ETV Bharat / bharat

পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

author img

By

Published : Dec 30, 2020, 1:07 PM IST

নিৰাপত্তা বাহিনীয়ে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত থকা ডাব্বি গাঁৱৰ পৰা উদ্ধাৰ কৰে বিভিন্ন বিস্ফোৰক সামগ্ৰী ৷ বুধবাৰে অঞ্চলটোত তালাচী অভিযান চলাই মাটিত পুতি ৰখা অৱস্থাত কেইবা জাঁই সজীৱ গুলী, পিষ্টল আৰু গ্ৰেণেড উদ্ধাৰ কৰে ৷

Arms, ammo, grenades recovered from LoC village of Mendhar
পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

নেশ্যনেল ডেস্ক, 30 ডিচেম্বৰ: বুধবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত থকা ডাব্বি গাঁৱত নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰে বিভিন্ন বিস্ফোৰক সামগ্ৰী ৷ উগ্ৰপন্থীয়ে গোপন স্থানত লুকুৱাই ৰখা অৱস্থাত সামগ্ৰী খিনি উদ্ধাৰ কৰে ৷ দেওবাৰে সেই স্থানৰ পৰা নিৰাপত্তা বাহিনীয়ে আটক কৰিছিল তিনিজনকৈ উগ্ৰপন্থীক ৷ পাকিস্তানী তিনি উগ্ৰপন্থীৰ স্বীকাৰৰ ভিত্তিতে বুধবাৰে অঞ্চলটোত তালাচী অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে ৷

পুঞ্চ জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক ৰমেশ আংৰালে জনোৱা মতে, আটক কৰা উগ্ৰপন্থী য়াছীন খানৰ স্বীকাৰৰ ভিত্তিতে শাখা আৰক্ষী অধীক্ষক মেন্ধৰ জাহিৰ জাফ্ৰিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডব্বি অঞ্চলত অভিযান আৰম্ভ কৰে আৰু পলিথিনৰ বেগৰ ভিতৰত মাটিত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰে কেইবা জাঁই সজীৱ গুলী, পিষ্টল আৰু গ্ৰেণেড ৷ অভিযান কালত দুটা পিষ্টল, সত্তৰ জাঁই সজীৱ গুলী আৰু দুটা গ্ৰেণেড উদ্ধাৰ কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷ লগতে কয় যে উগ্ৰপন্থী কেইজনে পুঞ্চ জিলাৰ ধৰ্মীয় স্থানসমূহক লক্ষ্য কৰি আক্ৰমণৰ উদ্দেশ্যেৰে এই বিস্ফোৰক সামগ্ৰীখিনি মাটিত পুতি ৰখিছিল ৷

লগতে পঢ়ক: জম্মু কাশ্মীৰত চিআৰপিএফৰ অভিযানত আঘাতপ্ৰাপ্ত কনিষ্টবল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.