ETV Bharat / bharat

এইবাৰ হিমন্ত বিশ্ব শৰ্মায়ো মানহানি গোচৰ তৰিলে মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে

author img

By

Published : Jul 1, 2022, 7:18 PM IST

মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই 100 কোটি টকাৰ মানহানি গোচৰ তৰাৰ পাচত এইবাৰ খোদ মুখ্যমন্ত্ৰী শৰ্মাই কামৰূপ গ্ৰাম্য জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অপৰাধমূলক মানহানিৰ গোচৰ দাখিল কৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে (Assam CM filed a defamation case against Manish Sisodia)৷

Assam CM Himanta sues Manish Sisodia for defamation

নিউজ ডেস্ক, 1 জুলাই : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে কামৰূপ গ্ৰাম্য জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অপৰাধমূলক মানহানিৰ গোচৰ দাখিল কৰে (Assam CM filed a defamation case against Manish Sisodia)৷ যোৱা মাহত দিল্লীত অনুষ্ঠিত এক সংবাদমেলত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছিল যে, ২০২০ চনত হিমন্ত শৰ্মা অসমৰ স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়তে তেওঁৰ পত্নী আৰু পুত্ৰৰ সৈতে জড়িত কোম্পানীক Covid-19 মহামাৰীৰ সময়ত বজাৰৰ হাৰৰ ওপৰত পিপিই কিট যোগান ধৰাৰ বাবে ঠিকা প্ৰদান কৰিছিল (Assam PPE kit scam)।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ অধিবক্তা তথা ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াই কয় যে, মনীষ ছিছ’দিয়াই উত্থাপন কৰা সকলো অভিযোগ মিছা । "পিপিই কিট প্ৰস্তুত কৰা তেওঁলোকৰ কোম্পানীটোৱে কেতিয়াও কোনো বিল উত্থাপন কৰা নাছিল । সেই সময়ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে পিপিই ব্যৱসায়ৰ সকলোকে কিট যোগান ধৰিবলৈ অনুৰোধ কৰিছিল আৰু তেওঁলোকে তেওঁলোকৰ চিএছআৰৰ অংশ হিচাপে প্ৰায় ১৫০০ পিপিই কিট যোগান ধৰিছিল ৷" তেওঁ লগতে কয় যে, কোনো বিত্তীয় লেনদেন ৰেকৰ্ড কৰা হোৱা নাছিল এইক্ষেত্ৰত ।

দেৱজিৎ লন শইকীয়াই আৰু জনায় যে, যদিহে মনীষ ছিছ’দিয়াৰ অপৰাধ প্ৰমাণিত হয় তেন্তে জৰিমনাসহ দুবছৰৰ কাৰাদণ্ড হ’ব । মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযোগকাৰীৰ প্ৰাৰম্ভিক জবাবদিহিৰ তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে ২২ জুলাই (Assam CM Himanta sues Manish Sisodia for defamation)।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়েও মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে 100 কোটি টকাৰ মানহানি গোচৰ তৰে ৷ 1500 পিপিই কিট দান দিয়া বুলি দেখুৱাই ৰিণিকী ভূঞা শৰ্মাই এই কেলেংকাৰী গাপ দিয়াৰ চেষ্টা চলাইছিল বুলি মণীষ চিছ’ডিয়াই অভিযোগ তুলিছিল (Riniki Bhuyan filed case against Manish Sisodia)৷

ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মনীষ ছিছ’দিয়াৰ মাজত ইয়াৰ আগতে এই বিষয়ক লৈ এখন টুইট যুদ্ধও হৈছিল ৷ " মনীষভাই, আপুনি নিজকে 'দুৰ্নীতি বিৰোধী' আন্দোলনৰ নেতা বুলি দাবী কৰে । ক'ভিডৰ সময়ত যেতিয়া অসমৰ হাতত এটাও পি পি ই কিট নাছিল, অসম চৰকাৰে এটা পি পি ই কিটৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল, সেই সময়ত মোৰ পত্নীয়ে বহু কষ্ট আৰু চেষ্টাৰ বলত কিছু পি পি ই কিট যোগাৰ কৰি চৰকাৰক দিছিল আৰু সাধাৰণ লোকৰ জীৱন ৰক্ষা কৰিছিল । ইয়াৰ বিনিময়ত কোনোধৰণৰ ধনৰ লেনদেন হোৱা নাছিল । তেন্তে ইয়াত দুৰ্নীতিৰ প্ৰশ্ন আহিল কেনেকৈ ? " বুলি টুইট কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : দিল্লীৰ উপ-মুখ্যমন্ত্ৰী চিছ’ডিয়াৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাৰ 100 কোটিৰ মানহানি গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.