ETV Bharat / bharat

Mumbai Opposition Meeting: অভিমান এৰি INDIA পৰৱৰ্তী বৈঠকত চামিল হ’ব কেজৰিৱাল - দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বিৰোধী দলৰ তৃতীয়খন বৈঠকত অংশ ল’ব আম আদমী পাৰ্টিয়ে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে নিশ্চিত কৰে এই কথা ।

Mumbai Opposition Meeting
অভিমান এৰি INDIA বৈঠকত চামিল হ’ব কেজৰিৱাল
author img

By

Published : Aug 21, 2023, 8:51 PM IST

নিউজ ডেস্ক, ২১ আগষ্ট: মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বিৰোধী একতা দলৰ (I.N.D.I.A.) তৃতীয়খন বৈঠকত অংশগ্ৰহণ কৰিব আম আদমী পাৰ্টিয়ে । সোমবাৰে এই কথা নিশ্চিত কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । কেজৰিৱালক মিত্ৰজোঁটৰ বৈঠকত অংশ লোৱাৰ কথা সোধাত তেওঁ মুম্বাইলৈ যোৱাৰ কথা স্বীকাৰ কৰে আৰু তাত যি কৌশল ৰচনা কৰা হ’ব, তাৰপৰা অহাৰ পিচত সদৰী কৰাৰ কথা ব্যক্ত কৰে ।

উল্লেখ্য যে, ইটিভি ভাৰতে প্ৰথমে প্ৰকাশ কৰিছিল আম আদমী পাৰ্টিৰ আহ্বায়ক কেজৰিৱালে ১৯ আগষ্টত মিত্ৰতাৰ বৈঠকত অংশগ্ৰহণ কৰাৰ খবৰ । যোৱা সপ্তাহত দিল্লীত আসন ভাগ-বতৰা বিষয়ক লৈ আপ আৰু কংগ্ৰেছৰ মাজত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল । ইয়াৰ পিচত আপৰ পৰা কোৱা হৈছিল যে যেতিয়া আগন্তুক নিৰ্বাচনত আসনৰ ভাগ-বতৰা নহয়, তেতিয়া হ’লে মিত্ৰতাৰ অৰ্থ কি ? ইয়াৰ পিচতেই বিৰোধী একতা দলৰ বৈঠকত আম আদমী পাৰ্টিয়ে অংশগ্ৰহণ নকৰে বুলি ৰাজনৈতিক মহলত জল্পনা-কল্পনা আৰম্ভ হয় ।

উল্লেখ্য যে, ১৬ আগষ্টত দিল্লী কংগ্ৰেছৰ নেতাসকলে ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ সৈতে বৈঠকত মিলিত হৈছিল । এই বৈঠকৰ অন্তত কংগ্ৰেছৰ মুখপাত্ৰ অলকা লাম্বাই কোনো মিত্ৰতা অবিহনে দিল্লীত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল । দলৰ হাইকমাণ্ডৰ পৰা এই সন্দৰ্ভত নিৰ্দেশনা পোৱা কথাও কোৱা হৈছিল । ইয়াৰ পাচতেই আম আদমী পাৰ্টিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ।

ইয়াৰ প্ৰত্যুত্তৰত আপৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কৰে কৈছিল যে যেতিয়া দিল্লীত মিত্ৰতা নাথাকে তেতিয়া হ’লে ভাৰত মিত্ৰতাৰ কোনো অৰ্থ নাই । ইয়াৰ পিছতে আলোচনা আৰম্ভ হ’ল যে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বিৰোধী দলৰ বৈঠকত আপে অংশ ল’ব নালাগে । কিন্তু কংগ্ৰেছৰ দিল্লী প্ৰভাৰী দীপক বাবাৰিয়াই অলকাৰ বক্তব্য অস্বীকাৰ কৰি কয় যে লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰা সন্দৰ্ভত কোনো আলোচনা হোৱা নাছিল, বিৰোধী একতা দলৰ বৈঠকতহে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব । ইয়াৰ পিছত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বৈঠকত অংশ ল’বলৈ সাজু হয় আম আদমী পাৰ্টি ।

লগতে পঢ়ক: Lok Sabha Elections 2024: আপৰ সৈতে মিত্ৰতা সন্দৰ্ভত দিল্লী কংগ্ৰেছ নেতাৰে বৈঠকত মিলিত মল্লিকাৰ্জুন খাৰ্গে-ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.