নেশ্যনেল ডেস্ক, 3 মাৰ্চ : বৃহস্পতিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ (Polling begins in 57 constituencies for sixth phase of UP polls) । ষষ্ঠ পৰ্যায়ত পুৱা 9 বজালৈ 8.69 শতাংশ ভোটদান সম্পন্ন হৈছে ৷ জিলাখনৰ বস্তিত সৰ্বাধিক ৯.৮৮ শতাংশ লোকে আৰু বালিয়াত সৰ্বনিম্ন ৭.৫৭ শতাংশ লোকে ভোটদান সাব্যস্ত কৰিছে ৷
বৃহস্পতিবাৰে ৰাজ্যখনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ গোৰখপুৰ, আম্বেদকাৰ নগৰ, বালিয়া, বলৰামপুৰ, বস্তি, দেওৰিয়া, কুশীনগৰ, মহাৰাজগঞ্জ, সন্ত কবীৰ নগৰ আৰু সিদ্ধাৰ্থ নগৰকে ধৰি ১০ খন জিলাৰ ৫৭ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে । এই সমষ্টিকেইটাত মুঠ 2,14,62,816 জন ভোটাৰে 676 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷
ইফালে পুৱা 7 বজাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱা গোৰখপুৰৰ গোৰখনাথ কন্যা নগৰ ক্ষেত্ৰস্থিত প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে ।
উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ (Uttar Pradesh elections) ষষ্ঠ পৰ্যায়ত নিৰ্বাচনত ৬৭৬ জন প্ৰাৰ্থীৰ বিশিষ্ট প্ৰাৰ্থীৰ তালিকাৰ শীৰ্ষস্থানত আছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ । মুখ্যমন্ত্ৰীয়ে গোৰখপুৰ নগৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । সমষ্টিটোৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ হৈ চেতনা পাণ্ডে, বহুজন সমাজ পাৰ্টীৰ (বি এছ পি) খোৱাজা চামছুদ্দিন, সমাজবাদী পাৰ্টীৰ (এছ পি) সুভাৱতী শুক্লাই প্ৰতিদ্বন্দ্বিতা কৰিছে ৷
ৰাজ্যখনত ৭ মাৰ্চত অনুষ্ঠিত হ'ব অন্তিম পৰ্যায়ৰ ভোটদান ৷ আনহাতে ১০ মাৰ্চত হ'ব ভোটগণনা ।
লগতে পঢ়ক : UP Election 2022 : চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ সময়তে 6 কোটি মূল্যৰ নগদ ধন জব্দ