ETV Bharat / bharat

Pawan Khera interim bail extended: পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি

কংগ্ৰেছ নেতা পৱন খেৰাক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে ৷ 17 মাৰ্চত হ’ব পৰৱৰ্তী শুনানি ৷ অসম আৰক্ষীয়ে দিল্লী আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছিল খেৰাক (Pawan Khera update news) ৷

author img

By

Published : Mar 3, 2023, 10:50 PM IST

Pawan Khera update news
Pawan Khera interim bail extended

নিউজ ডেস্ক, 3 মাৰ্চ: উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কংগ্ৰেছ নেতা পৱন খেৰাক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ ১৭ মাৰ্চলৈ বৃদ্ধি কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ সৈতে সম্পৰ্কিত এটা গোচৰত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছিল খেৰাক ৷ অসম আৰক্ষীয়ে ঘটনাটোৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰত খেৰাক গ্ৰেপ্তাৰ কৰিছিল (Pawan Khera interim bail extended) ৷

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু জে বি পাৰ্দিৱালাৰ তিনিজনীয়া বিচাৰপীঠে শুনানি ১৭ মাৰ্চলৈ স্থগিত ৰাখে কিয়নো ইয়াৰ ম্যাদ আজি শেষ হৈছিল ৷ বিচাৰপীঠে এইটোও আঙুলিয়াই দিয়ে যে উত্তৰ প্ৰদেশ আৰু অসমৰ উত্তৰবোৰ ৰেকৰ্ডত নাছিল আৰু হোলীৰ বন্ধৰ পিচত আবেদনৰ শুনানি লোৱা হ’ব (Apex Court Extends Interim bail To Pawan Khera) ৷

অসম চৰকাৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বিচাৰপীঠক কয় যে, ৰাজ্যখনে খেৰাৰ আবেদনৰ উত্তৰ দাখিল কৰিছে আৰু যেতিয়াই আদালতে শুনানিৰ বাবে উপযুক্ত বুলি ভাবে তেতিয়াই গোচৰটো সন্দৰ্ভত তৰ্ক কৰিব বিচাৰে ৷ আদালতে স্পষ্ট কৰি দিয়ে যে খেৰাক প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ ১৭ মাৰ্চলৈ বৃদ্ধি কৰা হ'ব তাৰ পিচত এই বিষয়টো শুনানি গ্ৰহণ কৰা হ’ব (Pawan Khera arrested) ৷

লগতে পঢ়ক: Pawan khera got interim bail: কংগ্ৰেছ নেতা পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

ইয়াৰ পূৰ্বে, ২৭ ফেব্ৰুৱাৰীত, আদালতে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক শুকুৰবাৰৰ লৈকে সুৰক্ষা প্ৰদান কৰিছিল ৷ ১৭ ফেব্ৰুৱাৰীত মুম্বাইত এখন সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা মন্তব্যৰ সন্দৰ্ভত খেৰাক এখন বিমানত উঠাৰ পৰা ৰখাই দিল্লী বিমানবন্দৰতে গ্ৰেপ্তাৰ কৰা হৈছিল ৷ মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠে দিনটোৰ আৰম্ভণিতে এক জৰুৰী শুনানিৰ সময়ত তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ পিচত কংগ্ৰেছ নেতাজনে ২৩ ফেব্ৰুৱাৰীত এখন দণ্ডাধীশ আদালতৰ পৰা জামিন লাভ কৰিছিল (SC grants interim bail to Pawan Khera) ৷

"আৱেদনকাৰী খেৰাক অধিকাৰ ক্ষেত্ৰআদালতৰ সন্মুখত নিয়মীয়া জামিনৰ বাবে আবেদন কৰিবলৈ সক্ষম কৰাৰ বাবে, এজাহাৰসমূহ এটা অধিকাৰ ক্ষেত্ৰলৈ স্থানান্তৰ কৰাৰ পিচত, আমি নিৰ্দেশ দিওঁ যে আবেদনকাৰীক দিল্লীৰ সক্ষম দণ্ডাধীশৰ আদালতে অন্তৱৰ্তীকালীন জামিনত মুকলি কৰিব ৷ য'ত তেওঁক আজি সন্ধিয়া হাজিৰ কৰা হ'ব ৷" শীৰ্ষ ন্যায়ালয়ে কয় ৷

ওপৰোক্ত আদেশটো ২৮ ফেব্ৰুৱাৰীলৈকে কাৰ্যকৰী হৈ থাকিব বুলি কোৱা হৈছিল৷ ২৭ ফেব্ৰুৱাৰীত বিষয়টো শুনানিৰ বাবে তালিকাভুক্ত কৰা শীৰ্ষ ন্যায়ালয়ে অসম আৰু উত্তৰ প্ৰদেশলৈ জাননী জাৰি কৰিছিল ৷ অসম, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰু বাৰাণসী চহৰত তেওঁৰ বিৰুদ্ধে দাখিল কৰা তিনিখন পৃথক এজাহাৰ স্থানান্তৰ আৰু একত্ৰিত কৰাৰ বাবে খেৰাৰ আবেদনৰ প্ৰতি তেওঁলোকৰ সঁহাৰি বিচাৰিছিল (Pawan Khera comment on PM Modi) ৷

এই নিৰ্দেশ দিয়াৰ পিচত, মুখ্য ন্যায়াধীশে স্পষ্টভাৱে কংগ্ৰেছ নেতাজনৰ মন্তব্যৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷ মুখ্য ন্যায়াধীশে কয়, "আমি আপোনাক সুৰক্ষা দিছো, কিন্তু কিছু স্তৰৰ আলোচনা হ'ব লাগিব ৷" খেৰাৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা এ এম সিংভিয়ে কৈছিল যে, তেওঁলোকৰ মৌখিক শব্দবোৰ এজাহাৰত প্ৰতিফলিত হোৱাৰ দৰে, আৱেদন কৰা ধাৰাবোৰৰ অধীনত শাস্তিযোগ্য কোনো অপৰাধ প্ৰতিষ্ঠা নকৰে ৷

লগতে পঢ়ক: Congress Pawan Khera on Modi : প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ গৌতমদাস মোদী আখ্যা কংগ্ৰেছ নেতা পৱন খেৰাৰ

অসমৰ হৈ উপস্থিত থকা অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটিয়ে আদালতত আপত্তিজনক ভিডিঅ' বজাইছিল আৰু দাবী কৰিছিল যে মোদীসন্দৰ্ভত খেৰাৰ বক্তব্য "এজন সাংবিধানিক কৰ্মকৰ্তাক অৱমাননা কৰাৰ ইচ্ছাকৃত প্ৰয়াস"৷ সিংভিয়ে অৱশ্যে শীৰ্ষ আদালতক এইটোও কৈছিল যে, খেৰাই ইতিমধ্যে তেওঁৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে আৰু গোচৰবোৰত তেওঁৰ বিৰুদ্ধে আৰোপ কৰা অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন নাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.