ETV Bharat / bharat

অসম আৰু অলিম্পিক: ডঃ টালিমেৰেন আওৰ পৰা লাভলিনালৈ - বক্সিং চেম্পিয়নশ্বিপ

The Greatest Show on Earth হিচাপে পৰিগণিত বিশ্ব ক্ৰীড়া ক্ষেত্ৰৰ সৰ্ববৃহৎ প্ৰতিযোগিতা অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰাটো প্ৰতিগৰাকী খেলুৱৈৰ বাবে এক সপোন । এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰি স্বাধীনতাৰ সময়ৰে পৰা অসমলৈ সুনাম কঢ়িয়াই আনিছে কেইবাগৰাকীও খেলুৱৈয়ে ৷ ইতিহাসৰ পাতত সোণালী আখৰেৰে নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱা অসমৰ এনে কেইগৰাকীমান খেলুৱৈৰ বিষয়ে জানো আঁহক ৷

Assam and Olympic Games: From Dr. Talimeren Ao to Lovelina
অসম আৰু অলিম্পিক: ডঃ টালিমেৰেন আওৰ পৰা লাভলিনালৈ
author img

By

Published : Aug 4, 2021, 7:54 PM IST

টালিমেৰেন আও (Talimeren Ao)

টালিমেৰেন আও স্বাধীন ভাৰতৰ প্ৰথম ফুটবল দলৰ প্ৰথম অধিনায়ক ৷ তেওঁক দেশৰ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে গণ্য কৰা হয় । অৱশ্যে টি আও নামেৰেহে তেওঁ অধিক জনপ্ৰিয় আছিল ৷ ১৯১৮ চনত অবিভক্ত অসমৰ নাগা পাহাৰত জন্মগ্ৰহণ কৰা টি আও এজন চেন্ট্ৰেল ডিফেণ্ডাৰ আছিল আৰু তেওঁ গুৱাহাটীৰ মহাৰাণা ক্লাবৰ হৈ খেলিবলৈ আৰম্ভ কৰিছিল । 1943 চনত তেওঁ মোহন বাগান এফ চিৰ এজন উল্লেখযোগ্য খেলুৱৈ হিচাপে পৰিগণিত হৈছিল ৷ টি আওক ভাৰতীয় ফুটবলৰ এগৰাকী আইকন বুলিও কোৱা হয় । স্বাধীন ভাৰতৰ প্ৰথম ফুটবল দলৰ প্ৰথম অধিনায়ক হিচাপে তেওঁ ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল আৰু বাৰ্মাৰ বিৰুদ্ধে প্ৰথমখন খেলত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় ৷ তেওঁ ফ্ৰান্সৰ দৰে শক্তিশালী ফুটবল দলৰ বিৰুদ্ধে সন্মুখৰ পৰা দলটোক সাহসিকতাৰে নেতৃত্ব দিছিল ।

Assam and Olympic Games: From Dr. Talimeren Ao to Lovelina
অসম আৰু অলিম্পিক: ডঃ টালিমেৰেন আওৰ পৰা লাভলিনালৈ

দীপাংকৰ ভট্টাচাৰ্য (Dipankar Bhattacharjee)

ভাৰতৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বেডমিণ্টন খেলুৱৈ দীপাংকৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল ১৯৭২ চনৰ ১ ফেব্ৰুৱাৰীত গুৱাহাটীত । দিপাংকৰ ভট্টাচাৰ্যৰ কণমানি থাকোতেই তেওঁৰ পিতৃয়ে প্ৰথম বেডমিন্টন লগত চিনাকী কৰাই দিছিল আৰু তেতিয়াৰ পৰাই তেওঁ বেডমিন্টনৰ প্ৰতি আকৰ্ষিত হৈছিল । তেওঁ বেংগালুৰুত প্ৰকাশ পাডুকনৰ বেডমিণ্টন একাডেমীত কেইবছৰমান কটাইছিল আৰু বিমল কুমাৰৰ দৰে সৰ্বকালৰ মহান খেলুৱৈৰ পৰা প্ৰশিক্ষণ লৈছিল । দীপাংকৰে প্ৰতিভাবান উদীয়মান খেলুৱৈ হিচাপে চাব জুনিয়ৰ শাখাৰ জৰিয়তে ৰাষ্ট্ৰীয় খেলত প্ৰৱেশ কৰিছিল আৰু ইয়াৰ পাছত তেওঁ অসম ৰাজ্যিক বেডমিণ্টন দলত নিয়মীয়া খেলুৱৈ হৈ পৰে । তেওঁ ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিকত ভাৰতৰ পতাকা বাহক আছিল, য'ত তেওঁ তেতিয়াৰ বিশ্বৰ শীৰ্ষ স্থানৰ চীনৰ ঝাও জিয়ানহুয়াৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰত ৪-১৫, ১২-১৫ ব্যৱধানত পৰাজিত হৈছিল । 1994 চনত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম চিনিয়ৰ শাখাত পদক জয় কৰিছিল । ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিকত প্ৰতিদ্বন্দিতা কৰি তেওঁ একেৰাহে দুবাৰ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা প্ৰথম ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈ হিচাপে পৰিগণিত হয় । অৱশ্যে, প্ৰাথমিক পৰ্যায়ত তেওঁ ইণ্ডোনেছিয়াৰ হাৰিয়ান্তো আৰ্বিৰ হাতত পৰাজিত হয় ।

জয়ন্ত তালুকদাৰ (Jayanta Talukdar)

ভাৰতৰ অন্যতম প্ৰতিভাশালী ধনুৰ্ধৰ জয়ন্ত তালুকদাৰৰ জন্ম ১৯৮৬ চনত গুৱাহাটীত হৈছিল । তেওঁ 2004 চনৰ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক, 2006 চনত আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত শাখাত স্বৰ্ণ জয় কৰিছিল ৷ তেওঁ একেটা বৰ্ষতে ফিটা মেটেক্সন বিশ্বকাপ (Meteksan World Cup)ত সোণৰ পদক অৰ্জন কৰি প্ৰতিযোগিতাখনত শীৰ্ষ পদক লাভ কৰা প্ৰথম ভাৰতীয় আৰ্চাৰ হিচাপে পৰিগণিত হয় । জয়ন্ত তালুকদাৰে দক্ষিণ এছিয়ান গেমছতো সোণৰ পদক অৰ্জনৰ লগতে 2006 চনৰ এছিয়ান গেমছত দলীয় শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে ৷ তেওঁক ২০০৭ চনত অৰ্জুন বঁটা প্ৰদান কৰা হয় ৷ জয়ন্ত তালুকদাৰ অৰ্জুন বঁটা লাভ কৰা অসম তৃতীয়গৰাকী খেলুৱৈ ৷ তেওঁ ২০১২ চনৰ লণ্ডন অলিম্পিকতো ব্যক্তিগত আৰু দলীয় দুয়োটা শাখাতে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ।

লগতে পঢ়ক : টকিঅ’ অলিম্পিকত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ ৰবি কুমাৰ দহিয়াৰ

শিৱ থাপা (Shiva Thapa)

১৯৯৩ চনৰ ৮ ডিচেম্বৰত গুৱাহাটীত জন্মগ্ৰহণ কৰা শিৱ থাপা হৈছে অসমৰ প্ৰসিদ্ধ বক্সাৰ ৷ তেওঁ ইতিমধ্যে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে ৷ তেওঁ ২০১২ চনৰ লণ্ডন অলিম্পিকত প্ৰথমবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু অলিম্পিকত অংশগ্ৰহণ কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় বক্সাৰ হিচাপে জনা যায়। ইয়াৰ পূৰ্বে তেওঁ কাজাখস্তানত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফায়াৰ 2012 ত স্বৰ্ণ পদত অৰ্জন কৰিছিল । শিৱ থাপাই 2013 চনৰ জুলাইত জৰ্ডানৰ আম্মানত অনুষ্ঠিত এছিয়ান কনফেডাৰেচন বক্সিং চেম্পিয়নশ্বিপত বেণ্টমৱেইট শাখাত স্বৰ্ণ পদক জয় কৰি সৰ্বকনিষ্ঠ ভাৰতীয় হিচাপে পৰিগণিত হয় । শিৱ থাপাই 2016 ৰিঅ' অলিম্পিকত পুনৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৷ কিন্তু 2012 চনত কিউবাৰ স্বৰ্ণ পদক বিজয়ী ৰোবিচি ৰামৰজৰ হাতত পৰাস্ত হয় ।

লাভলীনা বৰগোহাঁই (Lovlina Borgohain)

টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা লাভলিনা বৰগোহাঁই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ । অসম সন্তান শিৱ থাপাৰ পিছত তেওঁ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হোৱাৰ লগতে দ্বিতীয় গৰাকী অসমীয়া বক্সাৰ । 1997 চনৰ 2 অক্টোবৰত গোলাঘাটত লাভলীনাৰ জন্ম হৈছিল ৷ লাভলীনাই ২০১৮ চনত এছিয়ান অলিম্পিক কোৱালিফায়াৰত ব্ৰঞ্জৰ পদক জিকিছিল আৰু ২০২০ চনত এছিয়া আৰু ওচেনিয়া বক্সিং অলিম্পিক টুৰ্ণামেণ্টত উজবেকিস্তানৰ মাফতুনাখোন মেলিয়েভা(Maftunakhon Melieva of Uzbekistan)ক ৫-০ পইন্টত পৰাস্ত কৰি ভাৰতীয় অলিম্পিক দলত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল । বৰ্তমান, লাভলিনাই 1,300 পইণ্টৰ সৈতে আন্তৰ্জাতিক বক্সিং এছ'চিয়েচন (AIBA) বিশ্ব ৰেংকিঙৰ ৱেলটাৰৱেট শ্ৰেণীত 3 নম্বৰ স্থানত আছে ।

লগতে পঢ়ক : Tokyo Olympics : ছেমি ফাইনেলত স্তব্ধ ভাৰতীয় মহিলা হকী দলৰ জয় যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.