ETV Bharat / bharat

তিনি সপ্তাহৰ অন্তত জামিন লাভ কৰিলে শ্বাহৰুখ তনয় আৰিয়ানে - বোম্বে উচ্চ ন্যায়ালয়

বোম্বে উচ্চ ন্যায়ালয়ে মুম্বাই ক্ৰুজ জাহাজ ড্ৰাগছ গোচৰৰ সন্দৰ্ভত ২২ দিনৰ ন্যায়িক জিম্মাৰ অন্তত বলীউড অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক বৃহস্পতিবাৰে জামিন প্ৰদান কৰে ।

aryan-khan-gets-bail-in-cruise-ship-drugs-case
তিনি সপ্তাহৰ অন্তত জামিন লাভ কৰিলে শ্বাহৰুখ তনয় আৰিয়ানে
author img

By

Published : Oct 28, 2021, 5:25 PM IST

চিটাৰা ডেস্ক, 28 অক্টোবৰ : বোম্বে উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন আবেদন মঞ্জুৰ কৰে ৷ ন্যায়ালয়ে বৃহস্পতিবাৰে আৰিয়ানৰ জামিন আবেদনৰ ওপৰত পুনৰ এবাৰ শুনানি জাৰি কৰিছিল ৷ এএছজি অনিল সিঙে এনচিবিৰ হৈ আদালতত তেওঁৰ গোচৰ তৈয়াৰ কৰে । ইফালে, আৰিয়ান খানৰ হৈ অধিবক্তা সতীশ মানেশিন্দে আৰু মুকুল ৰোহতগীয়ে ন্যায়িক যুদ্ধত অৱতীৰ্ণ হয় ।

উল্লেখযোগ্য যে, আৰিয়ান খানক ২ অক্টোবৰৰ নিশা মুম্বাইৰ পৰা গোৱালৈ যোৱা এখন ক্ৰুজ জাহাজত ড্ৰাগছ পাৰ্টিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল । অৱশেষত সুদীৰ্ঘ 3 সপ্তাহৰ অন্তত বলিউদৰ বাদশ্বাহৰ পুত্ৰ আৰিয়নে জামিন লাভ কৰিলে ৷ এনচিবিৰ এজন বিষয়াই কৈছিল যে আৰিয়ান আন কেইবাজনো লোকৰ ভিতৰত আছে যি মুম্বাই-গোৱা ক্ৰুজত বিলাসী জাহাজখনত উপস্থিত আছিল ।

এখন ক্ৰুজ জাহাজত এনে ধৰণৰ প্ৰথম অভিযানত, এনচিবিয়ে মুম্বাই উপকূলৰ ওচৰত অনুষ্ঠিত হোৱা ৰেভ পাৰ্টিত অভিযান চলায় ।

খবৰ অনুসৰি এই যাত্ৰাৰ বাবে বিজ্ঞাপন ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰা হৈছিল আৰু প্ৰতিজন ব্যক্তিৰ বাবে টিকটৰ হাৰ ৭৫,০০০ টকা আছিল । পৰিচয় গোপনে ৰাখিবলৈ, এনচিবিৰ বিষয়া সকলে সাধাৰণ যাত্ৰী হিচাপে সেই ক্ৰুজ বুক কৰিছিল আৰু তেওঁলোকে সোনকালেই তেওঁলোকৰ কিছুমান সহ-যাত্ৰীক ড্ৰাগছ সেৱন কৰা দেখিবলৈ পাইছিল । তাৰ পিছত এনচিবিয়ে সম্পূৰ্ণ অভিযান আৰম্ভ কৰে, আৰু দুজন মহিলাসহ আঠজন যাত্ৰীক আটক কৰে আৰু বিভিন্ন প্ৰকাৰৰ নিচাযুক্ত দ্ৰৱ্য জব্দ কৰে ।

লগতে পঢ়ক : ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব বিকী-কেটৰিণা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.