ETV Bharat / bharat

কিমিন (Kimin) অসমত নে অৰুনাচলত ? প্ৰতিবাদত মুখৰ অৰুণাচল

author img

By

Published : Jun 22, 2021, 10:31 PM IST

Updated : Jun 23, 2021, 3:11 PM IST

অৰুণাচল প্ৰদেশত ১৭ টা পথ প্ৰকল্প উদ্বোধন কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুনাচল প্ৰদেশ ভ্ৰমণ কৰাৰ সময়ত বিআৰঅ'ই অৰুণাচল প্ৰদেশৰ কিমিনক অসমৰ অংশ হিচাপে দেখুওৱাকলৈ শেহতীয়াকৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

arunachal-protests-as-bro-depicts-kimin-in-assam-not-in-the-frontier-state
কিমিনক অসমৰ অংশ হিচাপে দেখুওৱাকলৈ অৰুনাচল প্ৰদেশত ব্যাপক প্ৰতিক্ৰিয়া

নেছনেল ডেস্ক , 22 জুন : কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশত ১৭ টা পথ প্ৰকল্প উদ্বোধন কৰাৰ কেইদিনমান পিছতে, বিআৰঅ'(Border Roads Organisation)ই অৰুণাচল প্ৰদেশৰ কিমিনক অসমৰ অংশ হিচাপে দেখুওৱা পদক্ষেপক লৈ ৰাজ্যখনৰ জনসাধাৰণ ক্ষোভিত হৈ পৰিছে ।

সীমান্তৱৰ্তী ৰাজ্যখনৰ কেইবাটাও নাগৰিক সমাজ সংগঠনে এতিয়া এই পদক্ষেপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি সুধিছে যে, ভাৰত চৰকাৰে অৰুণাচল প্ৰদেশক বিতৰ্কিত অঞ্চল(disputed area) বুলি স্বীকাৰ কৰিছে নে তেওঁলোকে চীনলৈ ভয় কৰে ? উল্লেখ্য যে, ১৭ জুনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Central defense minister Rajnath Singh) অৰুণাচল প্ৰদেশৰ কিমিন ভ্ৰমণ কৰি ২০ কিলোমিটাৰ দীঘল কিমিন-পটিন পথকে ধৰি ১৭ টা পথ উদ্বোধন কৰে ।

এই সময়চোৱাত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু(Central minister Kiren Rijiju), অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল । অৱশ্যে, অনুষ্ঠানটো আয়োজন কৰা বিআৰঅ'(BRO)য়ে অনুষ্ঠানস্থলীত লগোৱা সকলো ছাইনবোৰ্ড আৰু বেনাৰত কিমিনক অসমৰ অংশ হিচাপে উল্লেখ কৰিছিল । ইয়াৰ লগতে দেখা গৈছিল যে, অৰুণাচল প্ৰদেশৰ কথা উল্লেখ কৰা ছাইনবোৰ্ড আৰু বেনাৰবোৰ পিছত বগা ৰঙেৰে ঢাকি দিয়া হৈছিল ।

যদিও বিষয়টোক লৈ বিআৰঅ’ই মুখ খোলা নাই, তথাপিও জানিব পৰা গৈছে যে, তেওঁলোকে সীমান্তৱৰ্তী ৰাজ্যখনত কৌশলগতভাৱে সীমান্ত প্ৰকল্পৰ ওপৰত চীনৰ আপত্তিৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰীৰ সীমান্ত ৰাজ্য ভ্ৰমণকলৈ চীনৰ আপত্তি দূৰ কৰিবলৈ এই পন্থা হাতত লৈছে ৷ উল্লেখ্য যে, বিগত বৰ্ষত চীনে অৰুণাচল প্ৰদেশৰ টাৱাং খণ্ডত ৰাজনাথ সিঙৰ ভ্ৰমণক লৈ তীব্ৰ আপত্তি দৰ্শাইছিল, কিয়নো চুবুৰীয়া দেশখনে প্ৰায়ে এই অঞ্চলটোক দক্ষিণ তিব্বতৰ অংশ বুলি দাবী কৰে ।

নাম প্ৰকাশত অনিচ্ছুক এজন বিআৰঅ' বিষয়াই জনায় যে, তেওঁলোকে ভুল তথ্য প্ৰদান কৰা নাই ৷ কিন্তু যি কৰা হৈছিল সেয়া সম্পূৰ্ণ কৌশলগত কাৰণত সৰ্বোচ্চ স্তৰত আলোচনা কৰাৰ অন্তত লোৱা সিদ্ধান্ত মৰ্মেহে কৰা হৈছিল ৷

অল অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ ইউনিয়ন (All Aunachal Pradesh Students’ Union), নাইচি ছাত্ৰ সংগঠন, আদি বানে কেবাঙৰ দৰে সংগঠনে পাপুম্পাৰে জিলাৰ অৰুণাচল প্ৰদেশৰ অন্যতম পুৰণি প্ৰশাসনিক মুখ্য কাৰ্যালয় কিমিনক অসমৰ অংশ বুলি অভিহিত কৰা বিআৰঅ'ৰ কাৰ্যৰ ওপৰত তীব্ৰ আপত্তি উত্থাপন কৰিছে । সোমবাৰে কেইবাটাও ছাত্ৰ সংগঠনে সীমান্ত ৰাজ্যখনৰ বিআৰঅ'ৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বিআৰঅ'ৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

"অৰুণাচল প্ৰদেশত ১১ টা নতুন আৰু পুৰণি বহল পথ উদ্বোধনৰ সময়ত বিআৰঅ'ৰ দ্বাৰা কিমিনক অসম বুলি উল্লেখ কৰি এটা গুৰুতৰ ভুল কৰা হৈছিল । অনুষ্ঠানটোৰ পিছত বিষয়টো মোৰ দৃষ্টিগোচৰ হৈছিল (বগা পেষ্টেৰে আৱৰি থকা নামবোৰ) আৰু মই তৎক্ষণাৎ বিআৰঅ'ক এই ভুলৰ তৎকালীন সংশোধনৰ বাবে জনাইছো যিটো প্ৰতিৰক্ষা মন্ত্ৰী আৰু অৰুণাচল চৰকাৰৰ অজ্ঞাতে সংঘটিত হৈছিল । বিআৰঅ' কৰ্মচাৰীসকলে ত্ৰুটি সংশোধন কৰিবলৈ স্থানীয় প্ৰশাসনক লগ কৰিব । আমি শক্তিশালী মনৰ জনতা আৰু এই ডাঙৰ ভুলবোৰে আমাৰ আঞ্চলিক স্থিতিৰ এক ইঞ্চিও প্ৰভাৱিত নকৰে । অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুজী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাজীয়েও যিকোনো স্থানীয় ভূমি বিবাদ পৰিহাৰ কৰিবলৈ উন্নত সমন্বয়ৰ বাবে শীঘ্ৰেই বৈঠকত মিলিত হ'ব। আমি ভগ্নী ৰাজ্য আৰু আমি শান্তিপূৰ্ণভাৱে একেলগে থাকিব লাগিব," কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইটযোগে এই মন্তব্য কৰে।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি কয় যে, তেওঁ স্থানীয় প্ৰশাসনক এই ঘটনাৰ আঁৰৰ কাৰণবিলাক বিচাৰি উলিয়াবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : ক'ভিডত ক্ষতিগ্ৰস্ত সৰ্বসাধাৰণ জনতা: ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন

Last Updated : Jun 23, 2021, 3:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.