ETV Bharat / bharat

Aruncahal Pradesh Inclusion Row : সাহস থাকিলে চীনৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰক; সঞ্জয় ৰাউতৰ মোদীলৈ আহ্বান

চীনে ২৮ আগষ্টত প্ৰকাশ কৰা মানচিত্ৰখনত অৰুণাচল প্ৰদেশক দেখুওৱা হৈছে, যাক চীনে দক্ষিণ তিব্বত বুলি দাবী কৰে । আনহাতে, ১৯৬২ চনৰ যুদ্ধত ইয়াৰ ভূখণ্ডৰ অংশ হিচাপে আকচাই চীন দখল কৰা বুলি কোৱা হৈছে । টাইৱান আৰু বিতৰ্কিত দক্ষিণ চীন সাগৰকো নতুন মানচিত্ৰত চীনা ভূখণ্ডৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে ।

Aruncahal Pradesh Inclusion Row
Aruncahal Pradesh Inclusion Row
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 2:26 PM IST

নিউজ ডেস্ক, ২৯ আগষ্ট : চীনে আনুষ্ঠানিকভাৱে ইয়াৰ 'মানক মানচিত্ৰ'ৰ শেহতীয়া সংস্কৰণ মুকলি কৰিছে । উক্ত মানচিত্ৰত অৰুণাচল প্ৰদেশ আৰু আকচাই চীন অঞ্চলক ইয়াৰ ভূখণ্ডৰ অংশ হিচাপে দেখুওৱা হৈছে । এই বিষয়ত শিৱসেনাৰ (উদ্ধৱ থাকৰে) সাংসদ সঞ্জয় ৰাউতে মঙলবাৰে কয় যে লাডাখত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দাবী সঁচা আৰু যদি কেন্দ্ৰীয় চৰকাৰৰ সাহস আছে তেন্তে দক্ষিণ-পূব এছিয়াৰ দেশখনত ছাৰ্জিকেল ষ্ট্ৰাইক কৰা উচিত । এক সংবাদমেলত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ৰাউতে কয় যে চীনে লাডাখৰ পাংগং উপত্যকাত প্ৰৱেশ কৰিছে বুলি ৰাহুল গান্ধীয়ে কৰা দাবী সঁচা ।

"আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰে আৰু চি জিনপিঙক শুভেচ্ছা জনায় । তাৰ পিছতে চীনৰ মানচিত্ৰ প্ৰকাশ পাইছে । ৰাহুল গান্ধীৰ দাবী সঁচা যে চীনে লাডাখৰ পাংগং উপত্যকাত প্ৰৱেশ কৰিছে । চীনে অৰুণাচলত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে । যদি আপোনাৰ (কেন্দ্ৰীয় চৰকাৰৰ) সাহস আছে তেন্তে চীনৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰক ।" শিৱসেনাৰ (উদ্ধৱ থাকৰে) নেতাজনে কয় ।

উল্লেখ্য যে চীনে ২৮ আগষ্টত মুকলি কৰা মানচিত্ৰখনত অৰুণাচল প্ৰদেশক দেখুওৱা হৈছে, যাক চীনে দক্ষিণ তিব্বত বুলি দাবী কৰিছে । আনহাতে, ১৯৬২ চনৰ যুদ্ধত ইয়াৰ ভূখণ্ডৰ অংশ হিচাপে আকচাই চীন দখল কৰাৰ কথা কৈছে । টাইৱান আৰু বিতৰ্কিত দক্ষিণ চীন সাগৰকো নতুন মানচিত্ৰত চীনা ভূখণ্ডৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে । মানচিত্ৰখনত নাইন-ডেছ লাইনৰ ওপৰত চীনৰ দাবীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে আৰু এনেদৰে দক্ষিণ চীন সাগৰৰ এক বৃহৎ অংশও দাবী কৰা হৈছে ।

চীনৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ে সোমবাৰে জৰীপ আৰু মেপিং প্ৰচাৰ দিৱস আৰু ৰাষ্ট্ৰীয় মেপিং সজাগতা প্ৰচাৰ সপ্তাহ উদযাপনৰ সময়ত ঝেজিয়াং প্ৰদেশৰ ডেকিং কাউণ্টিত এই মানচিত্ৰ মুকলি কৰে । চীনৰ দৈনিক বাতৰিকাকত এই কথা প্ৰকাশ । উল্লেখ্য যে শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চি জিনপিঙে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত সাক্ষাৎ কৰে ।

আনহাতে, বৈদেশিক সচিব বিনয় কোৱাট্ৰাই চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙৰ সৈতে হোৱা বাৰ্তালাপত কয়, প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-চীন সীমান্ত অঞ্চলৰ পশ্চিম খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত অমীমাংসিত বিষয়ত ভাৰতৰ উদ্বেগৰ ওপৰত আলোকপাত কৰে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-চীন সম্পৰ্ক স্বাভাৱিক হোৱাৰ বাবে সীমান্ত অঞ্চলত শান্তি-শৃংখলা বজাই ৰখা আৰু এলএচিক পৰ্যবেক্ষণ আৰু সন্মান কৰাটো অপৰিহাৰ্য । এই সন্দৰ্ভত দুয়োজন নেতাই তেওঁলোকৰ সংশ্লিষ্ট বিষয়াসকলক তেওঁলোকৰ মাজত থকা দূৰত্ব হ্ৰাসৰ প্ৰচেষ্টা তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিবলৈ সন্মত হৈছে ।" কোৱাট্ৰাই কয় ।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে লাডাখ ভ্ৰমণৰ সময়ত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কেন্দ্ৰক আক্ৰমণ কৰি কয় যে চীনৰ পিপ'লছ লিবাৰেচন আৰ্মীৰ (পিএলএ) সৈন্যই এক ইঞ্চিও ভাৰতীয় ভূমি গ্ৰহণ কৰা নাই বুলি কৰা দাবী 'সঁচা নহয়' ।

কংগ্ৰেছৰ সাংসদজনে দাবী কৰে যে স্থানীয় লোকসকলেও দাবী কৰিছে যে ভাৰতীয় ভূখণ্ডত চীনা সৈন্যৰ অনুপ্ৰৱেশ হৈছিল আৰু ভূমিখণ্ড নিজৰ অধীনলৈ লৈ গৈছিল । লগতে কয় যে এইটো চিন্তাৰ বিষয় ।

"চীনে আমাৰ ভূমি কাঢ়ি লোৱাৰ বিষয়ত ইয়াৰে স্থানীয় লোকসকল চিন্তিত । তেওঁলোকে কৈছে যে চীনা সৈন্যই তেওঁলোকৰ চৰণীয়া ভূমি কাঢ়ি লৈছে । অৱশ্যে প্ৰধানমন্ত্ৰীয়ে কয় যে এক ইঞ্চিও মাটি কাঢ়ি লোৱা হোৱা নাছিল । এইটো সঁচা নহয়, আপুনি ইয়াত যিকোনো লোকক সুধিব পাৰে ।" ৰাহুল গান্ধীয়ে কৈছিল ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰত NSCN কেডাৰসহ ৪ উগ্ৰপন্থী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.