ETV Bharat / bharat

Assam CM on Sengol : বাঁওপন্থীয়ে 'ছেংগোল'ক অসন্মান কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ

author img

By

Published : May 26, 2023, 11:00 AM IST

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ছেংগোল আমাৰ স্বাধীনতাৰ অবিচ্ছেদ্য অংশ আছিল । কিন্তু বাঁওপন্থীসকলে ইয়াক অসন্মান কৰিছে (Assam CM accuses Left disrespecting Sengol) ।

Assam CM on Sengol
Assam CM on Sengol

নিউজ ডেস্ক, ২৬ মে' : দেশত এতিয়া সৰ্বত্ৰে চৰ্চাৰ শীৰ্ষত আছে 'ছেংগোল' । স্বাধীনতাৰ প্ৰতীক এই ৰাজদণ্ডই নতুন সংসদ ভৱনত স্থান লাভ কৰিব বুলি গৃহমন্ত্ৰীয়ে কৰা ঘোষণাৰ পিছতে এই বিষয়ত চৰ্চা আৰম্ভ হৈছে । বিভিন্ন ৰাজনৈতিক দল তথা নেতাই এই সন্দৰ্ভত নিজৰ নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে । এইবাৰ 'ছেংগোল' সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma reacted on Sengol) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অভিযোগ কৰে যে বাঁওপন্থীসকলে 'ছেংগোল'ক প্ৰত্যাখ্যান কৰি হিন্দু পৰম্পৰাৰ প্ৰতি অৱজ্ঞা প্ৰদৰ্শন কৰিছে ।

লগতে তেওঁৰ গুৰুতৰ অভিযোগ, বাঁওপন্থীয়ে 'ছেংগোল'ক অপ্ৰয়োজনীয় 'খোজকঢ়া লাখুঁটি' হিচাপে প্ৰত্যাখ্যান কৰিছে (Assam CM accuses Left disrespecting Sengol) । "ছেংগোল আমাৰ স্বাধীনতাৰ বাবে অবিচ্ছেদ্য আছিল । কিন্তু পণ্ডিত নেহৰুৰ গুৰুত্বপূৰ্ণ ভূমিকা সত্ত্বেও বাঁওপন্থীসকলে ইয়াক সংগ্ৰহালয়ৰ এটা কোণত এক অপ্ৰয়োজনীয় 'খোজকঢ়া লাখুঁটি' হিচাপে প্ৰত্যাখ্যান কৰি পেলাই থৈছিল । প্ৰাচীন ভাৰত আৰু হিন্দু ৰীতি-নীতিক গৌৰৱান্বিত কৰা ইতিহাসৰ যিকোনো ঘটনাক কেনেদৰে এক সামগ্ৰিক পৰিৱেশ ব্যৱস্থাই চেঞ্চৰ কৰিছিল এয়া তাৰ অন্য এটা উদাহৰণ ।" মুখ্যমন্ত্ৰীয়ে টুইটত এনেদৰে কয় (Sengol was integral to our Independence) ।

উল্লেখ্য যে ১৯৪৭ চনৰ ১৪ আগষ্টত পণ্ডিত জৱাহৰলাল নেহৰুৱে ব্ৰিটিছসকলৰ পৰা ভাৰতীয়লৈ ক্ষমতা হস্তান্তৰৰ প্ৰতীক হিচাপে প্ৰতিনিধিত্ব কৰিবলৈ ঐতিহাসিক ৰাজদণ্ড 'ছেংগোল' গ্ৰহণ কৰিছিল (historic sceptre Sengol) । অহা ২৮ মে'ত মাদুৰাই আধিনামৰ প্ৰধান পুৰোহিতে এই ৰাজদণ্ড প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হস্তান্তৰ কৰিব (sengol handed over to PM Modi) । উল্লেখ্য, দেশৰ সংসদত স্থানলাভ কৰিবলগা এই 'ছেংগোল'ডাল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৪ আগষ্টৰ নিশা কেইবাজনো নেতাৰ উপস্থিতিত তেওঁৰ বাসগৃহত গ্ৰহণ কৰা সেই একেডাল 'ছেংগোল' (Sengol received by Pandit Jawaharlal Nehru) ।

ইফালে ভাৰতৰ স্বাধীনতা উপলক্ষে অনুষ্ঠিত সমগ্ৰ অনুষ্ঠানটোৰ কথা স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, "স্বাধীনতাৰ ৭৫ বছৰ পাছতো ভাৰতৰ বেছিভাগ লোকে এই ঘটনাৰ বিষয়ে অৱগত নহয় । পণ্ডিত জৱাহৰলাল নেহৰুক 'ছেংগোল' হস্তান্তৰৰ জৰিয়তে ব্ৰিটিছে ভাৰতৰ হাতত ক্ষমতা হস্তান্তৰ কৰিছিল । ১৯৪৭ চনৰ ১৪ আগষ্টৰ নিশা ভাৰতৰ স্বাধীনতা উদযাপনৰ সময়ত এই অনুষ্ঠানটো এক বিশেষ অনুষ্ঠান আছিল ।"

অমিত শ্বাহে লগতে কয়, "উক্ত নিশা জৱাহৰলাল নেহৰুৱে তামিলনাডুৰ থিৰুৱডুথুৰাই আধিনামৰ (মঠ) আধিনামৰ (পুৰোহিত) পৰা 'ছেংগোল' লাভ কৰিছিল । তেওঁলোক উক্ত অনুষ্ঠানটোৰ বাবে বিশেষভাৱে আমন্ত্ৰিত ব্যক্তি আছিল । সেই মুহূৰ্তটো আছিল এক গৌৰৱময় মুহূৰ্ত, য'ত ব্ৰিটিছসকলে ভাৰতীয়সকলৰ হাতত ক্ষমতা হান্তৰ কৰিছিল । আমি স্বাধীনতা হিচাপে যি উদযাপন কৰি আছোঁ সেয়া প্ৰকৃততে 'ছেংগোল' হস্তান্তৰ কৰাৰ মুহূৰ্তৰ দ্বাৰাই চিহ্নিত ।

"প্ৰধানমন্ত্ৰীয়ে অমৃত কালৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে ছেংগোল গ্ৰহণৰ সিদ্ধান্ত লৈছিল । সংসদৰ নতুন ভৱনটোত একেটা অনুষ্ঠানৰ আমি সকলো সাক্ষী হ'ম । আধিনাম (পুৰোহিতসকলে) অনুষ্ঠানটোৰ পুনৰাবৃত্তি কৰিব আৰু প্ৰধানমন্ত্ৰীক ছেংগোলৰ সৈতে নিয়োজিত কৰিব । ১৯৪৭ চনৰ সেই একেডাল ছেংগোল প্ৰধানমন্ত্ৰীয়ে লোকসভাত অধ্যক্ষৰ আসনৰ ওচৰত স্থাপন কৰিব ।" গৃহমন্ত্ৰীয়ে লগতে কয় ।

আনহাতে, ৰাষ্ট্ৰই দৰ্শন কৰিবৰ বাবে এই ৰাজদণ্ড প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব আৰু বিশেষ অনুষ্ঠানত উলিয়াই নিয়া হ'ব । "ছেংগোল" স্থাপনে ১৯৪৭ চনৰ ১৫ আগষ্টৰ আবেগক অবিস্মৰণীয় কৰি তুলিব । ই হৈছে সীমাহীন আশা, সীমাহীন সম্ভাৱনা আৰু এক শক্তিশালী আৰু সমৃদ্ধ ৰাষ্ট্ৰ গঢ়ি তোলাৰ সংকল্পৰ প্ৰতীক ।

উল্লেখ্য যে ছেংগোল শব্দটো তামিল শব্দ 'চেম্মাই'ৰ পৰা উদ্ভৱ হৈছে । যাৰ অৰ্থ হৈছে 'ন্যায়'। ই হৈছে চোল ৰাজ্যৰ এক সভ্যতাৰ প্ৰথা, যি প্ৰথা শতিকা ধৰি ভাৰতীয় উপ-মহাদেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ মাজত প্ৰচলিত আছিল ।

লগতে পঢ়ক :Scepter Sengol: ভাৰতবৰ্ষৰ ইতিহাসৰ সাক্ষী সোণালী ৰাজদণ্ড "চেংগোল" ৰ ইতিহাসৰ বিস্তৃত বিৱৰণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.