ETV Bharat / bharat

আৰক্ষীৰ জেৰাত ভয়ংকৰ তথ্য প্ৰকাশ সন্দেহযুক্ত পাক সন্ত্ৰাসবাদী আশ্বৰফৰ - দিল্লীত সন্দেহযুক্ত পাকিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ বাতৰি

আৰক্ষীৰ জেৰাত ভাৰতত সংঘটিত বিভিন্ন কূটাঘাতমূলক কাৰ্য-কলাপ সন্দৰ্ভত ভয়ংকৰ তথ্য সদৰী কৰিছে সন্দেহযুক্ত পাকিস্তানী সন্ত্ৰাসবাদী আশ্বৰফে ৷ সম্প্ৰতি আশ্বৰফক দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত ৰাখি জেৰা চলাই থকা হৈছে ৷

arrested suspected terrorist Ashraf makes big revelation in police interrogation
আৰক্ষীৰ জেৰাত ভয়ংকৰ তথ্য সদৰি সন্দেহযুক্ত পাক্ সন্ত্ৰাসবাদী আশ্বৰফৰ
author img

By

Published : Oct 13, 2021, 1:15 PM IST

নেশ্যনেল ডেস্ক, 13 অক্টোবৰ : দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত পাক সন্ত্ৰাসবাদী আশ্বৰফে আৰক্ষীক কেইবাটাও গুৰুত্বপূৰ্ণ কথা জানিবলৈ দিছে ৷ আৰক্ষীৰ জেৰাত আশ্বৰফে কৈছে যে, 2011 চনৰ উচ্চ ন্যায়ালয়ৰ বিস্ফোৰণৰ সময়ত তেওঁ সন্ত্ৰাসবাদী কেইটাৰ সৈতে আছিল ৷ দিল্লী উচ্চ ন্যায়ালয়ৰ বাহিৰত ‘ৰেকি’ কৰাৰ দায়িত্ব সন্ত্ৰাসবাদীকেইটাই আশ্বৰফক দিছিল ৷

ৰেকি সম্পন্ন কৰাৰ পিছতে আশ্বৰফে সকলো ইনপুট তেওঁলোকৰ হাতত জমা দিয়ে আৰু ইয়াৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ত বিস্ফোৰণ সংঘটিত কৰা হৈছিল ৷ আৰক্ষীয়ে এই বিস্ফোৰণ সন্দৰ্ভত অন্য তথ্য সন্দৰ্ভতো আশ্বৰফক সোধ-পোছ কৰি আছে ৷ জানিব পৰা অনুসৰি, বিশেষ শাখাৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা আশ্বৰফক মঙলবাৰে আদালতত হাজিৰ কৰোৱাৰ পিছত 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ লোৱা হৈছে ৷

আশ্বৰফক সোধী কলনীস্থিত বিশেষ শাখাৰ কাৰ্যালয়ত ৰখা হৈছে ৷ সোধ-পোছৰ সময়তেই আশ্বৰফে কয় যে, তেওঁ উচ্চ ন্যায়ালয়ৰ বিস্ফোৰণৰ সৈতে জড়িত নাছিল ৷ তেওঁ কেৱল ৰেকি কৰি ন্যায়ালয়ৰ বাহিৰৰ পৰিস্থিতি সন্ত্ৰাসবাদী কেইজনক জনাইছিল ৷ এই সমগ্ৰ ঘটনা সংঘটিত কৰাৰ বাবে আন এটা দল আহিছিল ৷

লগতে পঢ়ক : ৰাজধানী দিল্লীত পাকিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

আনহাতে, জেৰাৰ সময়তে আশ্বৰফে কয়, বিহাৰত থকা সময়তেই তেওঁ তাৰ গাঁওবুঢ়াৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছিল ৷ সেই গাঁওবুঢ়াগৰাকীয়ে তেওঁক IED কাৰ্ড বনোৱাৰ ক্ষেত্ৰত সহায় কৰি দিছিল ৷ আৰক্ষীয়ে কয় 2004 চনত আশ্বৰফে পোনপ্ৰথমে পাকিস্তানৰ পৰা বাংলাদেশত প্ৰৱেশ কৰে আৰু তাৰ পৰা পশ্চিমবংগ হৈ ভাৰতত প্ৰৱেশ কৰিছিল ৷

ভাৰতত উপস্থিত হোৱাৰ পিছতেই আশ্বৰফে পোনে পোনে আজমেৰ শ্বৰীফলৈ যায়, য’ত তেওঁৰ সাক্ষাৎ বিহাৰৰ কিছুসংখ্যক লোকৰ সৈতে মিলিত হয় ৷ সেইবাবে তেওঁ কিছু সময় পিছত বিহাৰলৈ গুচি যায় ৷ বিহাৰত থকা সময়তেই তেওঁ এখন গাঁৱত আশ্ৰয় লয় আৰু গাঁৱখনৰ গাঁওবুঢ়াৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে ৷ গাঁওবুঢ়াই যেতিয়া তেওঁক বিশ্বাস কৰিবলৈ লয় তেতিয়া গাঁওবুঢ়াগৰাকীয়ে আশ্বৰফক নিজৰ গাঁৱৰ বাসিন্দা বুলি কৈ ভুৱা পৰিচয় পত্ৰ বনাই দিয়ে ৷

আৰক্ষীয়ে জম্মু-কাশ্মীৰৰ কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতেও আশ্বৰফ জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ইয়াকে লৈ ধাৰাবাহিক জেৰা চলাই আছে আৰক্ষীয়ে ৷ সূত্ৰৰ তথ্য অনুসৰি, বুধবাৰে আশ্বৰফক সোধ-পোছৰ বাবে NIA ৰ লগতে কেইবাটাও সংস্থা বিশেষ শাখাৰ কাৰ্যালয়লৈ আহিব ৷ বিগত প্ৰায় এটা দশকত দেশত সংঘটিত বিভিন্ন বিস্ফোৰণ সন্দৰ্ভত তথ্য উলিয়াবলৈ জেৰা চলোৱা হ’ব ৷ প্ৰাৰম্ভিক জেৰাত এয়াই পোহৰলৈ আহিছে যে, আশ্বৰফে কেৱল সন্ত্ৰাসবাদী কাৰ্যকলাপক বাস্তৱায়িত কৰাই নহয় পাকিস্তানী চোৰাংচোৱা সংস্থা ISI ৰ হৈও কাম কৰিছিল ৷

লগতে পঢ়ক : বৃহস্পতিবাৰে ভাৰত-আমেৰিকাৰ অৰ্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্বৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.