নিউজ ডেস্ক,৭ ফেব্ৰুৱাৰী: জন্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ সফলতা লাভ । লস্কৰ-ঈ-মোস্তাফা চমুকৈ এল ই এম নামৰ এটা সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বীক গ্ৰেপ্তাৰ । জম্মুৰ কুঞ্জৱানী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীজনৰ পৰা দুটা পিষ্টল, গ্ৰেণেড, বহু বিস্ফোৰক সামগ্ৰী আৰু আপত্তিজনক নথি-পত্ৰ জব্দ কৰা হয় । সন্ত্ৰাসবাদীজন হিদাতুল্লাহ মালিক বুলি জানিব পৰা গৈছে । শনিবাৰে জম্মু আৰু অনন্তনাগ আৰক্ষীৰ যুটীয়া অভিযানত শ্বপিয়ান জিলাৰ পৰা গ্ৰেপ্তাৰ হয় এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনক । জইচ ই মহম্মদৰ মুখ্য সংগঠন হৈছে লস্কৰ-ঈ-মোস্তাফা ।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ১৮ জানুৱাৰীত অনন্তনাগত সন্ত্ৰাসবাদী আয়াজ ভাটক গ্ৰেপ্তাৰ কৰাৰ পাচত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা দলে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ তথ্য পোহৰলৈ আহে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই দুই সন্ত্ৰাসবাদী ক্ৰমে পাম্পোৰৰ ৰয়িছ মীৰ আৰু শ্বপিয়ানৰ শকিৰ য়াতোৰ লগতে চাৰি সহযোগীক গ্ৰেপ্তাৰ কৰে ৷
গ্ৰেপ্তাৰ হোৱা এই সন্ত্ৰাসবাদীকেইজনৰ স্বীকাৰোক্তি অনুসৰি, হিদাতুল্লাহ মালিকে জম্মুৰ ভাটিন্দী অঞ্চলত গোপনে বাহৰ পাতিছিল ৷ উল্লেখ্য যে, পুলৱামাৰ বৰ্বৰ আক্ৰমণৰ সৈতেও জড়িত আছিল হিদাতুল্লাহ মালিক । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে ৷ মালিকৰ স্বীকাৰোক্তিৰ ভিত্তিত কেতবোৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে জন্মু-কাশ্মীৰ আৰক্ষীয়ে ।