ETV Bharat / bharat

আমেৰিকাৰ ৰাইফল আৰু পোচাকৰ সৈতে সীমান্তত মোতায়েন স্থলসেনা

author img

By

Published : Nov 5, 2020, 1:01 PM IST

আমেৰিকাৰ পৰা জৰুৰীকালীনভাৱে ক্ৰয় কৰা 90,000 বিশেষ শীতকালীন জেকেট আৰু 70,000 ৰাইফলক ভাৰতীয় সেনাবাহিনীৰ সৈতে সংযোজন কৰা হৈছে ৷ শেহতীয়াকৈ ভাৰতীয় স্থলসেনাই শীতকালীন বিশেষ পোচাক আৰু ছিগ-ছুৱেৰ 716 ৰাইফলৰ সৈতে এগৰাকী জোৱানৰ এখন আলোকচিত্ৰ প্ৰকাশ কৰিছে ৷

আমেৰিকাৰ ৰাইফল আৰু পোচাকৰ সৈতে সীমান্তত মোতায়েন স্থলসেনা
আমেৰিকাৰ ৰাইফল আৰু পোচাকৰ সৈতে সীমান্তত মোতায়েন স্থলসেনা

নিউজ ডেস্ক, 5 নৱেম্বৰ : চীনৰ সৈতে অব্যাহত থকা সীমান্ত সমস্যাৰ মাজতে ভাৰতীয় সেনাই লাভ কৰিলে অত্যধিক শীতৰ বাবে আমেৰিকাই প্ৰদান কৰা বিশেষ শীতকালীন পোচাক আৰু বিশেষ ৰাইফল ৷ স্থলসেনাই ইতিমধ্যে এই বিশেষ পোচাক আৰু ৰাইফলৰ সৈতে এগৰাকী জোৱানৰ এখন আলোকচিত্ৰ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ভাৰতীয় সেনাক শীতকালীন বস্ত্ৰ প্ৰদান কৰিলে আমেৰিকাই

চীনৰ সৈতে থকা সীমাৰ সুৰক্ষাৰ বাবে স্থলসেনাই এই বিশেষ পোচাক আৰু ৰাইফল ব্যৱহাৰ কৰিব ৷ আমেৰিকাৰ সেনাই ব্য়ৱহাৰ কৰা শীতকালীন পোচাক আৰু ছিগ-ছুৱেৰ 716 ৰাইফল জৰুৰীকালীনভাৱে অধিগ্ৰহণ কৰা হৈছিল ৷

স্থলসেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সেনাৰ হাতত 60,000 যোৰা এই পোচাক ব্যৱহৃত হৈ আছে আৰু 30,000 যোৰা অতিৰিক্তভাৱে সংৰক্ষণ কৰি ৰখা হৈছে ৷ ছিয়াচীন আৰু পূৱ লাডাখৰ সৈতে থকা প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সুৰক্ষাৰ দায়িত্বত থকা জোৱানসকলক এই পোচাক প্ৰদান কৰা হৈছে ৷ আনহাতে প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে আমেৰিকাৰ অস্ত্ৰ নিৰ্মাণকাৰী সংস্থা ছিগ-ছুৱেৰৰ পৰা ছিগ-ছুৱেৰ 716 ৰাইফলৰ দ্বিতীয়লানি গোট ইতিমধ্যে লাভ কৰিছে ৷ সৰ্বমুঠ 72,500টা ৰাইফল ভাৰতীয় স্থলসেনাই লাভ কৰিছে ৷ ইয়াৰ পূৰ্বে প্ৰথমলানি গোট প্ৰশিক্ষণৰ বাবে বিগত মাৰ্চ মাহত ভাৰতীয় সেনাই লাভ কৰিছিল ৷

প্ৰশিক্ষণৰ অন্তত এই ৰাইফলত জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদবিৰোধী অভিযানত প্ৰথমবাৰৰ বাবে ব্যৱহৃত হৈছিল ৷ ভাৰতীয় স্থলসেনাই প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ নিৰাপত্তাৰ দায়িত্বত এইবাৰ দুটাকৈ ডিভিজন অতিৰিক্তভাৱে মোতায়েন কৰিছে ৷

লগতে পঢ়ক : কাৰ্গিল 2.0ৰ বাবে সাজু ভাৰতীয় সেনা, বিশেষ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.