ETV Bharat / bharat

Article 370 in JK : অনুচ্ছেদ ৩৭০ জম্মু-কাশ্মীৰৰ উন্নয়নৰ বাবে আছিল মূল বাধা: কেন্দ্ৰীয় মন্ত্ৰী আঠৱালে - Union Budget 2023

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেৰ মতে জম্মু-কাশ্মীৰৰ প্ৰতিটো দিশৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ । বিশেষকৈ সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছত চৰকাৰে উন্নয়নত অধিক গুৰুত্ব দিছে (MoS Athawale on article 370)। কেন্দ্ৰীয় বাজেটক প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে ।

Article 370 in JK
অনুচ্ছেদ ৩৭০ জম্মু-কাশ্মীৰৰ উন্নয়নৰ বাবে আছিল মূল বাধা
author img

By

Published : Mar 25, 2023, 12:39 PM IST

নেশ্যনেল ডেস্ক, ২৫ মাৰ্চ : অনুচ্ছেদ ৩৭০ জম্মু-কাশ্মীৰৰ উন্নয়নত মূল বাধা আছিল । অনুচ্ছেদ ৩৭০ বাতিলৰ পাছত এতিয়া জম্মু-কাশ্মীৰ অঞ্চলৰ বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ কেন্দ্ৰীয় চৰকাৰ । এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেৰ । শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জম্মু-কাশ্মীৰৰ উন্নয়নত বাধা হৈ থকা অনুচ্ছেদ ৩৭০ আৰু ৩৫ এ জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰত্যাহাৰ কৰা হৈছিল (MoS Athawale on article 370)।

আনহাতে শেহতীয়াকৈ উত্থাপন কৰা কেন্দ্ৰীয় বাজেট সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আত্মনিৰ্ভৰ ভাৰতৰ বাজেট (Union Budget 2023)। মন্ত্ৰীগৰাকীয়ে কয় যে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত সমাজ কল্যাণ বিভাগৰ বাবে ১০.১৮ শতাংশ বৃদ্ধি হৈছে (Minister Ramdas Athawale)।

অহা তিনি বছৰত কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৪০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ বাবে ৩৮,৮৮০ গৰাকী শিক্ষক আৰু সহায়ক কৰ্মচাৰী নিয়োগ কৰা হ'ব বুলিও তেওঁ কয় । তেওঁ উল্লেখ কৰা মতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত ৰে'লৱেক ২.৪ লাখ কোটি টকা আৱণ্টন কৰা হৈছে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জম্মু-কাশ্মীৰত উন্নয়ন, শান্তি আৰু সমৃদ্ধি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ যিটো এই কথাৰ পৰা স্পষ্ট যে প্ৰধানমন্ত্ৰী আৱাস যোজনা, জন ধন যোজনা, মুদ্ৰা, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, শিক্ষাৰ্থীসকলৰ বাবে বৃত্তি আঁচনি, অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে কল্যাণ আঁচনি আদি এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়ণ কৰা হৈছে (MoS Athawale praises Modi)।

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত, ২০১৬-২০২২ বৰ্ষৰ ভিতৰত জম্মু-কাশ্মীৰৰ হিতাধিকাৰীসকলক মুঠ ১২,৪৫,০০০ গেছ সংযোগ আৱণ্টন দিয়া হৈছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (নগৰ) অধীনত ২০১৫-২০২৩ বৰ্ষৰ ভিতৰত মুঠ ২০,৭০০ টা ঘৰ নিৰ্মাণ কৰা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰী আঠৱালে কয় । মুঠতে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত জম্মু-কাশ্মীৰৰ জনসাধাৰণক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই ধৰণৰ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Rahul Gandhi to Address Press : অযোগ্য ঘোষণাৰ পিছত প্ৰথমবাৰ, সংবাদ মাধ্যমক সম্বোধন কৰিব ৰাহুল গান্ধীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.