ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰত ৰাজনৈতিক হত্যাকাণ্ডৰ পৰিকল্পনা ! - জম্মু আৰু কাশ্মীৰত হত্যাকাণ্ডৰ পৰিকল্পনা

এক চাঞ্চল্যকৰ ৰাজনৈতিক হত্যাকাণ্ড সংঘটিত কৰা পৰিকল্পনা আছিল অতি সম্প্ৰতি জম্মু আৰু কাশ্মীৰত গ্ৰেপ্তাৰ হোৱা এজন সন্ত্ৰাসবাদীৰ ৷ সেনাই সদৰী কৰিছে এই কথা ৷ সেনা আৰু আৰক্ষীৰ এক যুটীয়া অভিযানত গ্ৰেপ্তাৰ হৈছিল ফিৰদৌচ আহমেদ নাটনো নামৰ সন্ত্ৰাসবাদীজন ৷

Arrested terrorist was planning to execute political killings in J&K's Doda: Army
জম্মু আৰু কাশ্মীৰত হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীয়ে : সেনা
author img

By

Published : Mar 15, 2021, 11:39 AM IST

নেচনেল ডেস্ক, 15 মাৰ্চ: শেহতীয়াকৈ অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ সৈতে গ্ৰেপ্তাৰ হোৱা এজন সন্ত্ৰাসবাদীয়ে জম্মু আৰু কাশ্মীৰৰ ডোদা জিলাত এক চাঞ্চল্যকৰ ৰাজনৈতিক হত্যাকাণ্ড সংঘটিত কৰাৰ পৰিকল্পনা কৰা বুলি সেনাই সদৰী কৰিছে ৷ দেওবাৰে এই তথ্য সদৰী কৰি সেনাই কয় যে, সেনা, আৰক্ষী আৰু পেৰামিলিটেৰি বাহিনীয়ে এক যুটীয়া অভিযান চলাই ফিৰদৌচ আহমেদ নাটনো এজন সন্ত্ৰাসবাদীক শুকুৰবাৰে ডোদা জিলাৰ বেখৰিয়ান অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ৷

সেনাই সন্ত্ৰাসবাদী জনৰ পৰা তিনিটা চাইনীজ পিষ্টলৰ লগতে পাঁচটা মেগজিন, 15 জাঁই গুলী আৰু এটা চাইলেন্সাৰ পাইপ জব্দ কৰে ৷ জম্মুৰ সেনাৰ জনসম্পৰ্কৰক্ষী বিষয়া লেফটেনেন্ট কৰ্নেল দেভেন্দৰ আনন্দে জানিবলৈ দিয়া মতে নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত তেঁওলোক নাটনোৰ হত্যাকাণ্ডৰ পৰিকল্পনাৰ বিষয়ে অৱগত হয় ৷

বিগত দুমাহ ধৰি নাটনো আৰু তেঁওৰ সহযোগী সকলক নিৰাপত্তাৰক্ষীয়ে ট্ৰেক কৰি আছিল বুলি জানিবলৈ দি আনন্দে কয় যে, জিলাখনত সন্ত্ৰাসবাদীৰ পদচিহ্ন পুনৰুজ্জীৱিত কৰা কাৰ্যত জড়িত হৈ আছিল ৷ অভিযুক্ত নাটনো নিয়োগ প্ৰক্ৰিয়া, অস্ত্ৰ আৰু গুলি-বাৰুদ ক্ৰয় তথা পুঁজি সংগ্ৰহত জড়িত আছিল বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

নাটনো সন্দৰ্ভত নিৰ্ভৰযোগ্য তথ্য লাভ কৰাৰ পাছতে সেনা আৰু আৰক্ষীয়ে বেখৰিয়ান, উধিয়ানপুৰ আৰু নাগ্ৰি আদি অঞ্চলত অভিযান চলায় ৷ অৱশেষত পলাবলৈ চেষ্টা কৰাৰ সময়তে অস্ত্ৰ-শস্ত্ৰৰ উপৰিও বহু আপত্তিজনক সামগ্ৰীৰ সৈতে নাটনোক কৰায়ত্ব কৰাত সেনাই সফলতা লাভ কৰে ৷

লগতে পঢ়ক: কাশ্মীৰত তুষাৰপাতৰ ফলত আৱদ্ধ পৰ্যটকক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.