ETV Bharat / bharat

Happy atmosphere in Surat hospital: চুৰাট চিকিৎসালয়ত এদিনতে জন্ম ২৩ টা নৱজাতক

প্ৰসৱ আৰু জন্মৰ সময়ত প্ৰতিখন চিকিৎসালয়তে এক বিশেষ পৰিৱেশ বিৰাজ কৰে(Surat Hospital creates a joyous atmosphere) । সমান্তৰালভাৱে সুচিকিৎসা প্ৰদানৰ বাবে সঠিকভাৱে প্ৰস্তুতি চলাই চিকিৎসালয় কৰ্তৃপক্ষয়ই । এটা দুটা নহয় একে দিনাই এখন চিকিৎসালয়ত ২৩ টাকৈ নৱজাতকৰ জন্ম পালে কেনে পৰিৱেশ বিৰাজ কৰিব পাৰে চিকিৎসালয়খনত ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

author img

By

Published : Jul 1, 2022, 10:51 AM IST

as a record breaking 23 infants were born in one day in surat hospital
চুৰাট চিকিৎসালয়ত এদিনতে জন্ম ২৩ টা নৱজাতকৰ

নেশ্যনেল ডেস্ক,১ জুলাই: যোৱা ২৯ জুনত চুৰাট চিকিৎসালয়ত সৃষ্টি হ'ল এক আনন্দময় পৰিৱেশৰ(Surat Hospital creates a joyous atmosphere) । নহ'বনো কিয়, একেদিনাই চিকিৎসালয়খনে প্ৰসৱ কৰালে ২৩ টাকৈ নৱজাতকক(23 infants were born in one day in Surat hospital) । চুৰাট হীৰা সন্থাৰ স্বাস্থ্য সমিতিয়ে পৰিচালনা কৰা মত্ৰুষী ৰামুবা তেজানি আৰু মত্ৰুষী শান্তাবা বিদ্যা চিকিৎসালয়ে এটা দিনতে আদৰণী জনাইছিল ২৩ টাকৈ নৱজাতকক, যিয়ে চিকিৎসালয়খনৰ চিকিৎসা কৰ্মীসকলক অধিক আনন্দিত কৰি তুলিছিল ।

২৩ টা নৱজাতকৰ ভিতৰত ১২ গৰাকী কন্যা সন্তান আৰু ১১ গৰাকী পুত্ৰ সন্তান প্ৰসৱ কৰাইছিল চিকিৎসালয়খনে । ২৪ ঘন্টাৰ ভিতৰত ২৩ টা নৱজাতক প্ৰসৱ কৰাই অভিলেখ গঢ়িছিল চিকিৎসালয়খনে ৷ (23 newborn delivery within 24 hours) । ইয়াকে লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষ।

চিকিৎসালয়খনৰ অধ্যক্ষ চিপি ভানানিয়ে জনোৱা অনুসৰি চিকিৎসালয়খনে অভাৱী লোকসকল তথা গহনা নিৰ্মাতা আৰু তেওঁলোকৰ পৰিয়ালক প্ৰধানত চিকিৎসা সেৱা প্ৰদান কৰে । লগতে অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে আন এক তথ্য । যদি কোনো দম্পতীয়ে এই চিকিৎসালয়ত একাধিক কন্যা সন্তান জন্ম দিয়ে তেন্তে প্ৰত্যেকগৰাকী কন্যাক চিকিৎসালয়ৰ তৰফৰ পৰা এক লাখ টকাৰ বণ্ড দিয়া হয় । বৰ্তমানলৈ প্ৰায় ২০০০ কন্যাক ২০ কোটি টকাৰ বণ্ড প্ৰদান কৰা হৈছে ।

উল্লেখ যে, চিকিৎসালয়খনৰ আঠ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ২৪ ঘন্টাত ২৩ টা নৱজাতক প্ৰসৱ কৰোৱা হৈছে বুলি জানিব পৰা গৈছে । স্ত্ৰীৰোগ বিশেষজ্ঞ ড০ ৰিধি ৱাঘানি, ড০ কল্পনা পেটেল, ড০ ভবেশ পাৰমাৰ, ড০ অলকা ভূত আৰু ড০ আকাশ ত্ৰিবেদীৰ লগতে অ'টি আৰু স্ত্ৰীৰোগ বিভাগৰ কৰ্মচাৰীসকল এই পৰিৱেশক লৈ আনন্দিত হৈ পৰে । ইফালে চিকিৎসালয়খনৰ ট্ৰাষ্ট আৰু কৰ্তৃপক্ষই কৰ্মচাৰী আৰু চিকিৎসকসকলৰ নিস্বাৰ্থ সেৱাৰ বাবে সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Agnipath scheme: অগ্নিপথ আঁচনিৰ অধীনত ৭ দিনত বায়ুসেনাত ২.৭২ লাখ আবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.