুলি একাংশ শাখাই উল্লেখ কৰে ৷ 51 জনীয়া শান্তি সমিতিত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অন্তৰ্ভুক্তিক গৰিহণা দি খিলঞ্জীয়া জনজাতি নেতা মঞ্চই হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী দোষী বুলি অভিযোগ কৰে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীক কমিটীৰ সহ-অধ্যক্ষ হিচাপে নিযুক্তি দিয়াটো আপত্তিজনক বুলি বিভিন্ন দল-সংগঠনে আপত্তি দৰ্শাইছে ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কুকি মহিলা ফেডাৰেচনৰ নেত্ৰী গ্ৰেচ জৌৱে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত শান্তি নিশ্চিত কৰিব লাগিব বুলি উল্লেখ কৰি আমি শান্তি বিচাৰো বুলি কয় ৷ কিন্তু সমাজৰ এটা অংশই অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু কুকি সম্প্ৰদায়ক দোষাৰোপ কৰিছে বুলি উল্লেখ কৰে । উল্লেখনীয় বিষয় যে, শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত জৌ আৰু কুকি মহিলা ফেডাৰেচনৰ অন্যান্য সদস্যসকলে প্ৰতিবাদী বিক্ষোভৰ আয়োজন কৰিছিল।

বৰ্তমান মণিপুৰত কুকি আৰু মাইটেইৰ মাজত সংঘটিত হোৱা জনগোষ্ঠীয় সংঘৰ্ষটোৰ ফলত ইতিমধ্যে 100 জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে আহত হৈছে ।

লগতে পঢ়ক : Violence in Manipur : পুনৰ উগ্ৰপন্থী আৰু স্বেচ্ছাসেৱকৰ মাজৰ সংঘৰ্ষত আঘাতপ্ৰাপ্ত 9 জনকৈ লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.