ETV Bharat / bharat

Court notice to Assam CM: ১৮ নৱেম্বৰত উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী ড৹ শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 7:13 PM IST

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ১৮ নৱেম্বৰত উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে । ৰুদ্ৰপুৰৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ মীনা দেউপাৰ আদালতে আগষ্ট মাহত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাননী প্ৰেৰণ কৰিছিল । পঢ়ক সবিশেষ...

Court notice to Assam CM
Assam CM Himanta Biswa Sarma appear in Court

নিউজ ডেস্ক, ১৮ অক্টোবৰ: কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী সন্দৰ্ভত অপমানসূচক মন্তব্য কৰাৰ অভিযোগত উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ আদালতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন জাননী প্ৰেৰণ কৰিছে ৷ ইয়াৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধিবক্তাৰ দল দিল্লীৰ পৰা ৰুদ্ৰপুৰ আদালতত উপস্থিত হয় । ৰুদ্ৰপুৰ আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানিৰ বাবে তাৰিখ ধাৰ্য কৰিছে ১৮ নৱেম্বৰ ৷ সেইদিনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধিবক্তাই যুক্তি দাঙি ধৰিব ৷

আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২০২২ চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখনলৈ আহিছিল । তেওঁ ২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত উধম সিং নগৰ জিলাৰ কিছা বিধানসভা সমষ্টিত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিছিল । অভিযোগ অনুসৰি সেই সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক লৈ অপমানসূচক মন্তব্য কৰা বুলি অভিযোগ উঠিছিল ৷ এই সন্দৰ্ভত কংগ্ৰেছ নেতা গণেশ উপাধ্যায়ে ৰুদ্ৰপুৰ আদালতত অভিযোগ দাখিল কৰিছিল ।

ৰুদ্ৰপুৰৰ জিলা ও সত্ৰ ন্য়য়াধীশৰ আদালতত কংগ্ৰেছ নেতা গণেশ উপাধ্যায়ৰ আবেদন সন্দৰ্ভত অতিৰিক্ত সত্ৰ ন্যায়াধীশ মীনা দেউপাৰ আদালতে আগষ্ট মাহত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাননী প্ৰেৰণ কৰি ২১ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল ৷

কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ২১ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’ব নোৱাৰিলে ৷ তাৰ পিছত আদালতে পৰৱৰ্তী তাৰিখ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ১৭ অক্টোবৰত আদালতত হাজিৰ হ’বলৈ জাননী জাৰি কৰিলে ৷ কিন্তু এইবাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদালতত হাজিৰ নহ’ল ।

অৱশ্যে দিল্লীৰ পৰা তেওঁৰ অধিবক্তাৰ দল আদালতত উপস্থিত হৈছিল । এইবাৰ আদালতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতত হাজিৰ হ’বলৈ ১৮ নৱেম্বৰৰ তাৰিখটো নিৰ্ধাৰণ কৰি দিছে ৷ সেই দিনটোত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মপক্ষৰ সমৰ্থন কৰিব পাৰিব ।

লগতে পঢ়ক: Court notice to Assam CM: ৰাহুল গান্ধীৰ বিৰুদ্ধে কটু মন্তব্য; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতৰ চমন জাৰি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.